--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু যুৱক-যুৱতীয়ে মডেলিং জগতৰ প্ৰতি আকৰ্ষিত হৈ এই ক্ষেত্ৰখনত খোজ পেলায়। কিছুমান সফল হয় আৰু কিছুমানে হতাশ হৈ আত্মহত্যাৰ পথ বাচি লয়। সময়ে সময়ে মডেলে আত্মহত্যা কৰা বহু ঘটনা পোহৰলৈ আহি থাকে।  এই মায়াৰ পৃথিৱীয়ে বহুতৰ সপোনক ভাঙি পেলায়। সঁচাকৈয়ে এই গ্লেমাৰ জগতখনত হাঁহিমুখীয়া মুখ এখনৰ আঁৰৰ বেদনা বুজি পোৱাটো কঠিন। শেহতীয়াকৈ পুনৰ এগৰাকী মডেলে কৰিলে আত্মহত্যা। মুম্বাইত বাস কৰা এগৰাকী মডেলগৰাকীয়ে এখন ছুইচাইড নোটো লিখি থৈ গৈছে। 

মুম্বাইৰ আন্ধেৰী অঞ্চলৰ চৰ বাংলো হোটেলত চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিছিল ৩০ বছৰীয়া মডেলগৰাকীয়ে। আচলতে মডেলগৰাকী ইয়ালৈ আহিছিল হোটেলৰ কোঠা এটা ভাড়াত লৈ থাকিবৰ বাবে। মডেলগৰাকীৰ নাম আকাংক্ষা মোহন বুলি জানিব পৰা গৈছে। 

মুম্বাই আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি বুধবাৰে দিনৰ প্ৰায় ১ বজাত মডেলগৰাকীয়ে হোটেলত চেক-ইন কৰি ৰাতিৰ আহাৰ গ্ৰহণৰ অৰ্ডাৰ দিছিল। বৃহস্পতিবাৰে পুৱা হোটেলৰ ওৱেটাৰে ৰুমৰ ঘণ্টা বজাই থকাৰ সময়তে মডেলগৰাকীৰ আত্মহত্যাৰ খবৰটো পোহৰলৈ আহিছিল। ওৱেটাৰজনে কেইবাবাৰো মতাৰ পাছতো আকাংক্ষাই ৰুমৰ দুৱাৰখন নোখোলাত তেওঁ হোটেলৰ মেনেজাৰক খবৰ দিয়ে। 

মেনেজাৰে খৰখেদাকৈ আৰক্ষীক ফোন কৰি এই বিষয়ে অৱগত কৰে, তাৰ পিছত আৰক্ষীয়ে হোটেলত উপস্থিত হৈ মাষ্টাৰ চাবিটো লৈ কোঠাটো খুলি আকাংক্ষাক ফেনত ওলমি থকা অৱস্থাত পায়।
আকাংক্ষাই ছুইচাইড নোটত লিখিছিল ''ক্ষমা কৰিব, ইয়াৰ বাবে কোনো দায়ী নহয়। কাকো অশান্তি নকৰিব। মই সুখী নহয়, মাত্ৰ মই শান্তি বিচাৰোঁ।''

আৰক্ষীয়ে এডিআৰৰ অধীনত গোচৰ ৰুজু কৰি মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা