--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰত নতুন বছৰৰ আগভাগতে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। এতিয়া এইকেইখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। অ'মিক্রনে দেশত সংহাৰ সৃষ্টি কৰিলেও উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচন পিছুৱাই দিয়াৰ প্রশ্ন আহি নপৰে বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। নির্বাচন আয়োগে ৫ ৰাজ্যৰ নির্বাচন সঠিক সময়তে অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। নিৰ্বাচনৰ এই ধামখুমীয়াৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী বিতৰ্কৰ মাজত সোমাই পৰিছে। কিন্তু কিয়? বৰ্তমান কংগ্ৰেছৰ অৱস্থা কি সেয়া সকলোৱে জানে। দিনকদিনে বিপৰ্যয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দল। ইফালে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। এনে সময়তে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে দলীয় নেতা–কর্মীসকলক প্রত্যাহ্বানৰ মাজত পেলাই থৈ বিদেশ ভ্রমণলৈ যাত্রা কৰিছে৷ ইতিমধ্যে দেশ এৰিছে ৰাহুলে৷ পুনৰ ব্যক্তিগত ভ্ৰমণসূচীৰে ইটালীলৈ ৰাওনা হৈছে ৰাহুল গান্ধী।

আইতাকক সাক্ষাৎ কৰাৰ বাবে যোৱা ৰাহুল গান্ধীৰ এই কাৰ্যই বহুতৰে চকু কপালত তুলিছে। ৰাহুল গান্ধীৰ ভ্ৰমণৰ সময়সূচীক লৈ বিভিন্নজনে প্ৰশ্ন কৰাৰ মাজতে অহা মাহত পঞ্জাৱৰ মোগাত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনী সমাৱেশক লৈয়ো অনিশ্চয়তাৰ সৃষ্টি হৈছে। চলিত বৰ্ষত ৰাহুল গান্ধীয়ে চাৰিবাৰ বিদেশ ভ্ৰমণলৈ গৈ ২৫ দিন কটাইছিল। সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বেও তেওঁ লণ্ডনলৈ গৈ অধিৱেশন অন্ত পৰাৰ এদিন পূৰ্বে দেশলৈ ঘূৰি আহিছিল। তেওঁ কা বিৰোধী আন্দোলনৰ সময়ত ছিংগাপুৰলৈ আৰু মহাৰাষ্ট্ৰ, হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে থাইলেণ্ডলৈ যোৱাৰ লগতে বিগত বৰ্ষৰ ডিচেম্বৰত কৃষি আইনবিৰোধী আন্দোলনৰ সময়ত ইটালী ভ্ৰমণ কৰিছিল।

ৰাহুল গান্ধীয়ে ২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ২৪৭ বাৰ বিদেশ ভ্ৰমণ কৰিছিল। উল্লেখ্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য'তেই যায় ৰাজনৈতিক উদ্দেশ্য লৈহে যায়। দলীয় কথা-বতৰাৰ অবিহনে তেওঁ কোনো ভ্ৰমণ নকৰে। বিজেপিৰ হৈ প্ৰচাৰ কৰাই প্ৰধানমন্ত্ৰীৰ মোদীৰ মুখ্য উদ্দেশ্য থাকে। কিন্তু ৰাহুল গান্ধীয়ে ৫ বছৰত ২৪৭ বাৰ বিদেশ ভ্ৰমণ কেৱল ব্যক্তিগত কাৰণতেই কৰিছে। এনে সময়তে একাংশই প্ৰশ্ন কৰিছে ৰাহুল গান্ধীৰ বাবে ৰাজনীতি পাৰ্ট টাইম জব নেকি? কংগ্ৰেছৰ আগশাৰীৰ নেতাই যদি দলটোৰ প্ৰতি এনেদৰে বিধি-পথালি দিয়ে তেন্তে আন কৰ্মীসকলে কেনেদৰে দলটোক গ্ৰহণ কৰিব সেয়া সহজেই অনুমেয়।

আৰু পঢ়কঃ মনৰ সুখেই আচল সুখ; ৪০ লাখ টকাৰ দৰমহাৰ চাকৰি এৰি ছাফাইকৰ্মী হ’ল মহিলা!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক