--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ওপঙি থাকিব এখন চহৰ। বিশ্বৰ প্রথম ওপঙা চহৰ নির্মাণ হ’বলৈ গৈ আছে। ক'ত জানেনে? দক্ষিণ কোৰিয়াত নিৰ্মাণ হ'ব বিশ্বৰ প্রথম ওপঙা চহৰ৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু সাগৰীয় জলপৃষ্ঠ বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব পৰা সংকট দূৰ কৰিবলৈ দক্ষিণ কোৰিয়াই ওপঙা চহৰ নির্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

ওপঙা চহৰখন নির্মাণত স্থানীয় উৎসৰ সামগ্রী ব্যৱহাৰ কৰা হ’ব

দক্ষিণ কোৰিয়াৰ এই সিদ্ধান্তত ৰাষ্ট্রসংঘয়েও জনাইছে সহযোগিতা। দক্ষিণ কোৰিয়াৰ উপকূলীয় বুছানত ওপঙা চহৰ নির্মাণৰ প্রস্তুতি সম্পূর্ণ হৈছে৷ সম্পূর্ণ বানপ্রুফ পদ্ধতিত নিৰ্মাণ হ'ব ওপঙা চহৰখন। ২০২৫ চনত নির্মাণ সম্পূর্ণ হৈ উঠিবলগীয়া চহৰখনৰ নির্মাণৰ বাবে ব্যয় হ’ব ২০০ মিলিয়ন মার্কিন ডলাৰ৷

আৰু পঢ়কঃ কেন্সাৰৰ সৈতে যুঁজ; তাৰমাজতো ‘ইণ্ডিয়াজ গট টেলেণ্ট’ৰ বিচাৰক হ’ল কিৰণ খেৰ

৭৫ হেক্টৰৰ ওপৰত হ’বলগীয়া ওপঙা চহৰখনৰ বাসিন্দা হ’ব ১০ হাজাৰ লোক৷ এই চহৰত সৌৰ পেনেলৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰা হ’ব। দ্বীপপুঞ্জৰ মাজত সম্পূৰ্ণঁ ৰূপে নেটৱর্কৰ ব্যৱস্থা থাকিব। চহৰখনৰ বাসিন্দাসকলে পেডেল নাৱেৰে যাতায়াত কৰিব পাৰিব আৰু বেলেগ ঠাইৰ মানুহেও তালৈ পেডেল নাৱেৰে যাব পাৰিব৷ ইয়াৰ জৰিয়তেই খাদ্য আৰু বিশুদ্ধ পানীও উৎপাদন কৰিব পৰা যাব৷ চহৰখনত বাসিন্দাসকলে ভাড়াতীয়া হিচাপে থাকিব নে নিজাববীয়াকৈ গৃহ ক্রয় কৰি থাকিব পাৰিব সেই সন্দর্ভত কোনো তথ্য এতিয়া মুকলি কৰা নাই৷ এতিয়া মাঁথো ২০২৫চনলৈ অপেক্ষা। ওপঙা চহৰৰ বাসিন্দা হবলৈ বহু লোকেই আগ্ৰহ প্ৰকাশ কৰিছে। বিশ্বজুৰি এই চহৰটোৱে ব্যাপক চর্চা লাভ কৰিছে৷ উল্লেখ্য যে ওপঙা চহৰখনৰ জৰিয়তে দক্ষিণ কোৰিয়াৰ পৰ্যটন উদ্যোগটোও শক্তিশালী হ'ব বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ