--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ দুখন অন্যতম ৰাজ্য  ছত্তীশগড় আৰু মিজোৰামত আজি বিধানসভা নিৰ্বাচনৰ ভোটগে্ৰহণ অনুষ্ঠিত হয়। মিজোৰামত ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণ আছিল যদিও ছত্তীশগড়ত মাওবাদীয়ে একাধিক অঘটন ঘটায়। দুয়ো খন ৰাজত্যতে  প্ৰায় তিনি চতুৰ্থাংশ যোগ্য ভোটাৰে মঙলবাৰে ভোটদান কৰে  বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। 

সন্ধিয়া ৭ বজাত উপলব্ধ তথ্য অনুসৰি  আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ছত্তীশগড়ৰ নব্বৈটা বিধানসভা সমষ্টিৰ ২০ টাত ভোটদানৰ হাৰ হৈছে ৭২ %। একেদৰে মিজোৰামত ভোটদানৰ হাৰ প্ৰায়  ৭৮ % আছিল। ছত্তীশগড়ত, ভানুপ্ৰতাপপুৰ সমষ্টিত  সৰ্বাধিক ভোটদানৰ হাৰ  ৭৯.১০% হৈছে। বিজাপুৰ সমষ্টিত ৰাজ্যখনত সৰ্বনিম্ন ভোটদানৰ হাৰ ৪০.৯৮ % আছিল।  নিৰ্বাচন আয়োগেপ্ৰকাশ কৰা মতে ৰাজ্য খনৰ  কিছুমান ভোটকেন্দ্ৰৰ তথ্য আহিবলৈ  সময় লাগিব পাৰে।ভোটগ্ৰহণৰ দিনটোতে  ৰাজ্যখনত মাওবাদী  আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ । 

সংঘৰ্ষত চাৰিজন সুৰক্ষা কৰ্মী আহত হোৱাৰ খবৰ আহিছে। একেদৰে   পাঁচ বা ছজন মাওবাদীৰ মৃত্যু হোৱা বুলিও খবৰ পোৱা গৈছে। মাওবাদীয়ে ঘটোৱা আইইডি বিস্ফোৰণত  এজন নিৰাপত্তা বিষয়া আহত হয়৷ ৰাজ্যখনৰ আন সত্তৰটা সমষ্টিত ১৭ নৱেম্বৰত ভোটদান হ'ব৷ ইপিনে মিজোৰামৰ টুইকুম আসনত ভোটদানৰ হাৰ  ৮৭.৩২%, এয়া ৰাজ্যখনৰ ভিতৰতে এতিয়ালৈকে সৰ্বাধিক ৷ নিৰ্বাচন আয়োগৰ  তথ্যই দেখুৱাইছে যে সোমবাৰে সন্ধিয়া ৭  বজালৈকে মিজোৰামত সৰ্বনিম্ন ভোটদান হোৱা সমষ্টিটো আছিল আইজল ইষ্ট-১, য'ত ৬৫.৯৭% যোগ্য ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে। 

মিজোৰাম বিধান সভাত ৪০ খন আসন আছে আৰু আজি আটাইকেইখন আসনৰ বাবেই  নিৰ্বাচন অনুষ্ঠিত হৈছে। ৩ ডিচেম্বৰত দুয়ো খন ৰাজ্যতে ভোটগণনা কৰা হ'ব৷ ছত্তীশগড়ত বৰ্তমান  কংগ্ৰেছ দল শাসনত আছে, আনহাতে মিজো নেচনেল ফ্ৰণ্টে শাসন কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু