--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে নৱবৰ্ষ ২০২২। মাথোঁ কেইঘণ্টা মানৰ পাছতেই এটা নতুন বছৰ বিশ্ববাসীয়ে আঁকোৱালি ল'ব। নতুন বছৰটিক আদৰাৰ প্ৰস্তুতিত ব্যস্ত সকলো। কোনোৱে কৰিব পাৰ্টি, কোনো যাব ফুৰিবলৈ মুঠৰ ওপৰত চৌদিশে এতিয়া এক আনন্দময় পৰিৱেশ। ইয়াৰ মাজতে এখন ঠাইত নৱবৰ্ষ উদযাপন নকৰিবলৈ দিয়া হৈছে সতৰ্কবাণী। বাৰাণসীত নৱবৰ্ষ উদযাপন নকৰিবলৈ সতৰ্কবাণী দিয়া হৈছে। এই সতৰ্কবাণী দিছে বজৰং দলে। বজৰং দলে কৈছে যে নৱবৰ্ষ উদযাপন কৰাটো আমাৰ চিৰন্তন পৰম্পৰাৰ বিৰোধী। গতিকে কোনোৱে যাতে নৱবৰ্ষ উদযাপন নকৰে। বজৰং দলে বাৰাণসীৰ সকলো মল আৰু ৰেষ্টুৰেণ্টৰ বাহিৰত সতৰ্কবাণী লিখি পোষ্টাৰ আঁৰি দিছে।

বাৰাণসীৰ সকলো মল, ৰেষ্টুৰেণ্ট আৰু হোটেলৰ বাহিৰত সতৰ্কবাণী পত্ৰ লগোৱা আৰম্ভ কৰিছে বজৰং দলৰ কৰ্মীসকলে। বজৰং দলৰ কাশী মহানগৰীয় আহ্বায়ক 'ৰুদ্ৰ'ৰ নামত মুকলি কৰা পোষ্টাৰসমূহে স্পষ্টকৈ কয় যে ''কাশী নগৰী হিন্দু বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ কেন্দ্ৰ। ইয়াক বিশ্বত ভাৰতৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। পৃথিৱীৰ মানুহে ইয়ালৈ ধৰ্ম, জ্ঞান, আধ্যাত্মিকতা আৰু জীৱনৰ বিচাৰ ল'বৰ বাবে আহে। কাশীৰ গুৰুত্বপূৰ্ণ পৰিচয় হৈছে এই চহৰখনৰ প্ৰাচীনতা আৰু আধ্যাত্মিকতা কিন্তু কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মল, ক্লাবে পাশ্চাত্য সংস্কৃতিক অনুকৰণ কৰি নতুন বছৰ আদৰাৰ নামত মতলীয়া হৈ কাশীৰ সন্মান লাঘৱ কৰে। গতিকে এইবাৰ যাতে নতুন বছৰ আদৰাৰ নামত কোনো আয়োজন নহয় সেই কথা আমি সকীয়াই দিলোঁ। নৱবৰ্ষ উদযাপনৰ নামত সুৰা পাৰ্টি আদিৰ জৰিয়তে যুৱক-যুৱতীৰ সামাজিক অৱনতি ঘটিছে। গতিকে আমি এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।''

অৱশ্যে বজৰং দলে জাৰি কৰা এই বিষয়টোত আৰক্ষী প্ৰশাসনৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই। জনসাধাৰণে বজৰং দলৰ এই সতৰ্কবাণীৰ প্ৰতি কেনে সঁহাৰি দিয়ে সেয়া নিশ্চয়কৈ হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ এয়াই সেই কিম জং উন হয়নে? ক্ষীণ চেহেৰাৰ কিমৰ ফটোৱে বিশ্বত তুলিছে খলকনি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ