--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অবাধে শৰাধ হৈছে দেশৰ ৰাজকোষৰ ধন৷ জনতাৰ কৰৰ টকাৰে আত্মপ্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপিশাসিত কেন্দ্ৰীয় চৰকাৰ৷ কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ পৰা বাতৰিকাকত, টিভি আৰু ৰেডিঅ’ক বিজ্ঞাপন দিয়াৰ নামত ব্যয় কৰিছে ৰাজকোষৰ ২,৫০০ কোটি টকা৷ কেন্দ্ৰীয় চৰকাৰে ২০১৬ৰ পৰা ২০২১ৰ ডিচেম্বৰলৈকে বিজ্ঞাপনৰ বাবে ৫,০০০,৬৬৭ কোটি টকা ব্যয় কৰিছিল। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে সদৰি কৰিছে বিজ্ঞাপনত ধন ব্যয়ৰ সমুদায় তথ্য৷ কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ পৰা চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীলৈ বাতৰিকাকত, টিভি আৰু ৰেডিঅ’ত বিজ্ঞাপনত ২,৫৯৪.৭৮ কোটি টকা ব্যয় কৰিছে। চিপিআই (এম)ৰ সাংসদ ভি শিৱদাসনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপনৰ খৰচ সম্পৰ্কে সুধিছিল এক প্ৰশ্ন৷ সাংসদজনে প্ৰশ্ন কৰে যে, ২০১৭ৰ পৰা ২০২২ৰ ফেব্ৰুৱাৰীলৈকে বাতৰিকাকত, টিভি মিডিয়া, ৰেডিঅ’ আৰু ছ’চিয়েল মিডিয়াত বিজ্ঞাপন প্ৰকাশ আৰু প্ৰচাৰৰ বাবদ কিমান টকা খৰচ কৰা হৈছে? কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ইয়াৰ উত্তৰত কৈছিল যে, ২০১৭-১৮ বৰ্ষৰ পৰা ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যুৰো অব্ আউটৰিচ এণ্ড কমিউনিকেশ্বন (বিঅ’চি)ৰ দ্বাৰা ৭.২০ কোটি টকা ব্যয় কৰা হৈছে। একেসময়তে, বিঅ’চিয়ে কয় যে, ২০১৭-১৮ বৰ্ষৰ পৰা চলিত ফেব্ৰুৱাৰীলৈ প্ৰকাশনৰ জৰিয়তে ১৬৫৪.৫৭ কোটি টকা ব্যয় কৰা হৈছে। সৰ্বাধিক সংখ্যক বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল ২০১৭-১৮ বৰ্ষত৷ সেই সময়ত চৰকাৰে ৬৭৮২টা বিজ্ঞাপন প্ৰকাশৰ জৰিয়তে ৬৩৬.০৯ কোটি টকা ব্যয় কৰিছিল। ২০২১-২২ বৰ্ষত ৫৬০৮টা বিজ্ঞাপনৰ বাবে ব্যয় কৰিছিল ৯৬.৩৯ কোটি টকা৷ চৰকাৰে টিভি চেনেলসমূহত বিজ্ঞাপনৰ বাবদ ব্যয় কৰিছে ৪৭৯.৬১ কোটি টকা৷ ২০১৭-১৮ বৰ্ষত ২৬৫টা টিভি চেনেলত ১৫৩.০২ কোটি টকাৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল চৰকাৰে৷ ২০২১-২২ বৰ্ষত ১৬৮টা চেনেলত ব্যয় কৰা হৈছিল ৮.১৩ কোটি টকা৷ চৰকাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ দ্বাৰা এটা ব্যক্তিগত ৰেডিঅ’ কেন্দ্ৰৰ জৰিয়তে বিজ্ঞাপনৰ বাবে ৪৬০.৬ কোটি টকা ব্যয় কৰিছে। আনহাতে, ২০১৮-১৯ বৰ্ষৰ ভিতৰত ৰেডিঅ’ত সৰ্বাধিক সংখ্যক বিজ্ঞাপন দিয়া হৈছিল। ২০২১-২২ বৰ্ষত ১৩.৯৬ কোটি টকাৰ বিজ্ঞাপন দিয়া হৈছিল ৰেডিঅ’ত৷ তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ২০১৬ৰ পৰা বিগত বৰ্ষৰ ডিচেম্বৰলৈ বিজ্ঞাপনৰ বাবে ৫০০০.৬৭ কোটি টকা ব্যয় কৰিছে।আন এক আৰটিআই প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে কয় যে ২০১৪ৰ পৰা ২০২১ৰ জুনলৈ মোদী চৰকাৰে ৫,৭৪৯ কোটি টকাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক