--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা তামিলনাডুৰ হেলিকপ্টাৰ দু্ৰ্ঘটনাত প্ৰাণ হেৰুৱালে দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ লগতে ৰাৱটৰ পত্নী মধুলিকাকে ধৰি ১৩জনকৈ বিষয়া-সৈনিকে। ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল। এই ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল এজন সেনাৰ। তেওঁ এতিয়াও হাস্পতালৰ আইচিইউত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। এই বীৰগৰাকীৰ নাম বৰুণ সিং।

উল্লেখ্য যে বিগত বছৰৰ আগষ্টত বৰুণ সিঙক শৌৰ্য চক্ৰ প্ৰদান কৰা হৈছিল। যুঁজাৰু বিমান তেজছৰ এটা ডাঙৰ কাৰিকৰী ত্ৰুটিৰ ঘটাৰ পাছত উৰণৰ সময়ত সংঘটিত হবলৈ ওলোৱা ভয়ংকৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে তেওঁক শৌৰ্য চক্ৰ প্ৰদানেৰে সন্মান যঁচা হৈছিল। ৱেলিংটনৰ এখন সামৰিক চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি থকা বৰুণ সিঙক বৰ্তমান উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ লৈ যোৱা হৈছে। তেওঁৰ অৱস্থা এতিয়াও গুৰুতৰ কিন্তু স্থিৰ বুলি কোৱা হৈছে।

আৰু পঢ়কঃ বিদায় দেউতা ! বিগ্ৰেডিয়াৰ এল এছ লিড্ডাৰৰ কফিনত চুম্বন কৰি শোকত ভাগি পৰিল কন্যা

বৰুণ সিঙৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া। বৰুণৰ পিতৃ কৰ্ণেল কেপি সিঙে কয় যে ''মোৰ পুত্ৰ এজন যোদ্ধা। তেওঁ এই যুদ্ধত জয়ী হৈ উভতি আহিব। পূৰ্বেও বৰুণ সিং বহু অঘটনৰ পৰা ৰক্ষা পৰিছে আৰু এইবাৰো তেওঁ ৰক্ষা পৰিব বুলি বিশ্বাস ৰাখিছোঁ''। কৰ্ণেল কেপি সিং ভূপালৰ চান চিটিত বাস কৰে। হেলিকপ্টাৰ দুৰ্ঘটনাৰ সময়ত তেওঁ সৰু পুত্ৰ তনুজ সিঙৰ লগত মুম্বাইত আছিল। তনুজ সিং নৌসেনাৰ এজন লেফটেনেণ্ট কমাণ্ডাৰ।

আৰু পঢ়কঃ শ্বহীদ প্ৰণামো তোমাক; আজি শ্বহীদ দিৱসত ৰাজ্যই সুঁৱৰিছে ৮৫৫জন বীৰ শ্বহীদক


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম