--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে নৱবৰ্ষ ২০২২। মাথোঁ কেইঘণ্টা মানৰ পাছতেই এটা নতুন বছৰ বিশ্ববাসীয়ে আঁকোৱালি ল'ব। নতুন বছৰটিক আদৰাৰ প্ৰস্তুতিত ব্যস্ত সকলো। কোনোৱে কৰিব পাৰ্টি, কোনো যাব ফুৰিবলৈ মুঠৰ ওপৰত চৌদিশে এতিয়া এক আনন্দময় পৰিৱেশ। ইয়াৰ মাজতে এখন ঠাইত নৱবৰ্ষ উদযাপন নকৰিবলৈ দিয়া হৈছে সতৰ্কবাণী। বাৰাণসীত নৱবৰ্ষ উদযাপন নকৰিবলৈ সতৰ্কবাণী দিয়া হৈছে। এই সতৰ্কবাণী দিছে বজৰং দলে। বজৰং দলে কৈছে যে নৱবৰ্ষ উদযাপন কৰাটো আমাৰ চিৰন্তন পৰম্পৰাৰ বিৰোধী। গতিকে কোনোৱে যাতে নৱবৰ্ষ উদযাপন নকৰে। বজৰং দলে বাৰাণসীৰ সকলো মল আৰু ৰেষ্টুৰেণ্টৰ বাহিৰত সতৰ্কবাণী লিখি পোষ্টাৰ আঁৰি দিছে।

বাৰাণসীৰ সকলো মল, ৰেষ্টুৰেণ্ট আৰু হোটেলৰ বাহিৰত সতৰ্কবাণী পত্ৰ লগোৱা আৰম্ভ কৰিছে বজৰং দলৰ কৰ্মীসকলে। বজৰং দলৰ কাশী মহানগৰীয় আহ্বায়ক 'ৰুদ্ৰ'ৰ নামত মুকলি কৰা পোষ্টাৰসমূহে স্পষ্টকৈ কয় যে ''কাশী নগৰী হিন্দু বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ কেন্দ্ৰ। ইয়াক বিশ্বত ভাৰতৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। পৃথিৱীৰ মানুহে ইয়ালৈ ধৰ্ম, জ্ঞান, আধ্যাত্মিকতা আৰু জীৱনৰ বিচাৰ ল'বৰ বাবে আহে। কাশীৰ গুৰুত্বপূৰ্ণ পৰিচয় হৈছে এই চহৰখনৰ প্ৰাচীনতা আৰু আধ্যাত্মিকতা কিন্তু কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মল, ক্লাবে পাশ্চাত্য সংস্কৃতিক অনুকৰণ কৰি নতুন বছৰ আদৰাৰ নামত মতলীয়া হৈ কাশীৰ সন্মান লাঘৱ কৰে। গতিকে এইবাৰ যাতে নতুন বছৰ আদৰাৰ নামত কোনো আয়োজন নহয় সেই কথা আমি সকীয়াই দিলোঁ। নৱবৰ্ষ উদযাপনৰ নামত সুৰা পাৰ্টি আদিৰ জৰিয়তে যুৱক-যুৱতীৰ সামাজিক অৱনতি ঘটিছে। গতিকে আমি এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।''

অৱশ্যে বজৰং দলে জাৰি কৰা এই বিষয়টোত আৰক্ষী প্ৰশাসনৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই। জনসাধাৰণে বজৰং দলৰ এই সতৰ্কবাণীৰ প্ৰতি কেনে সঁহাৰি দিয়ে সেয়া নিশ্চয়কৈ হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ এয়াই সেই কিম জং উন হয়নে? ক্ষীণ চেহেৰাৰ কিমৰ ফটোৱে বিশ্বত তুলিছে খলকনি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ