--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আমেৰিকান পপ গায়ক নিক জোনাছ আৰু বলীউডৰ আগশাৰীৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। দুয়োজন তাৰকাই ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেতিয়াৰ পৰা, তেওঁলোকৰ ইনষ্টাগ্ৰাম, টুইটাৰৰ পোষ্ট, এলবাম প্ৰেমৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে। প্ৰেমৰে জীৱনৰ মধুৰতম সময় উদযাপন কৰি ভাগৰি পৰা নাই তাৰকা দম্পতী। ইয়াৰ মাজতে বিগত দুদিন ধৰি প্ৰিয়ংকা-নিকৰ বিবাহ বিচ্ছেদৰ কথাই শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছিল। এনে হনুবাৰ্তাৰ মাজতে নিকৰ 'জোনাছ ব্ৰাদাৰ্ছ ফেমিলি ৰোষ্ট' নেটফ্লিক্সত মুক্তি পাইছে। জোনাছ পৰিয়ালৰ সদস্যসকলে অনুষ্ঠানটো হাঁহি-ধেমালীৰ মাজেৰে উদযাপন কৰিছিল। প্ৰিয়ংকাই অনুষ্ঠানটোত তেওঁলোকৰ বিবাহৰ বিষয়ে অৱগত কৰিছিল। প্ৰিয়ংকাই কয়, ‘মানুহে ভাবে যে, আমাৰ সম্পৰ্ক মানুহক দেখুৱাবলৈহে। কিন্তু সেই ধাৰণা ভুল। আমি এই পৰিয়ালৰ একমাত্ৰ দম্পতী যাৰ এতিয়াও কোনো সন্তান নাই।’

দেশী গাৰ্ল খ্যাত প্ৰিয়ংকাই কয়, ‘উই আৰ এক্সপেক্টিং এ চাইল্ড।’ আমি এটা সন্তান আশা কৰি আছোঁ বুলি কোৱাৰ পাছতে অনুৰাগীয়ে ভাবিকছিল যে, প্ৰিয়ংকাই তেওঁৰ গৰ্ভধাৰণৰ কথাও ঘোষণা কৰিব। কিন্তু বাক্যটোৰ শেষত তেওঁ কয়, ‘নিক আৰু মই ঘৰলৈ গৈ সুৰাপান কৰি শুব বিচাৰো।’ কথাষাৰ শুনাৰ পাছত চৌদশে হাঁহিৰ ৰোল উঠিছিল। উল্লেখ্য যে, বিবাহৰ পাছত প্ৰিয়ংকাই তেওঁৰ নামৰ কাষত স্বামী নিকৰ উপাধি যোগ দিছিল। ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে জিলিকি উঠিছিল ‘প্ৰিয়ংকা চোপ্ৰা জোনাছ'। কিন্তু হঠাতে প্ৰিয়ংকাৰ প্ৰফাইলৰ পৰা নিকৰ উপাধি সলনি হোৱাত হতচকিত অনুৰাগী।স্বাভাৱিকতে প্ৰিয়ংকাৰ এই আকষ্মিক পৰিৱৰ্তনে অনুৰাগীসকলৰ মাজত তীব্ৰ কৌতুহলৰ সৃষ্টি কৰিছে। বহুতে তেওঁলোকৰ বিবাহ-বিচ্ছেদৰো আশংকা কৰিছিল। অৱশ্যে, সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, প্ৰিয়ংকাৰ মাতৃয়ে অনুৰাগীৰ এই আশংকা মিছা বুলি দাবী কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘ভুৱা তথ্য প্ৰচাৰ নকৰিব। এই সকলোবোৰ উৰাবাতৰি!' চেলিব্ৰেটী দম্পতীৰ লগত হোৱা এনেধৰণৰ বৈবাহিক সম্পৰ্কক লৈ প্ৰায়ে উত্তপ্ত হৈ পৰে ছচিয়েল মিডিয়া। দুয়োজন লোকৰ সোনকালে বিবাহ বিচ্ছেদ হ’ব বুলি বহুতে লোকে এতিয়া আশংকা ব্যক্ত কৰিছে৷ ইফালে প্ৰিয়ংকাৰ মাতৃৰ মন্তব্য পোহৰলৈ আহিছে সত্য৷ ইয়াৰ পূর্বেও বলীউড অভিনেত্রী মালাইকা অৰোৰা খানে বিবাহ বিচ্ছেদৰ পূৰ্ব তেওঁৰ স্বামী আৰবাজ খানৰ খান উপাধিটো আঁতৰাই দিছিল। ইয়াকে লৈ এতিয়া সকলোৱে পূৰ্বানুমান কৰিছে যে, প্ৰিয়ংকা আৰু নিকৰ মাজতো এনেধৰণৰ ঘটনা ঘটিব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ