--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আগ্ৰাহী চীনৰ ৰঙাচকু পুনৰ ভাৰতৰ ভূমিত৷ ভাৰতৰ সীমা অতিক্ৰম কৰি ক্ৰমান্বয়ে নিজৰ দখলৰ চেষ্টা চলাই অহা চীনে পুনৰ চকু ৰাখিছে অৰুণাচল প্ৰদেশত৷ সীমান্ত লাডাখ অঞ্চলত বাৰম্বাৰ চীনে দখলৰ চেষ্টা কৰি থকাৰ সময়তে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কমেও ১৫টা স্থানক পুনৰ নামকৰণ কৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ প্ৰায়ে সীমা-বিবাদকেন্দ্ৰিক বিষয়ত ভাৰতৰ সৈতে সংঘাতৰ সৃষ্টি কৰি অহা চীনৰ ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ এয়া এক নতুন কৌশল হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, চীনৰ মানচিত্ৰত অৰুণাচল প্ৰদেশক জংনান বা দক্ষিণ তীব্বত বুলি কোৱা হৈছে। নতুন নামকৰণক ‘মান্যকৃত’ (standardized)বুলি অভিহিত কৰি বৃহস্পতিবাৰে চীনে স্থানংক তথা এখন মানচিত্ৰৰ সৈতে মুকলি কৰিছে। চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে নতুন সীমান্ত আইনৰ মাত্ৰ কেইদিনমান পূৰ্বে এই ঘোষণা কৰিছে।

আনহাতে, চীনে বিগত বছৰবোৰত অৰুণাচল প্ৰদেশক দক্ষিণ তীব্বত হিচাপে দাবী কৰি আহিছিল৷ অৱশ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চীনৰ এই দাবী খণ্ডন কৰি ৰাজ্যখনক ‘ভাৰতৰ এক অৱিচ্ছেদ্য অংগ বুলি’ অভিহিত কৰি আহিছে। কিন্তু তৎসত্ত্বেও চীনে নামকৰণ কৰা অৰুণাচলৰ ১৫টা স্থানৰ ভিতৰত আছে আঠটা আৱাসিক অঞ্চল, চাৰিখন পৰ্বত, দুখন নদী আৰু এটা পাহাৰীয়া পথ। ইয়াৰোপৰি তালিকাত থকা আঠখন নগৰ হৈছে ছানন প্ৰান্তৰ কোনা অঞ্চলৰ ছেংকেজং আৰু ডাগলুংজং, নিয়াংচি অঞ্চলৰ মেডগ প্ৰান্তৰ মণিগেং, ডুডিং আৰু মিগপেইন, নিয়াংচি অঞ্চলৰে জায়ু প্ৰান্তৰ গোলিং, ডাম্বা আৰু ছানন অঞ্চলৰ লুঞ্জে প্ৰান্তৰ মেজগ। পৰ্বতকেইখন হৈছে ৱামু ৰি, ডেও ৰি, লুনঝুৱ ৰি আৰু কুমিংঝিংজে ফেং। সেইদৰে নদী দুখন হৈছে জেনিয়’গমো হি আৰু ডুলেইন হি আৰু পাহাৰীয়া পথটো হ’ল ছেলা।

৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ লাইন অব্ কন্ট্ৰ’লে ভগাই লৈছে ভাৰত-চীন সীমান্ত৷ পূৰ্বেও সীমাক লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত সংঘটিত হৈছে বহু সংঘৰ্ষ৷ ২০২০ চনত গালোৱান উপত্যকাত হোৱা সংঘৰ্ষৰ পাছতে সীমা সমস্যাক লৈ বহুকেইখন আলোচনাত বহিছে ৰাষ্ট্ৰপ্ৰধানে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা