--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ দুখন অন্যতম ৰাজ্য  ছত্তীশগড় আৰু মিজোৰামত আজি বিধানসভা নিৰ্বাচনৰ ভোটগে্ৰহণ অনুষ্ঠিত হয়। মিজোৰামত ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণ আছিল যদিও ছত্তীশগড়ত মাওবাদীয়ে একাধিক অঘটন ঘটায়। দুয়ো খন ৰাজত্যতে  প্ৰায় তিনি চতুৰ্থাংশ যোগ্য ভোটাৰে মঙলবাৰে ভোটদান কৰে  বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। 

সন্ধিয়া ৭ বজাত উপলব্ধ তথ্য অনুসৰি  আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ছত্তীশগড়ৰ নব্বৈটা বিধানসভা সমষ্টিৰ ২০ টাত ভোটদানৰ হাৰ হৈছে ৭২ %। একেদৰে মিজোৰামত ভোটদানৰ হাৰ প্ৰায়  ৭৮ % আছিল। ছত্তীশগড়ত, ভানুপ্ৰতাপপুৰ সমষ্টিত  সৰ্বাধিক ভোটদানৰ হাৰ  ৭৯.১০% হৈছে। বিজাপুৰ সমষ্টিত ৰাজ্যখনত সৰ্বনিম্ন ভোটদানৰ হাৰ ৪০.৯৮ % আছিল।  নিৰ্বাচন আয়োগেপ্ৰকাশ কৰা মতে ৰাজ্য খনৰ  কিছুমান ভোটকেন্দ্ৰৰ তথ্য আহিবলৈ  সময় লাগিব পাৰে।ভোটগ্ৰহণৰ দিনটোতে  ৰাজ্যখনত মাওবাদী  আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ । 

সংঘৰ্ষত চাৰিজন সুৰক্ষা কৰ্মী আহত হোৱাৰ খবৰ আহিছে। একেদৰে   পাঁচ বা ছজন মাওবাদীৰ মৃত্যু হোৱা বুলিও খবৰ পোৱা গৈছে। মাওবাদীয়ে ঘটোৱা আইইডি বিস্ফোৰণত  এজন নিৰাপত্তা বিষয়া আহত হয়৷ ৰাজ্যখনৰ আন সত্তৰটা সমষ্টিত ১৭ নৱেম্বৰত ভোটদান হ'ব৷ ইপিনে মিজোৰামৰ টুইকুম আসনত ভোটদানৰ হাৰ  ৮৭.৩২%, এয়া ৰাজ্যখনৰ ভিতৰতে এতিয়ালৈকে সৰ্বাধিক ৷ নিৰ্বাচন আয়োগৰ  তথ্যই দেখুৱাইছে যে সোমবাৰে সন্ধিয়া ৭  বজালৈকে মিজোৰামত সৰ্বনিম্ন ভোটদান হোৱা সমষ্টিটো আছিল আইজল ইষ্ট-১, য'ত ৬৫.৯৭% যোগ্য ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে। 

মিজোৰাম বিধান সভাত ৪০ খন আসন আছে আৰু আজি আটাইকেইখন আসনৰ বাবেই  নিৰ্বাচন অনুষ্ঠিত হৈছে। ৩ ডিচেম্বৰত দুয়ো খন ৰাজ্যতে ভোটগণনা কৰা হ'ব৷ ছত্তীশগড়ত বৰ্তমান  কংগ্ৰেছ দল শাসনত আছে, আনহাতে মিজো নেচনেল ফ্ৰণ্টে শাসন কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ