--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশ ভ্ৰমণত ওলাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ চলিত মাহৰ ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ আমেৰিকা ভ্ৰমণৰ সূচী প্ৰস্তুত কৰিছে নেতা গৰাকীয়ে৷ এই ভ্ৰমণ কালত টেক্সাছ বিশ্ববিদ্যালয়কে ধৰি ৱাশ্বিংটন ডি চি আৰু ডালাছত মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে।

বহিঃৰাজ্যৰ কংগ্ৰেছ দলৰ অধক্ষ্য ছেম পিট্ৰ’ডাই সদৰি কৰা অনুসৰি লোকসভাত বিৰোধী দলৰ নেতৃত্ব গ্ৰহণ কৰা পাছত ৰাহুল গান্ধীৰ প্ৰথম আমেৰিকা ভ্ৰমণ। এক ভিডিঅ’ বিবৃতিত ছেম পিট্ৰ’ডাই কয় যে ৰাহুল গান্ধীয়ে বিৰোধীপক্ষৰ নেতৃত্ব বহন কৰা পিছৰে পৰা ৩২খন দেশত উপস্থিত থকা ভাৰতীয় বহিঃৰাজ্য কংগ্ৰেছৰ অধ্যক্ষ হিচাপে, ভৰতীয়মূলৰ কূটনীতিবিদ, শিক্ষাবিদ, ব্যৱসায়ী, নেতা, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহৰ লগতে  আন বহু লোকৰ পৰা ৰাহুল গান্ধীৰ সৈতে যোগাযোগৰ বাবে অনুৰোধ পাই আহিছো। সকলোৰে অনুৰোধ ৰক্ষা কৰি ৮ ছেপ্টেম্বৰত আমেৰিকাত উপস্থিত হ’ব ৰাহুল গান্ধী৷

ছেম পিট্ৰ’ডাই সদৰি কৰে যে অতি কম সময়ৰ বাবে ৰাহুল গান্ধী আমেৰিকালৈ আহি আছে।৮ ছেপ্টেম্বৰত ডালাছত সময় কটোৱাৰ পাছতে ৯ আৰু ১০ ছেপ্টেম্বৰত উপস্থিত থাকিব ৱাশ্বিংটন ডিচিত। ডালাছত ৰাহুল গান্ধীয়ে টেক্সাছ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ লগতে ভাৰতীয় মূলৰ  লোকসকলৰ সৈতেও মত বিনিময় কৰিব৷ এখন বিশাল সামূহিক সভা অনুষ্ঠিত কৰা হ’ব।

তেওঁ লগতে কয় আমি কিছুমান টেকন’ক্ৰেটৰ ​​লগতো আলোচনাত মিলিত হম৷ ইয়াৰ পাছতে ডালাছৰ নেতাসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে। পিছদিনা ৰাহুল গান্ধীয়ে ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিব, তাত থিংক টেংক, নেশ্যনেল প্ৰেছ ক্লাব আদিকে ধৰি বিভিন্ন লোকৰ সৈতে মত বিনিময় কৰাৰ সম্ভাৱনা আছে৷ ছেম পিট্ৰ’ডাই কয় যে ৰাহুল গান্ধীক আদৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে৷লগতে ৰাহুল গান্ধীৰ এই বিদেশ ভ্ৰমণৰ সফলতা কামনা কৰা বুলিও জানিবলৈ দিয়ে৷ উল্লেখনীয় যে  ছেপ্টেম্বৰৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ খবৰ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ