--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ বহুচৰ্চিত অভিনেত্ৰী কংগনা ৰাণাৱটে বিস্ফোৰক মন্তব্য কৰাৰ পৰা আঁতৰি থকা নাই। এগৰাকী অভিনেত্ৰী হিচাপে অভিনয়ৰ সৈতে দীৰ্ঘদিন ধৰি ৰূপালী পৰ্দাৰ পৰা আঁতৰি থাকিলেও বিতৰ্কিত মন্তব্যৰে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰিছে কংগনাই। ভাৰতবৰ্ষৰ স্বাধীনতা, জাতিৰ পিতা মহাত্মা গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাছত এইবাৰ শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে কংগনাই কৰিছে বিৰূপ মন্তব্য। ইনষ্টাগ্ৰামত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগনাৰ বিৰুদ্ধে। আৰক্ষী চকীত অভিযোগো দাখিল কৰিছে দিল্লী শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিয়ে। মন্দিৰ মাৰ্গ আৰক্ষী থানাৰ চাইবাৰ চেলত এই অভিযোগতো দাখিল কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।অভিযোগ মতে, অভিনেত্ৰীগৰাকীয়ে শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰিছিল আৰু পোষ্টটো আছিল উদ্দেশ্যপ্ৰণোদিত।

শিখ সম্প্ৰদায়ৰ অনুভূতিক আঘাত কৰাৰ এই অভিপ্ৰায় অক্ষমণীয় বুলিও মন্তব্য কৰিছে দিল্লী শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিয়ে। এক বিবৃতিত প্ৰকাশ পোৱা মতে, ‘শিখ সম্প্ৰদায়ক কংগনাই খলিস্তানি সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ শাসনকালত সংঘটিত ১৯৮৪ চনৰ গণহত্যাকো এক পৰিকল্পিত পদক্ষেপ বুলি বৰ্ণনা কৰিছে কংগনাই। কংগনা ৰ মন্তব্যই তিক্ত বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে শিৰোনী অকালি দলৰ নেতা তথা দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিৰ অধ্যক্ষ মনজিন্দৰ সিং চিৰছাই কংগনাৰ বিৰুদ্ধে হৈ পৰিছে সৰব।কংগনাক কাৰাগাৰ বা মানসিক চিকিৎসালয়ত ৰখা উচিত বুলিও মন্তব্য কৰিছে মনজিন্দৰ সিঙে। তেওঁ লগতে কয়, ‘কংগনাৰ মন্তব্যই তেওঁৰ সস্তীয়া মানসিকতাৰ কথাকে সূচাইছে। খলিস্তানী সন্ত্ৰাসবাদীৰ কাৰণে তিনিখন কৃষি আইন বাতিল কৰা হৈছে বুলি কোৱাটো কৃষকসকলৰ বাবে অপমানজনক। তেওঁ প্ৰকৃততে এটা ঘৃণাৰ কাৰখানা। কংগনাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো আমাৰ দাবী। তেওঁৰ নিৰাপত্তা আৰু ‘পদ্মশ্ৰী’ সন্মানো তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিব লাগিব। তেওঁক মানসিক চিকিৎসালয় বা কাৰাগাৰত ৰাখিব লাগে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ