--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আমেৰিকান পপ গায়ক নিক জোনাছ আৰু বলীউডৰ আগশাৰীৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। দুয়োজন তাৰকাই ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেতিয়াৰ পৰা, তেওঁলোকৰ ইনষ্টাগ্ৰাম, টুইটাৰৰ পোষ্ট, এলবাম প্ৰেমৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে। প্ৰেমৰে জীৱনৰ মধুৰতম সময় উদযাপন কৰি ভাগৰি পৰা নাই তাৰকা দম্পতী। ইয়াৰ মাজতে বিগত দুদিন ধৰি প্ৰিয়ংকা-নিকৰ বিবাহ বিচ্ছেদৰ কথাই শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছিল। এনে হনুবাৰ্তাৰ মাজতে নিকৰ 'জোনাছ ব্ৰাদাৰ্ছ ফেমিলি ৰোষ্ট' নেটফ্লিক্সত মুক্তি পাইছে। জোনাছ পৰিয়ালৰ সদস্যসকলে অনুষ্ঠানটো হাঁহি-ধেমালীৰ মাজেৰে উদযাপন কৰিছিল। প্ৰিয়ংকাই অনুষ্ঠানটোত তেওঁলোকৰ বিবাহৰ বিষয়ে অৱগত কৰিছিল। প্ৰিয়ংকাই কয়, ‘মানুহে ভাবে যে, আমাৰ সম্পৰ্ক মানুহক দেখুৱাবলৈহে। কিন্তু সেই ধাৰণা ভুল। আমি এই পৰিয়ালৰ একমাত্ৰ দম্পতী যাৰ এতিয়াও কোনো সন্তান নাই।’

দেশী গাৰ্ল খ্যাত প্ৰিয়ংকাই কয়, ‘উই আৰ এক্সপেক্টিং এ চাইল্ড।’ আমি এটা সন্তান আশা কৰি আছোঁ বুলি কোৱাৰ পাছতে অনুৰাগীয়ে ভাবিকছিল যে, প্ৰিয়ংকাই তেওঁৰ গৰ্ভধাৰণৰ কথাও ঘোষণা কৰিব। কিন্তু বাক্যটোৰ শেষত তেওঁ কয়, ‘নিক আৰু মই ঘৰলৈ গৈ সুৰাপান কৰি শুব বিচাৰো।’ কথাষাৰ শুনাৰ পাছত চৌদশে হাঁহিৰ ৰোল উঠিছিল। উল্লেখ্য যে, বিবাহৰ পাছত প্ৰিয়ংকাই তেওঁৰ নামৰ কাষত স্বামী নিকৰ উপাধি যোগ দিছিল। ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে জিলিকি উঠিছিল ‘প্ৰিয়ংকা চোপ্ৰা জোনাছ'। কিন্তু হঠাতে প্ৰিয়ংকাৰ প্ৰফাইলৰ পৰা নিকৰ উপাধি সলনি হোৱাত হতচকিত অনুৰাগী।স্বাভাৱিকতে প্ৰিয়ংকাৰ এই আকষ্মিক পৰিৱৰ্তনে অনুৰাগীসকলৰ মাজত তীব্ৰ কৌতুহলৰ সৃষ্টি কৰিছে। বহুতে তেওঁলোকৰ বিবাহ-বিচ্ছেদৰো আশংকা কৰিছিল। অৱশ্যে, সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, প্ৰিয়ংকাৰ মাতৃয়ে অনুৰাগীৰ এই আশংকা মিছা বুলি দাবী কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘ভুৱা তথ্য প্ৰচাৰ নকৰিব। এই সকলোবোৰ উৰাবাতৰি!' চেলিব্ৰেটী দম্পতীৰ লগত হোৱা এনেধৰণৰ বৈবাহিক সম্পৰ্কক লৈ প্ৰায়ে উত্তপ্ত হৈ পৰে ছচিয়েল মিডিয়া। দুয়োজন লোকৰ সোনকালে বিবাহ বিচ্ছেদ হ’ব বুলি বহুতে লোকে এতিয়া আশংকা ব্যক্ত কৰিছে৷ ইফালে প্ৰিয়ংকাৰ মাতৃৰ মন্তব্য পোহৰলৈ আহিছে সত্য৷ ইয়াৰ পূর্বেও বলীউড অভিনেত্রী মালাইকা অৰোৰা খানে বিবাহ বিচ্ছেদৰ পূৰ্ব তেওঁৰ স্বামী আৰবাজ খানৰ খান উপাধিটো আঁতৰাই দিছিল। ইয়াকে লৈ এতিয়া সকলোৱে পূৰ্বানুমান কৰিছে যে, প্ৰিয়ংকা আৰু নিকৰ মাজতো এনেধৰণৰ ঘটনা ঘটিব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু