--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা তামিলনাডুৰ হেলিকপ্টাৰ দু্ৰ্ঘটনাত প্ৰাণ হেৰুৱালে দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ লগতে ৰাৱটৰ পত্নী মধুলিকাকে ধৰি ১৩জনকৈ বিষয়া-সৈনিকে। ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল। এই ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল এজন সেনাৰ। তেওঁ এতিয়াও হাস্পতালৰ আইচিইউত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। এই বীৰগৰাকীৰ নাম বৰুণ সিং।

উল্লেখ্য যে বিগত বছৰৰ আগষ্টত বৰুণ সিঙক শৌৰ্য চক্ৰ প্ৰদান কৰা হৈছিল। যুঁজাৰু বিমান তেজছৰ এটা ডাঙৰ কাৰিকৰী ত্ৰুটিৰ ঘটাৰ পাছত উৰণৰ সময়ত সংঘটিত হবলৈ ওলোৱা ভয়ংকৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে তেওঁক শৌৰ্য চক্ৰ প্ৰদানেৰে সন্মান যঁচা হৈছিল। ৱেলিংটনৰ এখন সামৰিক চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি থকা বৰুণ সিঙক বৰ্তমান উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ লৈ যোৱা হৈছে। তেওঁৰ অৱস্থা এতিয়াও গুৰুতৰ কিন্তু স্থিৰ বুলি কোৱা হৈছে।

আৰু পঢ়কঃ বিদায় দেউতা ! বিগ্ৰেডিয়াৰ এল এছ লিড্ডাৰৰ কফিনত চুম্বন কৰি শোকত ভাগি পৰিল কন্যা

বৰুণ সিঙৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া। বৰুণৰ পিতৃ কৰ্ণেল কেপি সিঙে কয় যে ''মোৰ পুত্ৰ এজন যোদ্ধা। তেওঁ এই যুদ্ধত জয়ী হৈ উভতি আহিব। পূৰ্বেও বৰুণ সিং বহু অঘটনৰ পৰা ৰক্ষা পৰিছে আৰু এইবাৰো তেওঁ ৰক্ষা পৰিব বুলি বিশ্বাস ৰাখিছোঁ''। কৰ্ণেল কেপি সিং ভূপালৰ চান চিটিত বাস কৰে। হেলিকপ্টাৰ দুৰ্ঘটনাৰ সময়ত তেওঁ সৰু পুত্ৰ তনুজ সিঙৰ লগত মুম্বাইত আছিল। তনুজ সিং নৌসেনাৰ এজন লেফটেনেণ্ট কমাণ্ডাৰ।

আৰু পঢ়কঃ শ্বহীদ প্ৰণামো তোমাক; আজি শ্বহীদ দিৱসত ৰাজ্যই সুঁৱৰিছে ৮৫৫জন বীৰ শ্বহীদক


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক