ডিজিটেল ডেস্কঃ বিদায় ২০২১, আজি বছৰটোৰ অন্তিম দিন৷ বিদায় ক্ষণত পুৰণিক পাহৰি সকলোৱে নতুনক আদৰিবলৈ প্ৰস্তুতি চলাইছে৷ কিন্তু নতুন বছৰক আপুনি আদৰাৰ সমান্তৰালকৈ নতুন বছৰৰ আৰম্ভণিৰেপৰাই বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত অতিৰিক্তভাৱে বৃদ্ধি হ’ব জিএছটিৰ হাৰ ৷ কৰৰ হাৰ বৃদ্ধি পোৱা সামগ্ৰীৰ ভিতৰত আছে পোছাক আৰু জোতা৷ জোতা আৰু পোছাকত জিএছটিৰ হাৰ নতুনকৈ প্ৰযোজ্য হোৱাৰ পাছত ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পাব৷ অনিয়ন্ত্ৰিতভাৱে জিএছটি বৃদ্ধিয়ে বস্ত্ৰ নিৰ্মাণ উদ্যোগলৈ অমানিশা নমাই অনাৰ লগতে প্ৰায় ১৫ লাখ লোক জীৱিকাহীন হ’ব বুলি আশংকা কৰা হৈছে৷
ইপিনে অতিৰিক্ত জিএছটি বৃদ্ধিয়ে যন্ত্ৰচালিত আৰু হস্তশিপিনীসকলকো ক্ষতি কৰিব বুলি আশংকা কৰিছে৷ ইফালে দেশৰ ব্যৱসায়ী সংস্থাৰ সৰ্ব্বোচ্চ সংগঠন কনফেডাৰেছন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক কাপোৰ আৰু জোতা-চেণ্ডেলত জিএছটি আৰোপৰ বিষয়টো স্থগিত ৰাখিবলৈ পত্ৰযোগে অনুৰোধ জনাইছে৷ পত্ৰত তেওঁলোকে লিখিছে- এনে সিদ্ধান্ত অ-যুক্তিকৰ, চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে৷
ইফালে, জমেট’, ছুইগীৰ দৰে খাদ্য বিতৰণকাৰী কোম্পানীয়েও পাঁচ শতাংশ জিএছটি চৰকাৰক জমা দিব লাগিব৷ পূৰ্বতে এই কৰ ৰেস্তোৰাঁসমূহে জমা দিয়ে৷ কিন্তু এতিয়াৰেপৰা এই কৰ গ্ৰাহকসকলৰ পৰা সংগ্ৰহ কৰা হ’ব৷
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি জিএছটি পৰিষদৰ ৪৬সংখ্যক বৈঠকত সভাপতিত্ব কৰিব। বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাদাও বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকখনত মুখ্যতঃ ১ জানুৱাৰী, ২০২২ৰ পৰা কাৰ্যকৰী হ'বলগীয়া বস্ত্ৰৰ ওপৰত জিএছটি বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হ'ব। কেইবাখনো ৰাজ্যই বস্ত্ৰৰ ওপৰত সংশোধিত জিএছটিৰ বৃদ্ধিৰ বিষয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। বৈঠকখন আজি দিনৰ ১১ বজাৰ পৰা সম্পন্ন হৈ আছে৷
ইফালে কৰ’না কালৰ আৰ্থিক সংকটৰ মাজতে মোদী চৰকাৰে জনতাক মাধমাৰ দিবলৈ পুনৰ চলাইছে চক্ৰান্ত৷ এইবাৰ বিদ্যুতৰ মূল্যবৃদ্ধি কৰিবলৈ যো-জা চলাইছে ৰাজ্য চৰকাৰে৷ প্ৰতি ইউনিট বিদ্যুতৰ বাবদ ২ টকা নিৰিখ বৃদ্ধিৰ বাবে অসম বিদ্যুৎ নিয়মক আয়োগৰ ওচৰত সম্প্ৰতি প্ৰস্তাৱ দাখিল কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে৷ অৰ্খাৎ নৱবৰ্ষৰ পৰাই ৰাজ্যবাসীয়ে বহন কৰিব লাগিব অতিৰিক্ত বিদ্যুৎ নিৰিখ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে নিগমলৈ দাখিল কৰা প্ৰস্তাৱ অনুসৰি ৭.৫৫ টকাৰ পৰা ৯.৫৫ টকালৈ বিদ্যুৎ মাচুল বৃদ্ধি হ’ব৷
পেট্ৰ’ল-ডিজেলৰ পৰা পাচলি, গেছ চিলিণ্ডাৰ, তেল, ময়দালৈকে, মূল্যবৃদ্ধি হোৱা দেখা গৈছে। নৱেম্বৰ মাহৰ পৰা বহুতো সামগ্ৰীৰ দামবৃদ্ধি পাইছে। দামবৃদ্ধি হোৱা ঘৰুৱা সামগ্ৰীসমূহ এনেধৰণৰ-
১. মোবাইল শুল্ক বৃদ্ধি
মোবাইল শুল্কৰ মূল্য ক্ৰমাৎ বৃদ্ধি হোৱা দেখা গৈছে। ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াই নৱেম্বৰত শুল্কৰ মূল্যবৃদ্ধি কৰিছে। মোবাইল শুল্কৰ বাবে, আপুনি এতিয়া আগৰ তুলনাত ২০ৰ পৰা ২৫ শতাংশ অধিক ব্যয় কৰিব লাগিব।
২. পাচলিৰ মূল্যবৃদ্ধি
শীতকালত পাচলিৰ মূল্য আকাশচুম্বী হৈছে। দেশৰ বহুতো চহৰত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৫০ টকা স্পৰ্শ কৰিছে। চেন্নাই আৰু হায়দৰাবাদত মূল্য সৰ্বাধিক বৃদ্ধি হৈছে। হায়দৰাবাদত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ১২০ টকা।
৩. গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি
ৰন্ধনগেছৰ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২৬৮ টকালৈকে বৃদ্ধি পাইছে। ৰাজধানী দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২০০০.৫০ টকালৈ বৃদ্ধি পাইছে।
৩. তেল আৰু ময়দাৰ দামবৃদ্ধি
সৰিয়হ তেলৰ মূল্যও বৃদ্ধি পাইছে। সৰিয়হৰ তেলৰ কেনিষ্টাৰটো ১২০০ টকাত আহিছিল। আনহাতে, ইয়াৰ গড় মূল্য এতিয়া ২৮০০-৩০০০০ টকালৈ বৃদ্ধি হৈছে। তত্ত্বাৱধায়ক আটাৰ মূল্য, যি আছিল ১০০০ টকা, আজি ২২০০-২৫০০ টকালৈ বৃদ্ধি হৈছে।
৫. চাউলৰ মূল্যবৃদ্ধি
বাচমতী চাউলৰ মূল্য প্ৰতি কিলোগ্ৰামত ১০ টকাকৈ বৃদ্ধি হৈছে। সাধাৰণ বাচমতী চাউলৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত ৮৫ টকা আছিল। আনহাতে, বৰ্তমান ইয়াৰ মূল্যবৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৯৫টকা হৈছেগৈ। ইয়াৰ উপৰি, মাকৈ আৰু বাজৰাৰ হাৰৰো প্ৰতি কিলোগ্ৰামত 8 টকা বৃদ্ধি পাইছে। একে সময়তে, আটাও প্ৰতি কিলোগ্ৰামত ১০ টকাকৈ বৃদ্ধি হৈছে৷
৬. এটিএমৰ চাৰ্জ বৃদ্ধি
ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আছে এক দু-সংবাদ ৷ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰতিটো ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ বাবে এটিএমৰ পৰা উলিওৱাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মাহিলী বিনামূলীয়া উলিওৱাৰ সীমা শেষ হোৱাৰ পিছত এই বৰ্ধিত মাচুল তেওঁলোকে পৰিশোধ কৰিব লাগিব। আৰ.বি.আই.- জাৰি কৰা অধিসূচনা অনুসৰি, গ্ৰাহকসকলে বিনামূলীয়া টকা উলিওৱা সীমা পাৰ কৰাৰ পাছত এতিয়াৰ পৰা পূৰ্বতকৈ এটকা অধিক পৰিশোধ কৰিব লাগিব। নতুন এই প্ৰণালীত, গ্ৰাহকসকলে বিনামূলীয়া সীমা অতিক্ৰম কৰাৰ পিছত প্ৰতিবাৰ টকা উলিয়ালে ২০ টকাৰ পৰিৱৰ্তে ২১ টকা পৰিশোধ কৰিব লাগিব।
বিদায় ২০২১...