--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ বহুচৰ্চিত অভিনেত্ৰী কংগনা ৰাণাৱটে বিস্ফোৰক মন্তব্য কৰাৰ পৰা আঁতৰি থকা নাই। এগৰাকী অভিনেত্ৰী হিচাপে অভিনয়ৰ সৈতে দীৰ্ঘদিন ধৰি ৰূপালী পৰ্দাৰ পৰা আঁতৰি থাকিলেও বিতৰ্কিত মন্তব্যৰে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰিছে কংগনাই। ভাৰতবৰ্ষৰ স্বাধীনতা, জাতিৰ পিতা মহাত্মা গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাছত এইবাৰ শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে কংগনাই কৰিছে বিৰূপ মন্তব্য। ইনষ্টাগ্ৰামত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগনাৰ বিৰুদ্ধে। আৰক্ষী চকীত অভিযোগো দাখিল কৰিছে দিল্লী শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিয়ে। মন্দিৰ মাৰ্গ আৰক্ষী থানাৰ চাইবাৰ চেলত এই অভিযোগতো দাখিল কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।অভিযোগ মতে, অভিনেত্ৰীগৰাকীয়ে শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰিছিল আৰু পোষ্টটো আছিল উদ্দেশ্যপ্ৰণোদিত।

শিখ সম্প্ৰদায়ৰ অনুভূতিক আঘাত কৰাৰ এই অভিপ্ৰায় অক্ষমণীয় বুলিও মন্তব্য কৰিছে দিল্লী শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিয়ে। এক বিবৃতিত প্ৰকাশ পোৱা মতে, ‘শিখ সম্প্ৰদায়ক কংগনাই খলিস্তানি সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ শাসনকালত সংঘটিত ১৯৮৪ চনৰ গণহত্যাকো এক পৰিকল্পিত পদক্ষেপ বুলি বৰ্ণনা কৰিছে কংগনাই। কংগনা ৰ মন্তব্যই তিক্ত বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে শিৰোনী অকালি দলৰ নেতা তথা দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিৰ অধ্যক্ষ মনজিন্দৰ সিং চিৰছাই কংগনাৰ বিৰুদ্ধে হৈ পৰিছে সৰব।কংগনাক কাৰাগাৰ বা মানসিক চিকিৎসালয়ত ৰখা উচিত বুলিও মন্তব্য কৰিছে মনজিন্দৰ সিঙে। তেওঁ লগতে কয়, ‘কংগনাৰ মন্তব্যই তেওঁৰ সস্তীয়া মানসিকতাৰ কথাকে সূচাইছে। খলিস্তানী সন্ত্ৰাসবাদীৰ কাৰণে তিনিখন কৃষি আইন বাতিল কৰা হৈছে বুলি কোৱাটো কৃষকসকলৰ বাবে অপমানজনক। তেওঁ প্ৰকৃততে এটা ঘৃণাৰ কাৰখানা। কংগনাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো আমাৰ দাবী। তেওঁৰ নিৰাপত্তা আৰু ‘পদ্মশ্ৰী’ সন্মানো তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিব লাগিব। তেওঁক মানসিক চিকিৎসালয় বা কাৰাগাৰত ৰাখিব লাগে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু