--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বহু জল্পনা-কল্পনাৰ পাছত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলালে। দীঘলীয়া সময় ধৰি যুদ্ধৰ পৰিৱেশ ৰচনা কৰি থকা ৰাছিয়াক বিশ্বৰ বিভিন্ন দেশে যুদ্ধৰ দৰে ক্ষয়ংকৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল যদিও বিশ্ব সম্প্ৰদায়ৰ আহ্বানক উপেক্ষা কৰি বুধবাৰৰ পৰা ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰে ৰাছিয়াই। দেশখনৰ তিনিটাকৈ প্ৰান্তৰ পৰা ৰাছিয়ান সৈন্যই অভিযান চলাইছে তেওঁলোকৰ চুবুৰীয়া দেশখনত। তাৰ পাছতে অৱধাৰিতভাৱেই গভীৰ মাৱনীয় সংকটৰ সৃষ্টি হৈছে আৰু সাধাৰণ মানুহ অন্তহীন অনিশ্চয়তাৰ দিশলৈ পুনৰ গতি কৰিছে। বিশ্বজুৰি বিৰূপ প্ৰভাৱ পেলোৱা ইউক্ৰেইন সংকটক লৈ ৰাষ্ট্ৰসংঘৰ দৰে সংস্থাৰ সবল ভূমিকা এটা স্বাভাৱিকতে সকলোৱে আশা কৰিছিল যদিও ৰাষ্ট্ৰসংঘৰ ভূমিকাক লৈ বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পাছতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰা হৈছিল। এই বৈঠকত এই যুদ্ধ প্ৰতিহত কৰাৰ বাবে এটা শক্তিশালী ভূমিকা ল’ব বুলি ভবা হৈছিল যদিও সেয়া হোৱা দেখিবলৈ পোৱা নগ’ল। এই বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্ট’নিঅ’ গুটেৰেছে দিয়া মন্তব্যত কোনো দৃঢ়তা দেখিবলৈ পোৱা নগ’ল। তেওঁ মন্তব্য কৰিছিল যে, এয়া তেওঁৰ কাৰ্যকালৰ আটাইতকৈ দুখদায়ক মুহূৰ্ত। তেওঁ লগতে কয়, ‘মানৱতাৰ নামতে ৰাছিয়াই তেওঁলোকৰ সৈন্যক দেশলৈ ঘূৰাই আনক। মানৱতাৰ খাতিৰতে এই শতিকাৰ আটাইতকৈ বিধ্বংসী যুদ্ধত পৰিণত হ’ব পৰা যুদ্ধখন আৰম্ভ নকৰিব।’ ৰাষ্ট্ৰসংঘৰ দৰে এটা সংস্থাৰ মুৰব্বীজনৰ মুখৰ এই অনুনয়ে বহু প্ৰশ্নবোধকৰ সৃষ্টি কৰে। ৰাষ্ট্ৰসংঘই তেওঁলোকৰ পূৰ্বৰ গৰিমা আৰু শক্তি ধৰি ৰখাত ব্যৰ্থ হৈছে নেকি? বিশ্বৰ শক্তিশালী দেশসমূহে এতিয়া ৰাষ্ট্ৰসংঘক গ্ৰাহ্য কৰিবলৈ বাদ দিছে নেকি? কিহৰ বাবে ৰাষ্ট্ৰসংঘৰ ভূমিকা এতিয়া গৌণ হৈ পৰিছে এনে জৰুৰীকালীন পৰিস্থিতি বোৰত? এই প্রশ্নবোৰ এতিয়া বিশ্বৰ ৰাজনীতিৰ এক গুৰুকত্বপূৰ্ণ প্ৰশ্নত পৰিণত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন