--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম বিধানসভাৰ মজিয়াত ইতি পৰিল ৮৭ বৰ্ষৰ ধৰি চলি অহা দুঘণ্টাৰ নামাজ বিৰতি। ১৯৩৭ চনত অসম বিধানসভা কাৰ্যক্ষম হোৱাৰ পৰাই  আৰম্ভ হৈছিল এই প্ৰথ।প্ৰথা অনুসৰি প্ৰতি শুকুৰবাৰে পুৱা ১১ বজাত সদনৰ কাৰ্য্যবিধি দুঘণ্টাৰ বাবে স্থগিত ৰখা হৈছিল যাতে মুছলমান বিধায়কসকলে নমাজ পঢ়াৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি  সদনত অংশগ্ৰহণ কৰিব পাৰে।

৮৭ বছৰ ধৰি চলি অহা দুঘণ্টাৰ নামাজ বিৰতি সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম বিধানসভাই।বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ অধ্যক্ষতাত অসম বিধানসভা নিয়মাৱলী সমিতিৰ দ্বাৰা অনা অসম বিধানসভাৰ কাৰ্য্যবিধিৰ সংশোধনীৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।শৰৎকালীন অধিবেশনৰ শেষৰ দিনটোত জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে যিহেতু সপ্তাহৰ অন্য দিনত এই প্ৰথা পালন কৰা নহয়। আৰু সংবিধানৰ ধৰ্ম নিৰপেক্ষ নীতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 'ধৰ্মীয় বিভাজনে সমাজ খন ভাগ কৰা উপনিবেশিক নীতি ত্যাগ কৰি।' ইতিহাস ৰচনা কৰা বুলিও কোৱা হৈছে এই সিদ্ধান্তক।

এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দুঘণ্টীয়া নামাজ বিৰতি বিলুপ্ত  কৰি বিধানসভাই উৎপাদনশীলতাক অগ্ৰাধিকাৰ প্ৰদান  কৰাৰ লগতে ঔপনিৱেশিক শাসনৰ আন এক অৱশিষ্ট আঁতৰাই পেলোৱা হৈছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মুছলিম লীগৰ চৈয়দ সাদুল্লাই এই প্ৰথা ১৯৩৭ চনত আৰম্ভ কৰিছিল। এই ঐতিহাসিক সিদ্ধান্তৰ বাবে সন্মানীয় অধ্যক্ষ বিশ্বজিত দৈমাৰী দেৱৰ লগতে আমাৰ বিধায়কসকলৰ প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ