--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰত নতুন বছৰৰ আগভাগতে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। এতিয়া এইকেইখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। অ'মিক্রনে দেশত সংহাৰ সৃষ্টি কৰিলেও উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচন পিছুৱাই দিয়াৰ প্রশ্ন আহি নপৰে বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। নির্বাচন আয়োগে ৫ ৰাজ্যৰ নির্বাচন সঠিক সময়তে অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। নিৰ্বাচনৰ এই ধামখুমীয়াৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী বিতৰ্কৰ মাজত সোমাই পৰিছে। কিন্তু কিয়? বৰ্তমান কংগ্ৰেছৰ অৱস্থা কি সেয়া সকলোৱে জানে। দিনকদিনে বিপৰ্যয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দল। ইফালে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। এনে সময়তে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে দলীয় নেতা–কর্মীসকলক প্রত্যাহ্বানৰ মাজত পেলাই থৈ বিদেশ ভ্রমণলৈ যাত্রা কৰিছে৷ ইতিমধ্যে দেশ এৰিছে ৰাহুলে৷ পুনৰ ব্যক্তিগত ভ্ৰমণসূচীৰে ইটালীলৈ ৰাওনা হৈছে ৰাহুল গান্ধী।

আইতাকক সাক্ষাৎ কৰাৰ বাবে যোৱা ৰাহুল গান্ধীৰ এই কাৰ্যই বহুতৰে চকু কপালত তুলিছে। ৰাহুল গান্ধীৰ ভ্ৰমণৰ সময়সূচীক লৈ বিভিন্নজনে প্ৰশ্ন কৰাৰ মাজতে অহা মাহত পঞ্জাৱৰ মোগাত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনী সমাৱেশক লৈয়ো অনিশ্চয়তাৰ সৃষ্টি হৈছে। চলিত বৰ্ষত ৰাহুল গান্ধীয়ে চাৰিবাৰ বিদেশ ভ্ৰমণলৈ গৈ ২৫ দিন কটাইছিল। সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বেও তেওঁ লণ্ডনলৈ গৈ অধিৱেশন অন্ত পৰাৰ এদিন পূৰ্বে দেশলৈ ঘূৰি আহিছিল। তেওঁ কা বিৰোধী আন্দোলনৰ সময়ত ছিংগাপুৰলৈ আৰু মহাৰাষ্ট্ৰ, হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে থাইলেণ্ডলৈ যোৱাৰ লগতে বিগত বৰ্ষৰ ডিচেম্বৰত কৃষি আইনবিৰোধী আন্দোলনৰ সময়ত ইটালী ভ্ৰমণ কৰিছিল।

ৰাহুল গান্ধীয়ে ২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ২৪৭ বাৰ বিদেশ ভ্ৰমণ কৰিছিল। উল্লেখ্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য'তেই যায় ৰাজনৈতিক উদ্দেশ্য লৈহে যায়। দলীয় কথা-বতৰাৰ অবিহনে তেওঁ কোনো ভ্ৰমণ নকৰে। বিজেপিৰ হৈ প্ৰচাৰ কৰাই প্ৰধানমন্ত্ৰীৰ মোদীৰ মুখ্য উদ্দেশ্য থাকে। কিন্তু ৰাহুল গান্ধীয়ে ৫ বছৰত ২৪৭ বাৰ বিদেশ ভ্ৰমণ কেৱল ব্যক্তিগত কাৰণতেই কৰিছে। এনে সময়তে একাংশই প্ৰশ্ন কৰিছে ৰাহুল গান্ধীৰ বাবে ৰাজনীতি পাৰ্ট টাইম জব নেকি? কংগ্ৰেছৰ আগশাৰীৰ নেতাই যদি দলটোৰ প্ৰতি এনেদৰে বিধি-পথালি দিয়ে তেন্তে আন কৰ্মীসকলে কেনেদৰে দলটোক গ্ৰহণ কৰিব সেয়া সহজেই অনুমেয়।

আৰু পঢ়কঃ মনৰ সুখেই আচল সুখ; ৪০ লাখ টকাৰ দৰমহাৰ চাকৰি এৰি ছাফাইকৰ্মী হ’ল মহিলা!


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম