--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বছৰৰ শেষৰ দিনটোতে আহিল অ’মিক্ৰনত প্ৰথমজন আক্ৰান্তৰ মৃত্যুৰ খবৰ৷ পুণেত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু হয় ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনত আক্ৰান্ত হৈ৷ বৃহস্পতিবাৰে পুণেৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৰোগীজনৰ৷ আনহাতে, ৰাজস্থানৰ উদয়পুৰত দ্বিতীয়জন অ’মিক্ৰন আক্ৰান্তৰ মৃত্যুৰ বতৰি আহি পৰিছে৷ ৭৩বছৰীয়া এজন ব্যক্তিৰ মৃত্যু ঘটে ৰাজ্যখনত৷

অ’মিক্ৰনত আক্ৰান্ত ৰোগীজনৰ আছিল ভ্ৰমণ বৃত্তান্ত৷ ১৩ বছৰ ধৰি মধুমেহ ৰোগতো আক্ৰান্ত হৈ থকা ৰোগীজন আহিছিল নাইজেৰিয়াৰ পৰা৷ মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা মতে ব্যক্তিজন ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰতে সৰ্বাধিক ৪৫০জন লোক অ’মিক্ৰন ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰৰ পাছতে দিল্লীত মুঠ ৩২০জন অ’মিক্ৰনত আক্ৰান্ত হৈছে।

আনহাতে, নতুন বছৰক আদৰাৰ আগমুহূৰ্তত অ’মিক্ৰনৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰিছে৷ দেশত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা প্ৰায় ১,২৭০ জনলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ১৬ হাজাৰ ৭৬৪জন লোক। দেশত ইতিমধ্যে ১৪৪ কোটি ৫৪লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত ৬৬লাখ ৬৫ হাজাৰ ২৯০জনক কৰ’নাৰ ভেকচিন দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ