--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিদায় ২০২১ … আজি বছৰটোৰ অন্তিমটো দিন৷ বিদায় ক্ষণত পুৰণিক পাহৰি সকলোৱে নতুনক আদৰিবলৈ প্ৰস্তুতি চলাইছে৷ কাইলৈৰ পৰা নতুন সপোন, নতুন উছাহ আৰু নতুন উদ্যমেৰে সকলো লোকে নতুনৰ দিশে ধাৱিত হ’ব। ২০২১ বৰ্ষটোত আমি অনেক হেৰুৱালো তাৰ সমান্তৰালকৈ আমি বহুত কিবা পালো৷ পোৱা-নোপোৱাৰ সমাহাৰেৰে বিদায় ২০২১ ৷


কাল কৰ’নাই আমাৰ মাজৰ পৰা বহু আপোন লোকক কাঢ়ি লৈ গ’ল৷ বিমান দুৰ্ঘটনাত প্ৰথম চিডিএছ জেনেৰেল বিপিন ৰাৱাটক হেৰুৱালো, অলিম্পিকতো ভাৰতে স্বৰ্ণ জয় কৰিলে, ইত্যাদি বহুত কিবা আমি পালো বা বহুত হেৰুৱালো৷

শেহতীয়াকৈ দেশৰ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এবিপি নিউজে ২০২১ বৰ্ষৰ মেড-ইন-ইণ্ডিয়া মাইক্ৰ’ব্লগিং প্লেটফৰ্ম চিইউত বছৰটোৰ সকলোবোৰ সৰু-ডাঙৰ ঘটনা পৰিক্ৰমাৰে এখন তালিকা প্ৰস্তুত কৰিছে৷

এই সমীক্ষাত এবিপি নিউজৰ ইয়েৰ এণ্ডাৰ শ্ব’ জং চেলিব্ৰিশ্যন এণ্ড ভিক্টৰিৰ অংশ আছিল, য’ত বছৰটোৰ ডাঙৰ ডাঙৰ প্ৰশ্নবোৰৰ ওপৰত লোকসকলক তেওঁলোকৰ মতামত বিচৰা হৈছিল। বছৰটোৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া অনুষ্ঠান, আটাইতকৈ ডাঙৰ নেতা, শ্ৰেষ্ঠ ৱেব শৃংখলা আদিৰ দৰে বিভিন্ন বিষয়ত প্ৰশ্ন সোধা হৈছিল। সেই সমীক্ষা অনুসৰি-

১. বছৰটোৰ সৰ্বশ্ৰেষ্ঠ নেতা?

নৰেন্দ্ৰ মোদী - ৭০%
যোগী আদিত্যনাথ - ১৫%
অখিলেশ যাদৱ - ৯%
মমতা বেনাৰ্জী - ৬%

২. বছৰটোৰ আটাইতকৈ বেছি ব্যৱহৃত শব্দ?

ক’ভিড ১৯-৪২%
নৰেন্দ্ৰ মোদী- ২৫%
তালিবান - ১৭%
অ’মিক্ৰন - ১৬%

৩. বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ৱেব শৃংখলা?

দ্য ফেমিলি মেন - ৩৯%
এস্পিৰিন - ২৪%
ধিন্দোৰা - ২২%
মনি হিষ্ট -১৫%

৪. বছৰটোৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতা?

আই পি এল - ৪৪%
টকিঅ’ অলিম্পিক - ৩১%
আইচিচি টি-২০ বিশ্বকাপ - ২৩%
ইউৰো কাপ - 2%

৫. বছৰটোৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান?

কৃষক আন্দোলন - ৪৩%
তালিবানৰ আফগানিস্তান দখল - ৪২%
পশ্চিম বংগ নিৰ্বাচন - ১৩%
ধুমুহা - ২%

৬. বছৰটোৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ?

শ্বেৰ শ্বাহ - ৩৫%
জয় ভীম - ৩৪%
ৰাধে - ১৮%
৮৩- ১৩%

৭. বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব?

সিদ্ধাৰ্থ শুক্লা - ৩৭%
নীৰজ চোপ্ৰা - ৩৫%
শ্বেহনাজ গিল - ২৫%
এলান মাস্ক - ৩%


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম