--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বছৰৰ শেষৰ দিনটোতে আহিল অ’মিক্ৰনত প্ৰথমজন আক্ৰান্তৰ মৃত্যুৰ খবৰ৷ পুণেত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু হয় ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনত আক্ৰান্ত হৈ৷ বৃহস্পতিবাৰে পুণেৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৰোগীজনৰ৷ আনহাতে, ৰাজস্থানৰ উদয়পুৰত দ্বিতীয়জন অ’মিক্ৰন আক্ৰান্তৰ মৃত্যুৰ বতৰি আহি পৰিছে৷ ৭৩বছৰীয়া এজন ব্যক্তিৰ মৃত্যু ঘটে ৰাজ্যখনত৷

অ’মিক্ৰনত আক্ৰান্ত ৰোগীজনৰ আছিল ভ্ৰমণ বৃত্তান্ত৷ ১৩ বছৰ ধৰি মধুমেহ ৰোগতো আক্ৰান্ত হৈ থকা ৰোগীজন আহিছিল নাইজেৰিয়াৰ পৰা৷ মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা মতে ব্যক্তিজন ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰতে সৰ্বাধিক ৪৫০জন লোক অ’মিক্ৰন ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰৰ পাছতে দিল্লীত মুঠ ৩২০জন অ’মিক্ৰনত আক্ৰান্ত হৈছে।

আনহাতে, নতুন বছৰক আদৰাৰ আগমুহূৰ্তত অ’মিক্ৰনৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰিছে৷ দেশত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা প্ৰায় ১,২৭০ জনলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ১৬ হাজাৰ ৭৬৪জন লোক। দেশত ইতিমধ্যে ১৪৪ কোটি ৫৪লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত ৬৬লাখ ৬৫ হাজাৰ ২৯০জনক কৰ’নাৰ ভেকচিন দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক