--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ওপঙি থাকিব এখন চহৰ। বিশ্বৰ প্রথম ওপঙা চহৰ নির্মাণ হ’বলৈ গৈ আছে। ক'ত জানেনে? দক্ষিণ কোৰিয়াত নিৰ্মাণ হ'ব বিশ্বৰ প্রথম ওপঙা চহৰ৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু সাগৰীয় জলপৃষ্ঠ বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব পৰা সংকট দূৰ কৰিবলৈ দক্ষিণ কোৰিয়াই ওপঙা চহৰ নির্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

ওপঙা চহৰখন নির্মাণত স্থানীয় উৎসৰ সামগ্রী ব্যৱহাৰ কৰা হ’ব

দক্ষিণ কোৰিয়াৰ এই সিদ্ধান্তত ৰাষ্ট্রসংঘয়েও জনাইছে সহযোগিতা। দক্ষিণ কোৰিয়াৰ উপকূলীয় বুছানত ওপঙা চহৰ নির্মাণৰ প্রস্তুতি সম্পূর্ণ হৈছে৷ সম্পূর্ণ বানপ্রুফ পদ্ধতিত নিৰ্মাণ হ'ব ওপঙা চহৰখন। ২০২৫ চনত নির্মাণ সম্পূর্ণ হৈ উঠিবলগীয়া চহৰখনৰ নির্মাণৰ বাবে ব্যয় হ’ব ২০০ মিলিয়ন মার্কিন ডলাৰ৷

আৰু পঢ়কঃ কেন্সাৰৰ সৈতে যুঁজ; তাৰমাজতো ‘ইণ্ডিয়াজ গট টেলেণ্ট’ৰ বিচাৰক হ’ল কিৰণ খেৰ

৭৫ হেক্টৰৰ ওপৰত হ’বলগীয়া ওপঙা চহৰখনৰ বাসিন্দা হ’ব ১০ হাজাৰ লোক৷ এই চহৰত সৌৰ পেনেলৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰা হ’ব। দ্বীপপুঞ্জৰ মাজত সম্পূৰ্ণঁ ৰূপে নেটৱর্কৰ ব্যৱস্থা থাকিব। চহৰখনৰ বাসিন্দাসকলে পেডেল নাৱেৰে যাতায়াত কৰিব পাৰিব আৰু বেলেগ ঠাইৰ মানুহেও তালৈ পেডেল নাৱেৰে যাব পাৰিব৷ ইয়াৰ জৰিয়তেই খাদ্য আৰু বিশুদ্ধ পানীও উৎপাদন কৰিব পৰা যাব৷ চহৰখনত বাসিন্দাসকলে ভাড়াতীয়া হিচাপে থাকিব নে নিজাববীয়াকৈ গৃহ ক্রয় কৰি থাকিব পাৰিব সেই সন্দর্ভত কোনো তথ্য এতিয়া মুকলি কৰা নাই৷ এতিয়া মাঁথো ২০২৫চনলৈ অপেক্ষা। ওপঙা চহৰৰ বাসিন্দা হবলৈ বহু লোকেই আগ্ৰহ প্ৰকাশ কৰিছে। বিশ্বজুৰি এই চহৰটোৱে ব্যাপক চর্চা লাভ কৰিছে৷ উল্লেখ্য যে ওপঙা চহৰখনৰ জৰিয়তে দক্ষিণ কোৰিয়াৰ পৰ্যটন উদ্যোগটোও শক্তিশালী হ'ব বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু