--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ এটা ৰাজনৈতিক দলে সম্পূৰ্ণৰূপে সলনি কৰিছে ভাৰতৰ সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক পৰিকাঠামো৷ শেহতীয়াকৈ এই ৰাজনৈতিক দলটোৱে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰো প্ৰচেষ্টা চলাইছে৷ সংবাদ মাধ্যমৰ সন্মুখত বিৰোধীৰ বিপক্ষে মন্তব্য দিয়া দলটোৰ নেতাসকলে জনতাৰ চকুৰ আঁৰত বিৰোধীক টকাৰে প্ৰলোভিত কৰে৷ দেশত অৰ্থনৈতিক বিপৰ্যয় চলি থকাৰ সময়তো ভোটৰ বিনিময়ত বিৰোধী নেতাক আগবঢ়োৱা হয় কোটি কোটি টকা! 

ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাক লৈ সকলোৱে গৰ্ব কৰাৰ সময়তে ৰাজস্থানৰ মন্ত্ৰী ৰাজেন্দ্ৰ গুদ্ধায়ে পোহৰলৈ আনিছে এক ভয়ংকৰ তথ্য। কিছুদিন পূৰ্বে হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত এজন বিশেষ প্ৰাৰ্থীক ভোটদানৰ বাবে তেওঁক যচা হৈছিল মোটা অংকৰ ধন৷ ৰাজেন্দ্ৰ গুদ্ধাৰ এটা ভোটৰ বিনিময়ত যচা হৈছিল ২৫ কোটি টকা। 

আনফালে, বহুজন সমাজ পাৰ্টীৰ পৰা কংগ্ৰেছ দললৈ গমন কৰা ৰাজেন্দ্ৰ গুদ্ধাক মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে সৃষ্টি হোৱা বিদ্ৰোহৰ সময়ত তেওঁক ৬০ কোটি টকাৰ উৎকোচ দিব বিচাৰিছিল৷

ৰাজেন্দ্ৰ গুদ্ধায়ে সেই দুই উপঢৌকন নাকচ কৰিছিল। আনহাতে এনে অভিযোগ উত্থাপন কৰোঁতে তেওঁ পোনপটীয়াকৈ কোনো নেতাৰ নাম লোৱা নাই৷ 

এখন ব্যক্তিগত বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি যোগদান কৰাৰ সময়তে ৰাজেন্দ্ৰ গুদ্ধায়ে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰে৷ 

কালি ৰাজেন্দ্ৰ গুদ্ধায়ে মন্তব্য কৰিছিল যে, এজন ব্যক্তিক ভোট দিবৰ বাবে মোক ২৫ কোটি টকা যচা হৈছিল৷ আৰু মই পত্নীৰ পৰামৰ্শ লৈছিলোঁ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ