--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশ ভ্ৰমণত ওলাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ চলিত মাহৰ ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ আমেৰিকা ভ্ৰমণৰ সূচী প্ৰস্তুত কৰিছে নেতা গৰাকীয়ে৷ এই ভ্ৰমণ কালত টেক্সাছ বিশ্ববিদ্যালয়কে ধৰি ৱাশ্বিংটন ডি চি আৰু ডালাছত মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে।

বহিঃৰাজ্যৰ কংগ্ৰেছ দলৰ অধক্ষ্য ছেম পিট্ৰ’ডাই সদৰি কৰা অনুসৰি লোকসভাত বিৰোধী দলৰ নেতৃত্ব গ্ৰহণ কৰা পাছত ৰাহুল গান্ধীৰ প্ৰথম আমেৰিকা ভ্ৰমণ। এক ভিডিঅ’ বিবৃতিত ছেম পিট্ৰ’ডাই কয় যে ৰাহুল গান্ধীয়ে বিৰোধীপক্ষৰ নেতৃত্ব বহন কৰা পিছৰে পৰা ৩২খন দেশত উপস্থিত থকা ভাৰতীয় বহিঃৰাজ্য কংগ্ৰেছৰ অধ্যক্ষ হিচাপে, ভৰতীয়মূলৰ কূটনীতিবিদ, শিক্ষাবিদ, ব্যৱসায়ী, নেতা, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহৰ লগতে  আন বহু লোকৰ পৰা ৰাহুল গান্ধীৰ সৈতে যোগাযোগৰ বাবে অনুৰোধ পাই আহিছো। সকলোৰে অনুৰোধ ৰক্ষা কৰি ৮ ছেপ্টেম্বৰত আমেৰিকাত উপস্থিত হ’ব ৰাহুল গান্ধী৷

ছেম পিট্ৰ’ডাই সদৰি কৰে যে অতি কম সময়ৰ বাবে ৰাহুল গান্ধী আমেৰিকালৈ আহি আছে।৮ ছেপ্টেম্বৰত ডালাছত সময় কটোৱাৰ পাছতে ৯ আৰু ১০ ছেপ্টেম্বৰত উপস্থিত থাকিব ৱাশ্বিংটন ডিচিত। ডালাছত ৰাহুল গান্ধীয়ে টেক্সাছ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ লগতে ভাৰতীয় মূলৰ  লোকসকলৰ সৈতেও মত বিনিময় কৰিব৷ এখন বিশাল সামূহিক সভা অনুষ্ঠিত কৰা হ’ব।

তেওঁ লগতে কয় আমি কিছুমান টেকন’ক্ৰেটৰ ​​লগতো আলোচনাত মিলিত হম৷ ইয়াৰ পাছতে ডালাছৰ নেতাসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে। পিছদিনা ৰাহুল গান্ধীয়ে ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিব, তাত থিংক টেংক, নেশ্যনেল প্ৰেছ ক্লাব আদিকে ধৰি বিভিন্ন লোকৰ সৈতে মত বিনিময় কৰাৰ সম্ভাৱনা আছে৷ ছেম পিট্ৰ’ডাই কয় যে ৰাহুল গান্ধীক আদৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে৷লগতে ৰাহুল গান্ধীৰ এই বিদেশ ভ্ৰমণৰ সফলতা কামনা কৰা বুলিও জানিবলৈ দিয়ে৷ উল্লেখনীয় যে  ছেপ্টেম্বৰৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ খবৰ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু