--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজ সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ যেনেদৰে মৰম থাকে, সেই একেই মৰম বন্যপ্ৰাণীৰ মাজতো দেখা যায়। কোনো চৰাই বা জন্তুৰ সন্তানক অনিষ্ট কৰিবলৈ গৈ কোনো মানুহ বিপদত পৰাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পোহৰলৈ আহিছে য'ত দেখা গৈছে যে নিজৰ স্বাৰ্থৰ বাবে ময়ূৰৰ কণীৰ ক্ষতি কৰিবলৈ অহা এজন ব্যক্তিয়ে কেনেদৰে এক শিক্ষা লাভ কৰিলে। ভিডিঅ'টোত দেখা গৈছে যে এজনী ময়ূৰে তাইৰ কণীবোৰ সুৰক্ষা দি আছে। নিজৰ সন্তানক পৃথিৱীৰ পোহৰ দেখুৱাবৰ বাবে ময়ূৰজনীয়ে নিজৰ কণীকেইটাত উম দি আছিল। ৰাস্তাৰ কাষতে কণীবোৰ সুৰক্ষা দি থাকোতে হঠাতে এজন মানুহ তাত উপস্থিত হ'ল। তেওঁৰ উদ্দেশ্য আছিল ময়ূৰৰ কণী চুৰি কৰা। সেই উদ্দেশ্যৰে মানুহজনে এটা-দুটাকৈ কণীবোৰ হাতত তুলি লয়। তেওঁ গম পোৱা নাছিল যে এই কামে তেওঁলৈ বিপদ মাতি আনিব পাৰে।

চাওঁক ভিডিঅ'

https://www.youtube.com/watch?v=cbDsFYlNl7M অন্য এটা ময়ূৰে যে তেওঁক লক্ষ্য কৰি আছিল সেই কথা মানুহজনে গমেই পোৱা নাছিল। কণীবোৰ তুলিবলৈ চেষ্টা কৰাৰ লগে লগে হঠাতে আন এটা ময়ূৰ উৰি আহি মানুহজনক আক্ৰমণ কৰিলে। ব্যক্তিজনে স্বাভাৱিকতে এনে অবাঞ্ছিত আক্ৰমণৰ প্ৰতি অলপো সাজু নাছিল। ময়ূৰৰ আ্ক্ৰমণত মানুহজন বাগৰি পৰে। যিকোনো প্ৰাণীয়ে নিজৰ কণী বা সন্তানক সুৰক্ষা দিবলৈ সকলো শক্তিৰে যুঁজিব পাৰে ভিডিঅ'টোৱে যেন তাকেই বুজালে। মানুহক শিক্ষা দিয়া এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে। আৰু পঢ়কঃ কাগজৰ অভাৱত পৰীক্ষা বাতিল হোৱা শুনিছেনে? এই স্থানত সংঘটিত হ’ল সেই কাণ্ড PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন