--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজ সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ যেনেদৰে মৰম থাকে, সেই একেই মৰম বন্যপ্ৰাণীৰ মাজতো দেখা যায়। কোনো চৰাই বা জন্তুৰ সন্তানক অনিষ্ট কৰিবলৈ গৈ কোনো মানুহ বিপদত পৰাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পোহৰলৈ আহিছে য'ত দেখা গৈছে যে নিজৰ স্বাৰ্থৰ বাবে ময়ূৰৰ কণীৰ ক্ষতি কৰিবলৈ অহা এজন ব্যক্তিয়ে কেনেদৰে এক শিক্ষা লাভ কৰিলে। ভিডিঅ'টোত দেখা গৈছে যে এজনী ময়ূৰে তাইৰ কণীবোৰ সুৰক্ষা দি আছে। নিজৰ সন্তানক পৃথিৱীৰ পোহৰ দেখুৱাবৰ বাবে ময়ূৰজনীয়ে নিজৰ কণীকেইটাত উম দি আছিল। ৰাস্তাৰ কাষতে কণীবোৰ সুৰক্ষা দি থাকোতে হঠাতে এজন মানুহ তাত উপস্থিত হ'ল। তেওঁৰ উদ্দেশ্য আছিল ময়ূৰৰ কণী চুৰি কৰা। সেই উদ্দেশ্যৰে মানুহজনে এটা-দুটাকৈ কণীবোৰ হাতত তুলি লয়। তেওঁ গম পোৱা নাছিল যে এই কামে তেওঁলৈ বিপদ মাতি আনিব পাৰে।

চাওঁক ভিডিঅ'

https://www.youtube.com/watch?v=cbDsFYlNl7M অন্য এটা ময়ূৰে যে তেওঁক লক্ষ্য কৰি আছিল সেই কথা মানুহজনে গমেই পোৱা নাছিল। কণীবোৰ তুলিবলৈ চেষ্টা কৰাৰ লগে লগে হঠাতে আন এটা ময়ূৰ উৰি আহি মানুহজনক আক্ৰমণ কৰিলে। ব্যক্তিজনে স্বাভাৱিকতে এনে অবাঞ্ছিত আক্ৰমণৰ প্ৰতি অলপো সাজু নাছিল। ময়ূৰৰ আ্ক্ৰমণত মানুহজন বাগৰি পৰে। যিকোনো প্ৰাণীয়ে নিজৰ কণী বা সন্তানক সুৰক্ষা দিবলৈ সকলো শক্তিৰে যুঁজিব পাৰে ভিডিঅ'টোৱে যেন তাকেই বুজালে। মানুহক শিক্ষা দিয়া এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে। আৰু পঢ়কঃ কাগজৰ অভাৱত পৰীক্ষা বাতিল হোৱা শুনিছেনে? এই স্থানত সংঘটিত হ’ল সেই কাণ্ড PCA Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
ক'লা কাপোৰ প্ৰদর্শন কৰি সংসদত প্রতিবাদ বিৰোধীৰ
জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজ টিংখাঙৰ এগৰাকী কিশোৰীৰ! ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে