--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সবাটোকৈ ডাঙৰ দুটা খবৰে গৰম কৰি ৰাখিছে৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হঠাৎ দিল্লীলৈ তলব আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অসম ভ্ৰমণ৷ ৰাজনৈতিক ক্ষেত্ৰখনৰ এই দুয়োটা খবৰৰ অন্তৰালত আছে এক জটিল ৰাজনৈতিক সমীকৰণ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি পুৱা তাততৈয়াকৈ দিল্লীলৈ যাত্ৰা কৰিলে৷ খবৰ অনুসৰি, মুখ্যমন্ত্ৰীজনে আজি দুপৰীয়া ভাগতে দলৰ হাইকমাণ্ড গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব৷ উল্লেখ্য যে, ৰাজ্যত চলি আছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ অধিৱেশনৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ দিন, গতিকে ইয়াৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ হঠাৎ দিল্লীলৈ তলব কৰা কাৰ্যৰ আঁৰত থাকিব পাৰে কেন্দ্ৰৰ কিছু উদ্দেশ্য প্ৰণোদিত মনোভাৱ৷

আগন্তুক দিনত দেশৰ ৫ খন ৰাজ্যৰ আছে বিধানসভাৰ নিৰ্বাচন, সেইকেইখন হ’ল- উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখাণ্ড আৰু মণিপুৰ৷ এই ৰাজ্যকেইখনৰ ভিতৰত উত্তৰ প্ৰদেশৰ নিৰ্বাচনক কেন্দ্ৰই লক্ষ্য কৰি লৈছে, কিয়নো উত্তৰ প্ৰদেশ বিধানসভা মুঠ ৪০৩ টা বিধানসভা সমষ্টি আছে৷ নিশ্চিতভাৱে বিজেপি চৰকাৰৰ উত্তপ প্ৰদেশৰ নিৰ্বাচনৰ ওপৰত যে শেন চকু আছে সেইটো নিশ্চিত৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক এই ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীলৈ মতা কাৰ্যক নিৰ্বাচনীকেন্দ্ৰীক কথা-বতৰা বাবেই হয়তো মাতি পঠাইছে৷ কিয়নো নিৰ্বাচনৰ বাবে বৃহৎ পৰিমাণৰ পুজিৰ প্ৰয়োজন হয় একোখন ৰাজ্যক আৰু এই নিৰ্বাচনী পুজি কেন্দ্ৰই বিজেপি শাসিত আটাইবোৰ ৰাজ্যৰ পৰা সংগ্ৰহ কৰে৷ পুজিকেন্দ্ৰীক আলোচনাৰ বাবে কেন্দ্ৰই মুখ্যমন্ত্ৰীজনক মাতি পঠাইছে বুলি ৰাইজৰ মাজত চৰ্চা হৈছে৷


দ্বিতীয়তে, অশান্ত হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে অসমৰ সীমা সমস্য৷ NEDA আহ্বায়ক হিচাপে মুখ্যমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ কথা-বতৰা বাবে কেন্দ্ৰই মাতি পঠাব পাৰে লগতে আফস্পাক লৈ আজিও উত্তাল হৈ আছে নগালেণ্ড৷ এই সন্দৰ্ভতো কথা পাতিব দেশৰ গৃহমন্ত্ৰীজনে৷

তদুপৰি আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। খবৰ অনুসৰি, আজি দিনৰ আঢ়ৈ বজাত কামাখ্যা মন্দিৰ দৰ্শন কৰিব মমতাই আৰু তাৰ পাছতে তেওঁ ভাগ ল’ব অন্য কাৰ্যসূচীত৷ দেশৰ অন্য ৰাজ্যতো তৃণমূল কংগ্ৰেছ তথা নিজৰ শক্তিশালী ৰূপ বিস্তাৰ কৰাৰ পৰিকল্পনাৰে অসম ভ্ৰমণলৈ আহিব অগ্নিকন্যা মমতা। পশ্চিমবংগত ‘দিদি’ নামেৰে জনপ্ৰিয় মমতা বেনাৰ্জীক লৈ বহুলোকে সপোন দেখিছে যে ‘দেশৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী মমতা বেনাৰ্জী । সেয়ে পশ্চিমবংগতেই নহয় সমগ্ৰ দেশতে দলৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ অসমলৈ আহিব বংগৰ দিদি মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ অসম ভ্ৰমণে অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু