--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএতিয়া সকলোতে সংখ্যাৰ খেল। পৰীক্ষাত উত্তম সংখ্যা  অৰ্থাৎ ভাল নম্বৰ নম্বৰ  নোপোৱাৰ অৰ্থ হৈছে  ভৱিষ্যত অন্ধকাৰ!এতিয়া যেন সকলো কথাই  নম্বৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়। ভাল নম্বৰ মানে ভাল ভৱিষ্যৎ আৰু বো মন্বৰ মানেই বেয়া ভৱিষ্যৎ। কিন্তু সকলোৰে ক্ষেত্ৰত সেয়া যেন নাখাটে।

কিছুমান মানুহ আছে যিয়ে বেয়া নম্বৰ পোৱাৰ পিছতো হৃত মনোৰথ নহৈ ভৱিষ্যতে ভাল কিবা এটা কৰাৰ বাবে চেষ্টা চলাই সফল হ’ব পাৰে।বহুতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰ চায়েই ছাত্ৰ বা ছাত্ৰী এগৰাকী ভৱিষ্যৎ  কেনে হ’ব তাৰ এটা ধাৰণা লৈ পেলায়। কিন্তু ছত্তীশগড় কেডাৰৰ আইএএছ বিষয়া অৱনীশ শৰণ আৰু আইএএছ তুষাৰ সুমেৰাই এই কথা ভুল প্ৰমাণিত কৰিছে। 

তেওঁলোক দুয়োই হাইস্কুল শিক্ষান্ত পৰীক্ষা  তৃতীয় বিভাগত  উত্তীৰ্ণ হৈছিল, কিন্তু আজি তেওঁলোক আইএএছ বিষয়া। শেহতীয়াকৈ তেওঁলোকে তেওঁলোকৰ  মাৰ্কশ্বীট  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। সেই মাৰ্কশ্বীট চাই আপুনিও হয়তো দাৰণা কৰিব নোৱাৰিব যে সেই দুগৰাকী শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰীক্ষাত উজলি উঠিব পাৰিছে।

যদি  কোনোৱাই  মেট্ৰিকত তৃতীয় বিভাগৰ পৰা উত্তীৰ্ণ হৈছে, তেন্তে তেওঁ একেবাৰে হতাশ হোৱা উচিত নহয়। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰা যিকোনো লোকৰে সপোন এই পৃথিৱীত পূৰণ কৰিব পাৰি। সেই কথাৰ উদাহৰণ হৈছে  হৈছে  আইএএছ বিষয়া, অৱনীশ শৰণ আৰু তুষাৰ সুমেৰা। তেওঁলোকে মেট্ৰিকত বেয়া নম্বৰ পোৱাৰ পিছতো  কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে তেওঁলোকৰ সপোন বাস্তৱ কৰি তুলিবলৈ সক্ষম হৈছে। দুয়োজন বিষয়াই মধ্যবিত্ত পৰিয়ালৰ সন্তান। 

অৱনীশ শৰণ ছত্তীশগড়ৰ এজন প্ৰখ্যাত আইএএছ বিষয়া। শেহতীয়াকৈ  অৱনীশে  তেওঁৰ নিজৰ বিহাৰ স্কুল পৰীক্ষা সমিতি, পাটনাৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট খন শ্বেয়াৰ  কৰিছে। মাত্ৰ কেইটামান নম্বৰৰ বাবে তেওঁ  দ্বিতীয় বিভাগ পোৱা নাছিল। সৰ্বাধিক নম্বৰ পাইছিল আছিল ইংৰাজীত, ৫৪।

১১ জুনত আইএএছ তুষাৰ সুমেৰাৰ মেট্ৰিকৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰোঁতে অৱনীশ শৰণে লিখিছিল যে "ভাৰুচৰ উপায়ুক্ত  তুষাৰ সুমেৰাই তেওঁৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰাৰ   সময়ত লিখিছিল যে তেওঁ কেৱল দশম শ্ৰেণীত কেৱল উত্তীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় নম্বৰহে লাভ কৰিছিল। তেওঁ ইংৰাজীত ৩৫, গণিতত ৩৬ আৰু বিজ্ঞানত ৩৮ নম্বৰ পাইছিল। আজিৰ যুগত ১০০ৰ ভিতৰত ১০০ পালেহে কিবা এটা আশা কৰিব পাৰি যদিও সুমেৰা হতাশ  কঠোৰ পৰিশ্ৰমৰ দ্বাৰা, এই দুজন বিষয়াই দেশৰ আটাইতকৈ ডাঙৰ পৰীক্ষাটোত উত্তীৰ্ণ হৈ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।

দৰাচলতে কেৱল  মেট্ৰিকৰ নম্বৰেই  কাৰো ভৱিষ্যত নিৰ্ধাৰণ কৰে। পৰৱৰ্তী পৰীক্ষাসমূহতো অধিক মনোবলেৰে আগুৱাই যাব পাৰিলেই সফল হ’ব পৰা যাব।সেই কথাৰ প্ৰমাণ বহুতে দাঙি ধৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন