--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি কৰুণ ঘটনা সংঘটিত হৈছে। ঘটনাৰ স্থান চণ্ডীগড়। শুকুৰবাৰে চণ্ডীগড়ৰ ছেক্টৰ-৯স্থিত কাৰ্মেল কনভেণ্ট স্কুলত এডাল প্ৰকাণ্ড গছ পৰি যোৱাৰ ফলত এটা শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাগৰাকীও শিশু আহত হোৱাৰ খবৰ আহিছে। গছজোপা আছিল ২৫০ বছৰ পুৰণি ঐতিহ্যমণ্ডিত গছ। দুৰ্ঘটনাটোত এটি শিশুৱে প্ৰাণ হেৰুৱাৰ লগতে ১৯ টা শিশু আৰু এজন বিদ্যালয়ৰ কৰ্মচাৰী আহত হৈছে। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুপৰীয়াৰ টিফিন টাইমৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। 

সেই সময়ত গছজোপাৰ ওচৰত বহুতো শিশু উপস্থিত আছিল। কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে এই ডাঙৰ গছজোপাৰ ওচৰতে খেলি আছিল। এনেতে হঠাতে খেলি থকা ছাত্ৰ-ছাত্ৰীৰ ওপৰত গছজোপা পৰি যায়। হঠাতে গছজোপা বাগৰি পৰা বাবে বহুকেইটা শিশু গছজোপাৰ মাজত আবদ্ধ হৈ পৰে। আহত শিশুকেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। প্ৰশাসনে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। গছজোপাৰ বয়স আছিল প্ৰায় ২৫০ বছৰ আৰু উচ্চতা আছিল ৭০ ফুট। 

দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে অভিভাৱকসকল বিদ্যালয়খনত উপস্থিত হয়। স্কুলত পিতৃ-মাতৃসকলৰ মাজত নিজৰ সন্তানক বিচাৰি হাহাকাৰ লাগে। আৰক্ষীৰ লগতে প্ৰশাসনিক বিষয়াসকলো সেই স্থানত উপস্থিত হয়। উল্লেখ্য যে গ্ৰীষ্মকালীন ছুটী শেষ হোৱাৰ পিছত ১ জুলাইৰ পৰা পুনৰ বিদ্যালয় আৰম্ভ হৈছে। 

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইট কৰি কয়-''চণ্ডীগড়ৰ এখন ব্যক্তিগত বিদ্যালয়ত গছ পৰি যোৱাৰ ফলত বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। য’ত এটি নিৰীহ শিশু মৃত্যুমুখত পৰাৰ লগতে বহু শিশু আহত হয়। আহত শিশু সকলৰ আশু আৰোগ্যৰ বাবে ভগৱানৰ আগত প্ৰাৰ্থনা কৰিছোঁ আৰু মৃত্যু হোৱা শিশুটিৰ আধ্যাত্মিক শান্তি কামনা কৰাৰ লগতে অভিভাৱকক সমবেদনা জনালোঁ।'' 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জি এছ ৰ'ডক গ্রীন ৰ'ড কৰাৰ সিদ্ধান্ত
থাকৰে পৰিয়ালৰ মহামিলন
চহ কৰা মাটিৰ সীৰলুত কৃষকৰ সোণগুটিৰ সপোন
আর্জেন্টিনাত প্রধানমন্ত্রী মোদী
১৬০০ কোটি টকাৰ বাজেট! দেশৰ আটাইতকৈ ব্যয়বহুল চিনেমা হ’ব ৰামায়ণ
আজি মুকলি হ'ব ৰুক্মিণীগাঁও উৰণ সেতু
বাৰিষাৰ সময়ত ডায়েৰিয়া নহ’বলৈ এইবোৰ ব্যৱস্থা কৰক
ক্ৰিকেট বিশ্বত নতুন বিতৰ্ক
এটা দুৰ্দান্ত ‘ছিক্স’ মৰাৰ পাছতেই হাৰ্ট এটেকত মৃত্যু ক্ৰিকেটাৰৰ
কেইবাটাও কাৰ্যসূচী লৈ আজি গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লাহৰীঘাটত বৃহৎ পৰিমাণৰ বনৰীয়া চৰাইসহ চোৰাং চিকাৰী ছাইদুল ইছলামক গ্ৰেপ্তাৰ
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ চৰকাৰৰ প্রথম প্রতিক্রিয়া প্রকাশ ; কি ক'লে নির্মলা সীতাৰমণে
ম'বাইল এপেৰে ভোটদান কৰা ভাৰতৰ প্ৰথম ৰাজ্য হ'ল বিহাৰ
সংকটৰ সন্মুখীন দুষ্প্রাপ্য সোণালী বান্দৰ