--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) অফিচিয়েল ৱেবছাইটযোগে দশম আৰু দ্বাদশ শ্ৰেণীৰ টাৰ্ম ১ পৰীক্ষাৰ ফলাফলৰ ঘোষণা কৰা নাই৷ অৱশ্যে চিবিএছইয়ে অফিচিয়েল টুইটাৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ টাৰ্ম ২ পৰীক্ষাৰ ওপৰত এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছিল। বিগত কেইদিনমানৰ পৰা ছ’চিয়েল মিডিয়াৰ জৰিয়তে টাৰ্ম ২ ব’ৰ্ড পৰীক্ষাৰ দিন সন্দৰ্ভত এখন ভুৱা জাননী প্ৰচাৰ কৰা হৈছিল। এই ভুৱা জাননীখনৰ সন্দৰ্ভত ব’ৰ্ডে স্পষ্টীকৰণ জাৰি কৰিছে টুইটযোগে৷ লগতে ব’ৰ্ডে বহুবাৰ শিক্ষাৰ্থীসকলক ভুৱা জাননীক বিশ্বাস নকৰিবলৈ পৰামৰ্শ আহবঢ়ায়। প্ৰামাণিক তথ্যৰ বাবে, দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে চিবিএছইৰ অফিচিয়েল ৱেবছাইট চাব লাগে। https://twitter.com/cbseindia29/status/1488552398033461252?s=20&t=4PlVGrfePZXY_1pXMnkRrQ চিবিএছইৰ দ্বাৰা এই জাননী প্ৰকাশ কৰাৰ লগে লগে, শিক্ষাৰ্থীসকলে তেওঁলোকৰ টাৰ্ম ১ৰ ফলাফল কেতিয়া প্ৰকাশ কৰা হ’ব তাক লৈ প্ৰশ্ন উত্থাপন কৰে৷ লগতে, টাৰ্ম ২ ব’ৰ্ড পৰীক্ষাৰ কোনো আপডেট নথকাৰ বাবে পৰৱৰ্তী ব’ৰ্ড পৰীক্ষাৰ বিষয়ে উদ্বিগ্ন হৈ পৰিছে। চিবিএছই বোৰ্ডৰ শিক্ষাৰ্থীসকলক টাৰ্ম ১ ফলাফল বা টাৰ্ম ২ ব’ৰ্ড পৰীক্ষাৰ সময়সূচীৰ যিকোনো বিৱৰণৰ বাবে অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম