--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিনাদোষত 'কাৰাবাস' খাটিলে এজন ব্যক্তিয়ে৷ শুনি আচৰিত হ'লেও কিন্তু এয়া এক সঁচা ঘটনা৷ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাটোৱেই বিনাকাৰণত বন্দী হৈ অৱশেষত ন্যায় লাভ কৰিলে আমেৰিকাৰ এজন লোকে৷ যুক্তৰাষ্ট্ৰৰ মিজোৰিৰ ৬২ বছৰীয়া কেভিন ষ্ট্ৰিকলেণ্ড নামৰ এজন লোকে ১৯৭৮চনৰ তিনিটা হত্যাকাণ্ডত অভিযুক্ত হৈ কাৰাবাস খাটি অৱশেষত বন্দিত্বৰ জীৱনৰ পৰা মুক্ত হ'ল৷

১৮ বছৰ বয়সতে ষ্ট্ৰিকলেণ্ডে হত্যাকাণ্ডত অভিযুক্ত হোৱা বুলি গ্ৰেপ্তাৰ কৰিছিল৷ বন্দিত্ব জীৱনৰ পৰা মুক্ত হৈ তেঁও কয় যে, "মই কেতিয়াও এই দিন আহিব বুলি ভবা নাছিলো৷" যি ঘটনাত তেখেতে বন্দিত্ব জীৱন কটাবলগীয়া হৈছিল, সেই ঘটনাত তেওঁক ভুলবশতে কাৰাবন্দী কৰি ৰাখিল বুলি প্ৰমাণিত হয়৷ তেখেতে ১৫,৪৮৭ দিন মুঠ কাৰাবাস খাটিলে বিনাদোষত৷

উল্লেখ্য যে দেশখনৰ ইতিসাহত এয়াই আটাইতকৈ দীঘলীয়া পৰ্যায়ৰ ভূল কাৰাবাস জীৱন কটোৱা ঘটনা৷ জীৱনৰ সবাটোকৈ গুৰুত্বপূৰ্ণ সময়ৰ ৪৩টা বছৰেই কাৰাবন্দিত্বৰ মাজেৰে পৰা কৰা ষ্ট্ৰিকলেণ্ডক মিজোৰিৰ আদালতে বুধবাৰে তাৎক্ষণিকভাৱে মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷ ১৯৭৮চনৰ ২৫ এপ্ৰিলত কাঁ চহৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল, যিটো ঘটনাত মৃত্যু ঘটিছিল তিনিজন লোকৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু