--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু যুৱক-যুৱতীয়ে মডেলিং জগতৰ প্ৰতি আকৰ্ষিত হৈ এই ক্ষেত্ৰখনত খোজ পেলায়। কিছুমান সফল হয় আৰু কিছুমানে হতাশ হৈ আত্মহত্যাৰ পথ বাচি লয়। সময়ে সময়ে মডেলে আত্মহত্যা কৰা বহু ঘটনা পোহৰলৈ আহি থাকে।  এই মায়াৰ পৃথিৱীয়ে বহুতৰ সপোনক ভাঙি পেলায়। সঁচাকৈয়ে এই গ্লেমাৰ জগতখনত হাঁহিমুখীয়া মুখ এখনৰ আঁৰৰ বেদনা বুজি পোৱাটো কঠিন। শেহতীয়াকৈ পুনৰ এগৰাকী মডেলে কৰিলে আত্মহত্যা। মুম্বাইত বাস কৰা এগৰাকী মডেলগৰাকীয়ে এখন ছুইচাইড নোটো লিখি থৈ গৈছে। 

মুম্বাইৰ আন্ধেৰী অঞ্চলৰ চৰ বাংলো হোটেলত চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিছিল ৩০ বছৰীয়া মডেলগৰাকীয়ে। আচলতে মডেলগৰাকী ইয়ালৈ আহিছিল হোটেলৰ কোঠা এটা ভাড়াত লৈ থাকিবৰ বাবে। মডেলগৰাকীৰ নাম আকাংক্ষা মোহন বুলি জানিব পৰা গৈছে। 

মুম্বাই আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি বুধবাৰে দিনৰ প্ৰায় ১ বজাত মডেলগৰাকীয়ে হোটেলত চেক-ইন কৰি ৰাতিৰ আহাৰ গ্ৰহণৰ অৰ্ডাৰ দিছিল। বৃহস্পতিবাৰে পুৱা হোটেলৰ ওৱেটাৰে ৰুমৰ ঘণ্টা বজাই থকাৰ সময়তে মডেলগৰাকীৰ আত্মহত্যাৰ খবৰটো পোহৰলৈ আহিছিল। ওৱেটাৰজনে কেইবাবাৰো মতাৰ পাছতো আকাংক্ষাই ৰুমৰ দুৱাৰখন নোখোলাত তেওঁ হোটেলৰ মেনেজাৰক খবৰ দিয়ে। 

মেনেজাৰে খৰখেদাকৈ আৰক্ষীক ফোন কৰি এই বিষয়ে অৱগত কৰে, তাৰ পিছত আৰক্ষীয়ে হোটেলত উপস্থিত হৈ মাষ্টাৰ চাবিটো লৈ কোঠাটো খুলি আকাংক্ষাক ফেনত ওলমি থকা অৱস্থাত পায়।
আকাংক্ষাই ছুইচাইড নোটত লিখিছিল ''ক্ষমা কৰিব, ইয়াৰ বাবে কোনো দায়ী নহয়। কাকো অশান্তি নকৰিব। মই সুখী নহয়, মাত্ৰ মই শান্তি বিচাৰোঁ।''

আৰক্ষীয়ে এডিআৰৰ অধীনত গোচৰ ৰুজু কৰি মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি