--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হওঁতে পানীৰ সোঁতে  উটুৱাই নিলে পাঁচজন জোৱানক।  টি-৭২ টেংকৰ সৈতে জোৱান কেইজন পানীত উটি যায়।  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে  কয় যে উটি যোৱা আটাইকেইজন জোৱানৰে  মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত ৪ জন জোৱান আৰু এজন কনিষ্ঠ কমিচনেড অফিচাৰ আছে।

 শুকুৰবাৰে গভীৰ নিশা লাডাখৰ নেওমা-চুশাল অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হৈ আছিল পাঁচজন  জোৱানে। টি-৭২ টেংকত আছিল তেওঁলোক। হঠাৎ নদীত  বান আহে আৰু  সকলোকে উটুৱাই লৈ যৈায়। নিমিষতে চেংকসহ জোৱানকেইজন অদৃশ্য হৈ পৰে। লগে লগে তেওঁলোকৰ সন্ধান আৰম্ভ হ’ল। অৱশেষত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স হেণ্ডেলত লিখিছে, "লাডাখৰ নদী পাৰ হৈ থকাৰ সময়তে হোৱা দুৰ্ভাগ্যজনক দুৰ্ঘটনাত পাঁচজন সাহসী ভাৰতীয় সৈনিকে প্ৰাণ হেৰুৱাইছে। ঘটনাটোত মই  গভীৰভাৱে ব্যথিত। আমাৰ বীৰ জোৱানসকলৰ জাতিৰ বাবে  কৰা  সেৱা আমি কেতিয়াও পাহৰিব নোৱাৰো। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনালো। এই কঠিন সময়ত দেশ তেওঁলোকৰ সৈতে আছে। এজন কনিষ্ঠ কমিচনড অফিচাৰকে ধৰি ৫ জন জোৱান কঢ়িয়াই নিয়া সেনাবাহিনীৰ এখন টেংক বানত উটি যায়।  ফলত সকলোৰে মৃত্যু হ’ল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ