--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি কৰুণ ঘটনা সংঘটিত হৈছে। ঘটনাৰ স্থান চণ্ডীগড়। শুকুৰবাৰে চণ্ডীগড়ৰ ছেক্টৰ-৯স্থিত কাৰ্মেল কনভেণ্ট স্কুলত এডাল প্ৰকাণ্ড গছ পৰি যোৱাৰ ফলত এটা শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাগৰাকীও শিশু আহত হোৱাৰ খবৰ আহিছে। গছজোপা আছিল ২৫০ বছৰ পুৰণি ঐতিহ্যমণ্ডিত গছ। দুৰ্ঘটনাটোত এটি শিশুৱে প্ৰাণ হেৰুৱাৰ লগতে ১৯ টা শিশু আৰু এজন বিদ্যালয়ৰ কৰ্মচাৰী আহত হৈছে। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুপৰীয়াৰ টিফিন টাইমৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। 

সেই সময়ত গছজোপাৰ ওচৰত বহুতো শিশু উপস্থিত আছিল। কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে এই ডাঙৰ গছজোপাৰ ওচৰতে খেলি আছিল। এনেতে হঠাতে খেলি থকা ছাত্ৰ-ছাত্ৰীৰ ওপৰত গছজোপা পৰি যায়। হঠাতে গছজোপা বাগৰি পৰা বাবে বহুকেইটা শিশু গছজোপাৰ মাজত আবদ্ধ হৈ পৰে। আহত শিশুকেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। প্ৰশাসনে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। গছজোপাৰ বয়স আছিল প্ৰায় ২৫০ বছৰ আৰু উচ্চতা আছিল ৭০ ফুট। 

দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে অভিভাৱকসকল বিদ্যালয়খনত উপস্থিত হয়। স্কুলত পিতৃ-মাতৃসকলৰ মাজত নিজৰ সন্তানক বিচাৰি হাহাকাৰ লাগে। আৰক্ষীৰ লগতে প্ৰশাসনিক বিষয়াসকলো সেই স্থানত উপস্থিত হয়। উল্লেখ্য যে গ্ৰীষ্মকালীন ছুটী শেষ হোৱাৰ পিছত ১ জুলাইৰ পৰা পুনৰ বিদ্যালয় আৰম্ভ হৈছে। 

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইট কৰি কয়-''চণ্ডীগড়ৰ এখন ব্যক্তিগত বিদ্যালয়ত গছ পৰি যোৱাৰ ফলত বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। য’ত এটি নিৰীহ শিশু মৃত্যুমুখত পৰাৰ লগতে বহু শিশু আহত হয়। আহত শিশু সকলৰ আশু আৰোগ্যৰ বাবে ভগৱানৰ আগত প্ৰাৰ্থনা কৰিছোঁ আৰু মৃত্যু হোৱা শিশুটিৰ আধ্যাত্মিক শান্তি কামনা কৰাৰ লগতে অভিভাৱকক সমবেদনা জনালোঁ।'' 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ