--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সবাটোকৈ ডাঙৰ দুটা খবৰে গৰম কৰি ৰাখিছে৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হঠাৎ দিল্লীলৈ তলব আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অসম ভ্ৰমণ৷ ৰাজনৈতিক ক্ষেত্ৰখনৰ এই দুয়োটা খবৰৰ অন্তৰালত আছে এক জটিল ৰাজনৈতিক সমীকৰণ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি পুৱা তাততৈয়াকৈ দিল্লীলৈ যাত্ৰা কৰিলে৷ খবৰ অনুসৰি, মুখ্যমন্ত্ৰীজনে আজি দুপৰীয়া ভাগতে দলৰ হাইকমাণ্ড গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব৷ উল্লেখ্য যে, ৰাজ্যত চলি আছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ অধিৱেশনৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ দিন, গতিকে ইয়াৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ হঠাৎ দিল্লীলৈ তলব কৰা কাৰ্যৰ আঁৰত থাকিব পাৰে কেন্দ্ৰৰ কিছু উদ্দেশ্য প্ৰণোদিত মনোভাৱ৷

আগন্তুক দিনত দেশৰ ৫ খন ৰাজ্যৰ আছে বিধানসভাৰ নিৰ্বাচন, সেইকেইখন হ’ল- উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখাণ্ড আৰু মণিপুৰ৷ এই ৰাজ্যকেইখনৰ ভিতৰত উত্তৰ প্ৰদেশৰ নিৰ্বাচনক কেন্দ্ৰই লক্ষ্য কৰি লৈছে, কিয়নো উত্তৰ প্ৰদেশ বিধানসভা মুঠ ৪০৩ টা বিধানসভা সমষ্টি আছে৷ নিশ্চিতভাৱে বিজেপি চৰকাৰৰ উত্তপ প্ৰদেশৰ নিৰ্বাচনৰ ওপৰত যে শেন চকু আছে সেইটো নিশ্চিত৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক এই ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীলৈ মতা কাৰ্যক নিৰ্বাচনীকেন্দ্ৰীক কথা-বতৰা বাবেই হয়তো মাতি পঠাইছে৷ কিয়নো নিৰ্বাচনৰ বাবে বৃহৎ পৰিমাণৰ পুজিৰ প্ৰয়োজন হয় একোখন ৰাজ্যক আৰু এই নিৰ্বাচনী পুজি কেন্দ্ৰই বিজেপি শাসিত আটাইবোৰ ৰাজ্যৰ পৰা সংগ্ৰহ কৰে৷ পুজিকেন্দ্ৰীক আলোচনাৰ বাবে কেন্দ্ৰই মুখ্যমন্ত্ৰীজনক মাতি পঠাইছে বুলি ৰাইজৰ মাজত চৰ্চা হৈছে৷


দ্বিতীয়তে, অশান্ত হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে অসমৰ সীমা সমস্য৷ NEDA আহ্বায়ক হিচাপে মুখ্যমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ কথা-বতৰা বাবে কেন্দ্ৰই মাতি পঠাব পাৰে লগতে আফস্পাক লৈ আজিও উত্তাল হৈ আছে নগালেণ্ড৷ এই সন্দৰ্ভতো কথা পাতিব দেশৰ গৃহমন্ত্ৰীজনে৷

তদুপৰি আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। খবৰ অনুসৰি, আজি দিনৰ আঢ়ৈ বজাত কামাখ্যা মন্দিৰ দৰ্শন কৰিব মমতাই আৰু তাৰ পাছতে তেওঁ ভাগ ল’ব অন্য কাৰ্যসূচীত৷ দেশৰ অন্য ৰাজ্যতো তৃণমূল কংগ্ৰেছ তথা নিজৰ শক্তিশালী ৰূপ বিস্তাৰ কৰাৰ পৰিকল্পনাৰে অসম ভ্ৰমণলৈ আহিব অগ্নিকন্যা মমতা। পশ্চিমবংগত ‘দিদি’ নামেৰে জনপ্ৰিয় মমতা বেনাৰ্জীক লৈ বহুলোকে সপোন দেখিছে যে ‘দেশৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী মমতা বেনাৰ্জী । সেয়ে পশ্চিমবংগতেই নহয় সমগ্ৰ দেশতে দলৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ অসমলৈ আহিব বংগৰ দিদি মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ অসম ভ্ৰমণে অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন