--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰক্ষীয়ে এজন স্বয়ম্ভু সাধুৰ সাম্প্ৰদায়িক উদগনিমূলক ভাষণৰ এটা ভিডিঅ’ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, ঘটনাটো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা ১০০ কিলোমিটাৰ দূৰত সীতাপুৰ জিলাৰ এটা মছজিদৰ সন্মুখত সংঘটিত হৈছিল। ভিডিঅ’টোৱে ইণ্টাৰনেটত বিয়পি পৰাৰ লগে-লগে মানুহে ইয়াক তীব্ৰ নিন্দা কৰা পৰিলক্ষিত হৈছে। স্থানীয় বাসিন্দাসকলে অভিযুক্ত সাধুগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৱেদন জনাইছে।

শেহতীয়াকৈ, গেৰুৱা বসন পিন্ধা এজন স্বয়ম্ভু সাধুৰ ভিডিঅ’ ভাইৰেল হৈছিল। ভিডিঅ’টোত, এজন গেৰুৱা পোছাক পিন্ধা ব্যক্তিক সীতাপুৰ জিলাৰ খাইৰাবাদৰ এটা মছজিদৰ সন্মুখত এখন জীপ গাড়ীত ভাষণ দি থকা পৰিলক্ষিত হয়। তেওঁ উত্তেজিত কণ্ঠত  কয় যে, ‘মোক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে, ২৮ লাখ টকা সংগ্ৰহ কৰা হৈছে। সাধুজনে লগতে কোৱা শুনা গৈছিল যে, যদি এজন মুছলমান ধৰ্মীয় লোকে হিন্দু সম্প্ৰদায়ৰ  ছোৱালীক উৎপীড়ন কৰে, তেন্তে তেওঁ মুছলমান মহিলাসকলক অপহৰণ কৰিব আৰু তেওঁলোকক ৰাজহুৱাভাৱে ধৰ্ষণ কৰিব। এই কথা শুনি তাত উপস্থিত জনসাধাৰণ আনন্দত উচ্ছ্বাসিত হৈ পৰে লগতে ওচৰৰ জনতাই তেওঁক ‘জয় শ্ৰী ৰাম...’ ধ্বনিৰে সম্ভাষণ জনায়। 

ভিডিঅ'টো ২ এপ্ৰিলত সামাজিক মাধ্যমত পোষ্ট কৰা হৈছিল। ভিডিঅ’টোক লৈ সীতাপুৰ আৰক্ষীৰ এজন  জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, ঘটনাটোৰ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। খবৰৰ সত্যতা নিৰ্ণয় কৰাৰ পাছত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৱশ্যে, এতিয়ালৈকে সাধুজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি অভিযোগ কৰিছে ৰাইজে।

ভিডিঅ'টো চাবলৈ লিংকটোত ক্লিক কৰক -



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস