--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দ্ৰুতগতিত বৃদ্ধি পাইছে অ’মিক্ৰনৰ প্ৰভাৱ৷ এইবাৰ দ্বিতীয় ঢৌতকৈয়ো ভয়াৱহ ৰূপ ধাৰণ কৰিছে অ’মিক্ৰনে৷ যাৰ সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ এই নিষেধাজ্ঞাৰ জাৰি কৰিছে ২০২২ বৰ্ষৰ ৩১ জানুৱাৰীলৈ৷ অৰ্থাৎ এমাহলৈ বৃদ্ধি কৰা হৈছে যাত্ৰীবাহী বিমানসেৱাৰ ওপৰত নিষেধাজ্ঞা।

বিমান নিয়ন্ত্ৰক ডিজিচিএ-য়ে কয় যে, অ’মিক্ৰনৰ পৰা উদ্ভৱ হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত ভাৰতে ৩১ জানুৱাৰীলৈকে অনুসূচীত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানসেৱাৰ ওপৰত নিষেধাজ্ঞা ৰাখিব।
পূৰ্বৰ আদেশত আংশিক পৰিৱৰ্তন কৰি, ভাৰতলৈ অহা-যোৱা কৰা অনুসূচীত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰীবাহী বিমানসমূহ ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে, ডিজিচিএ-এ এক বিবৃতিত কয়। অ’মিক্ৰনৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে৷

কৰ’না ভাইৰাছ মহামাৰীৰ বাবে দেশখনে ২৩ মাৰ্চ ২০২০ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল স্থগিত ৰাখিছিল। অৱশ্যে, প্ৰায় ৩২খন দেশৰ সৈতে গঠন কৰা বায়ু ব্যৱস্থাৰ অধীনত বিগত বৰ্ষৰ জুলাইৰ পৰা বিশেষ আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান পৰিচালনা কৰি আহিছে। দেশৰ মাজত হোৱা এয়াৰ-বাবল চুক্তিৰ অধীনত, বিমান সেৱাসমূহে তেওঁলোকৰ অঞ্চলবোৰৰ মাজত নিৰ্দিষ্ট নিষেধাজ্ঞাৰ সৈতে বিশেষ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলত কৰিব পাৰে। উল্লেখ্য যে, ভাৰতে আমেৰিকা যুক্তৰাজ্য, ইউকে, ইউ.এ.ই., কেনিয়া, ভূটান আৰু ফ্ৰান্সকে ধৰি প্ৰায় ৩২খন দেশৰ সৈতে বায়ু এয়াৰ-বাবল চুক্তি গঠন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...