--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰক্ষীয়ে এজন স্বয়ম্ভু সাধুৰ সাম্প্ৰদায়িক উদগনিমূলক ভাষণৰ এটা ভিডিঅ’ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, ঘটনাটো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা ১০০ কিলোমিটাৰ দূৰত সীতাপুৰ জিলাৰ এটা মছজিদৰ সন্মুখত সংঘটিত হৈছিল। ভিডিঅ’টোৱে ইণ্টাৰনেটত বিয়পি পৰাৰ লগে-লগে মানুহে ইয়াক তীব্ৰ নিন্দা কৰা পৰিলক্ষিত হৈছে। স্থানীয় বাসিন্দাসকলে অভিযুক্ত সাধুগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৱেদন জনাইছে।

শেহতীয়াকৈ, গেৰুৱা বসন পিন্ধা এজন স্বয়ম্ভু সাধুৰ ভিডিঅ’ ভাইৰেল হৈছিল। ভিডিঅ’টোত, এজন গেৰুৱা পোছাক পিন্ধা ব্যক্তিক সীতাপুৰ জিলাৰ খাইৰাবাদৰ এটা মছজিদৰ সন্মুখত এখন জীপ গাড়ীত ভাষণ দি থকা পৰিলক্ষিত হয়। তেওঁ উত্তেজিত কণ্ঠত  কয় যে, ‘মোক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে, ২৮ লাখ টকা সংগ্ৰহ কৰা হৈছে। সাধুজনে লগতে কোৱা শুনা গৈছিল যে, যদি এজন মুছলমান ধৰ্মীয় লোকে হিন্দু সম্প্ৰদায়ৰ  ছোৱালীক উৎপীড়ন কৰে, তেন্তে তেওঁ মুছলমান মহিলাসকলক অপহৰণ কৰিব আৰু তেওঁলোকক ৰাজহুৱাভাৱে ধৰ্ষণ কৰিব। এই কথা শুনি তাত উপস্থিত জনসাধাৰণ আনন্দত উচ্ছ্বাসিত হৈ পৰে লগতে ওচৰৰ জনতাই তেওঁক ‘জয় শ্ৰী ৰাম...’ ধ্বনিৰে সম্ভাষণ জনায়। 

ভিডিঅ'টো ২ এপ্ৰিলত সামাজিক মাধ্যমত পোষ্ট কৰা হৈছিল। ভিডিঅ’টোক লৈ সীতাপুৰ আৰক্ষীৰ এজন  জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, ঘটনাটোৰ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। খবৰৰ সত্যতা নিৰ্ণয় কৰাৰ পাছত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৱশ্যে, এতিয়ালৈকে সাধুজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি অভিযোগ কৰিছে ৰাইজে।

ভিডিঅ'টো চাবলৈ লিংকটোত ক্লিক কৰক -



FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল