--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা চিডিএছ জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱট, বিগ্ৰেডিয়াৰ এল এছ লিড্ডাৰকে ধৰি মুঠ ১২গৰাকী বিষয়া-সৈনিকৰ নশ্বৰ দেহ বৃহস্পতিবাৰে বিয়লিভাগত দিল্লীলৈ অনা হয়। ৰাজধানীৰ পালম বিমানবন্দৰত নশ্বৰ দেহসমূহ আহি পোৱাৰ পাছতেই সকলোৰে চকুত চকুপানী ভৰি পৰিছিল। জেনেৰেল ৰাৱটৰ দুগৰাকী কন্যাই পিতৃ-মাতৃৰ কফিনলৈ চাই একেথৰে ৰৈ আছিল। ৰাৱটৰ দুই কন্যা শোকত ভাগি পৰিছিল। 

আৰু পঢ়কঃ জীৱনে-মৰণে এক হৈ থকাৰ প্ৰতিশ্ৰুতি! মৃত্যু পৰ্যন্ত বিপিন ৰাৱটৰ লগ নেৰিলে পত্নী মধুলিকাই

শ্বহীদ ব্ৰিগেডিয়াৰ এল এছ লিডৰৰ কন্যা আশ্নাই তেওঁৰ দেউতাকৰ কফিনৰ কাষ চাপি অহা দৃশ্যটোৱে সকলোকে আৱেগিক কৰি তুলিছিল। কোনোৱে ধৰি ৰাখিব পৰা নাছিল দুচকুৰে বৈ অহা লোটক। আশ্নাই বিগ্ৰেডিয়াৰ পিতৃৰ নশ্বৰ দেহ থকা কফিনটোলৈ একেথৰে চাই আছিল আৰু পিতৃৰ কফিনত ধৰি কিছুসময় ৰৈ থকাৰ লগতে কান্দি কান্দি কফিনতে কেইবাবাৰো চুম্বন কৰিছিল। সেই দৃশ্য দেখি উপস্থিত সকলোৰে চকুপানীৰে ভৰি পৰিছিল। শ্বহীদ ব্ৰিগেডিয়াৰ এল এছ লিডৰৰ কন্যা আশ্না এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। আশ্নাই কান্দি কান্দি কৈছিল ''যোৱাগৈ দেউতা…বিদায়।''

বিমানবন্দৰত শ্বহীদ পৰিয়ালক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

চিডিএছ জেনেৰেল বিপিন ৰাৱটকে ধৰি সকলো শ্বহীদৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া ৭.৪৫ বজাত পালম বিমানবন্দৰ আহি পাইছিলহি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিশা ৯ বজাত বিমানবন্দৰত উপস্থিত হয় আৰু জেনেৰেল ৰাৱটকে ধৰি সকলো শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্বহীদসকলৰ কফিন দেখি প্ৰধানমন্ত্ৰীয়ে হাতযোৰ কৰি প্ৰণাম জনায় আৰু কিছু সময় চকু মুদি ৰৈ থাকে। মোডীয়ে শ্বহীদসকলৰ পৰিয়ালক এজন এজনকৈ লগ কৰিছিল আৰু তেওঁলোকক সাহস প্ৰদান কৰিছিল।

আৰু পঢ়কঃ দুৰ্ঘটনাৰ পাছতো জীৱিত আছিল বিপিন ৰাৱট! উদ্ধাৰকাৰীক সেহাই সেহাই কৈছিল নিজৰ নাম


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম