--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আগ্ৰাহী চীনৰ ৰঙাচকু পুনৰ ভাৰতৰ ভূমিত৷ ভাৰতৰ সীমা অতিক্ৰম কৰি ক্ৰমান্বয়ে নিজৰ দখলৰ চেষ্টা চলাই অহা চীনে পুনৰ চকু ৰাখিছে অৰুণাচল প্ৰদেশত৷ সীমান্ত লাডাখ অঞ্চলত বাৰম্বাৰ চীনে দখলৰ চেষ্টা কৰি থকাৰ সময়তে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কমেও ১৫টা স্থানক পুনৰ নামকৰণ কৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ প্ৰায়ে সীমা-বিবাদকেন্দ্ৰিক বিষয়ত ভাৰতৰ সৈতে সংঘাতৰ সৃষ্টি কৰি অহা চীনৰ ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ এয়া এক নতুন কৌশল হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, চীনৰ মানচিত্ৰত অৰুণাচল প্ৰদেশক জংনান বা দক্ষিণ তীব্বত বুলি কোৱা হৈছে। নতুন নামকৰণক ‘মান্যকৃত’ (standardized)বুলি অভিহিত কৰি বৃহস্পতিবাৰে চীনে স্থানংক তথা এখন মানচিত্ৰৰ সৈতে মুকলি কৰিছে। চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে নতুন সীমান্ত আইনৰ মাত্ৰ কেইদিনমান পূৰ্বে এই ঘোষণা কৰিছে।

আনহাতে, চীনে বিগত বছৰবোৰত অৰুণাচল প্ৰদেশক দক্ষিণ তীব্বত হিচাপে দাবী কৰি আহিছিল৷ অৱশ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চীনৰ এই দাবী খণ্ডন কৰি ৰাজ্যখনক ‘ভাৰতৰ এক অৱিচ্ছেদ্য অংগ বুলি’ অভিহিত কৰি আহিছে। কিন্তু তৎসত্ত্বেও চীনে নামকৰণ কৰা অৰুণাচলৰ ১৫টা স্থানৰ ভিতৰত আছে আঠটা আৱাসিক অঞ্চল, চাৰিখন পৰ্বত, দুখন নদী আৰু এটা পাহাৰীয়া পথ। ইয়াৰোপৰি তালিকাত থকা আঠখন নগৰ হৈছে ছানন প্ৰান্তৰ কোনা অঞ্চলৰ ছেংকেজং আৰু ডাগলুংজং, নিয়াংচি অঞ্চলৰ মেডগ প্ৰান্তৰ মণিগেং, ডুডিং আৰু মিগপেইন, নিয়াংচি অঞ্চলৰে জায়ু প্ৰান্তৰ গোলিং, ডাম্বা আৰু ছানন অঞ্চলৰ লুঞ্জে প্ৰান্তৰ মেজগ। পৰ্বতকেইখন হৈছে ৱামু ৰি, ডেও ৰি, লুনঝুৱ ৰি আৰু কুমিংঝিংজে ফেং। সেইদৰে নদী দুখন হৈছে জেনিয়’গমো হি আৰু ডুলেইন হি আৰু পাহাৰীয়া পথটো হ’ল ছেলা।

৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ লাইন অব্ কন্ট্ৰ’লে ভগাই লৈছে ভাৰত-চীন সীমান্ত৷ পূৰ্বেও সীমাক লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত সংঘটিত হৈছে বহু সংঘৰ্ষ৷ ২০২০ চনত গালোৱান উপত্যকাত হোৱা সংঘৰ্ষৰ পাছতে সীমা সমস্যাক লৈ বহুকেইখন আলোচনাত বহিছে ৰাষ্ট্ৰপ্ৰধানে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম