--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএতিয়া সকলোতে সংখ্যাৰ খেল। পৰীক্ষাত উত্তম সংখ্যা  অৰ্থাৎ ভাল নম্বৰ নম্বৰ  নোপোৱাৰ অৰ্থ হৈছে  ভৱিষ্যত অন্ধকাৰ!এতিয়া যেন সকলো কথাই  নম্বৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়। ভাল নম্বৰ মানে ভাল ভৱিষ্যৎ আৰু বো মন্বৰ মানেই বেয়া ভৱিষ্যৎ। কিন্তু সকলোৰে ক্ষেত্ৰত সেয়া যেন নাখাটে।

কিছুমান মানুহ আছে যিয়ে বেয়া নম্বৰ পোৱাৰ পিছতো হৃত মনোৰথ নহৈ ভৱিষ্যতে ভাল কিবা এটা কৰাৰ বাবে চেষ্টা চলাই সফল হ’ব পাৰে।বহুতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰ চায়েই ছাত্ৰ বা ছাত্ৰী এগৰাকী ভৱিষ্যৎ  কেনে হ’ব তাৰ এটা ধাৰণা লৈ পেলায়। কিন্তু ছত্তীশগড় কেডাৰৰ আইএএছ বিষয়া অৱনীশ শৰণ আৰু আইএএছ তুষাৰ সুমেৰাই এই কথা ভুল প্ৰমাণিত কৰিছে। 

তেওঁলোক দুয়োই হাইস্কুল শিক্ষান্ত পৰীক্ষা  তৃতীয় বিভাগত  উত্তীৰ্ণ হৈছিল, কিন্তু আজি তেওঁলোক আইএএছ বিষয়া। শেহতীয়াকৈ তেওঁলোকে তেওঁলোকৰ  মাৰ্কশ্বীট  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। সেই মাৰ্কশ্বীট চাই আপুনিও হয়তো দাৰণা কৰিব নোৱাৰিব যে সেই দুগৰাকী শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰীক্ষাত উজলি উঠিব পাৰিছে।

যদি  কোনোৱাই  মেট্ৰিকত তৃতীয় বিভাগৰ পৰা উত্তীৰ্ণ হৈছে, তেন্তে তেওঁ একেবাৰে হতাশ হোৱা উচিত নহয়। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰা যিকোনো লোকৰে সপোন এই পৃথিৱীত পূৰণ কৰিব পাৰি। সেই কথাৰ উদাহৰণ হৈছে  হৈছে  আইএএছ বিষয়া, অৱনীশ শৰণ আৰু তুষাৰ সুমেৰা। তেওঁলোকে মেট্ৰিকত বেয়া নম্বৰ পোৱাৰ পিছতো  কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে তেওঁলোকৰ সপোন বাস্তৱ কৰি তুলিবলৈ সক্ষম হৈছে। দুয়োজন বিষয়াই মধ্যবিত্ত পৰিয়ালৰ সন্তান। 

অৱনীশ শৰণ ছত্তীশগড়ৰ এজন প্ৰখ্যাত আইএএছ বিষয়া। শেহতীয়াকৈ  অৱনীশে  তেওঁৰ নিজৰ বিহাৰ স্কুল পৰীক্ষা সমিতি, পাটনাৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট খন শ্বেয়াৰ  কৰিছে। মাত্ৰ কেইটামান নম্বৰৰ বাবে তেওঁ  দ্বিতীয় বিভাগ পোৱা নাছিল। সৰ্বাধিক নম্বৰ পাইছিল আছিল ইংৰাজীত, ৫৪।

১১ জুনত আইএএছ তুষাৰ সুমেৰাৰ মেট্ৰিকৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰোঁতে অৱনীশ শৰণে লিখিছিল যে "ভাৰুচৰ উপায়ুক্ত  তুষাৰ সুমেৰাই তেওঁৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰাৰ   সময়ত লিখিছিল যে তেওঁ কেৱল দশম শ্ৰেণীত কেৱল উত্তীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় নম্বৰহে লাভ কৰিছিল। তেওঁ ইংৰাজীত ৩৫, গণিতত ৩৬ আৰু বিজ্ঞানত ৩৮ নম্বৰ পাইছিল। আজিৰ যুগত ১০০ৰ ভিতৰত ১০০ পালেহে কিবা এটা আশা কৰিব পাৰি যদিও সুমেৰা হতাশ  কঠোৰ পৰিশ্ৰমৰ দ্বাৰা, এই দুজন বিষয়াই দেশৰ আটাইতকৈ ডাঙৰ পৰীক্ষাটোত উত্তীৰ্ণ হৈ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।

দৰাচলতে কেৱল  মেট্ৰিকৰ নম্বৰেই  কাৰো ভৱিষ্যত নিৰ্ধাৰণ কৰে। পৰৱৰ্তী পৰীক্ষাসমূহতো অধিক মনোবলেৰে আগুৱাই যাব পাৰিলেই সফল হ’ব পৰা যাব।সেই কথাৰ প্ৰমাণ বহুতে দাঙি ধৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ