--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা চিডিএছ জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱট, বিগ্ৰেডিয়াৰ এল এছ লিড্ডাৰকে ধৰি মুঠ ১২গৰাকী বিষয়া-সৈনিকৰ নশ্বৰ দেহ বৃহস্পতিবাৰে বিয়লিভাগত দিল্লীলৈ অনা হয়। ৰাজধানীৰ পালম বিমানবন্দৰত নশ্বৰ দেহসমূহ আহি পোৱাৰ পাছতেই সকলোৰে চকুত চকুপানী ভৰি পৰিছিল। জেনেৰেল ৰাৱটৰ দুগৰাকী কন্যাই পিতৃ-মাতৃৰ কফিনলৈ চাই একেথৰে ৰৈ আছিল। ৰাৱটৰ দুই কন্যা শোকত ভাগি পৰিছিল। 

আৰু পঢ়কঃ জীৱনে-মৰণে এক হৈ থকাৰ প্ৰতিশ্ৰুতি! মৃত্যু পৰ্যন্ত বিপিন ৰাৱটৰ লগ নেৰিলে পত্নী মধুলিকাই

শ্বহীদ ব্ৰিগেডিয়াৰ এল এছ লিডৰৰ কন্যা আশ্নাই তেওঁৰ দেউতাকৰ কফিনৰ কাষ চাপি অহা দৃশ্যটোৱে সকলোকে আৱেগিক কৰি তুলিছিল। কোনোৱে ধৰি ৰাখিব পৰা নাছিল দুচকুৰে বৈ অহা লোটক। আশ্নাই বিগ্ৰেডিয়াৰ পিতৃৰ নশ্বৰ দেহ থকা কফিনটোলৈ একেথৰে চাই আছিল আৰু পিতৃৰ কফিনত ধৰি কিছুসময় ৰৈ থকাৰ লগতে কান্দি কান্দি কফিনতে কেইবাবাৰো চুম্বন কৰিছিল। সেই দৃশ্য দেখি উপস্থিত সকলোৰে চকুপানীৰে ভৰি পৰিছিল। শ্বহীদ ব্ৰিগেডিয়াৰ এল এছ লিডৰৰ কন্যা আশ্না এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। আশ্নাই কান্দি কান্দি কৈছিল ''যোৱাগৈ দেউতা…বিদায়।''

বিমানবন্দৰত শ্বহীদ পৰিয়ালক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

চিডিএছ জেনেৰেল বিপিন ৰাৱটকে ধৰি সকলো শ্বহীদৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া ৭.৪৫ বজাত পালম বিমানবন্দৰ আহি পাইছিলহি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিশা ৯ বজাত বিমানবন্দৰত উপস্থিত হয় আৰু জেনেৰেল ৰাৱটকে ধৰি সকলো শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্বহীদসকলৰ কফিন দেখি প্ৰধানমন্ত্ৰীয়ে হাতযোৰ কৰি প্ৰণাম জনায় আৰু কিছু সময় চকু মুদি ৰৈ থাকে। মোডীয়ে শ্বহীদসকলৰ পৰিয়ালক এজন এজনকৈ লগ কৰিছিল আৰু তেওঁলোকক সাহস প্ৰদান কৰিছিল।

আৰু পঢ়কঃ দুৰ্ঘটনাৰ পাছতো জীৱিত আছিল বিপিন ৰাৱট! উদ্ধাৰকাৰীক সেহাই সেহাই কৈছিল নিজৰ নাম


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ