--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ শিক্ষা ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ আন এখন ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে। দেশৰ শিক্ষা ব্যৱস্থা তথা বিদ্যালয়সমূহত আধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰাৰ দিশত এতিয়াও যে, দেশ পিছপৰি আছে সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে। শেহতীয়া এক তথ্য অনুসৰি দেশৰ ২০খন ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ ১০শতাংশতকৈয়ো কম বিদ্যালয়ত আছে ইণ্টাৰনেটৰ সুবিধা। অসমৰ অৱস্থাও এইক্ষেত্ৰত অতি শোচনীয়। এই দিশৰ পৰা অসমৰ স্থান বিহাৰ, ছত্তিছগড় আদিৰ দৰে ৰাজ্যৰ সৈতে একেবাৰে তলৰ ফালেহে। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে। লোকসভাত উত্থাপন হোৱা এটা প্ৰশ্নৰ লিখিত উত্তৰ দি এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সংসদৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে সোমবাৰে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছিল। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেচন ছিষ্টেমৰ ২০১৯-২০চনৰ তথ্যৰ আধাৰত এই কথা প্ৰকাশ কৰে। এই তথ্যই দেশৰ শিক্ষানুষ্ঠানসমূহত আধুনিক সা-সুবিধা প্ৰদানৰ শোচনীয় ৰূপটো প্ৰকট কৰি তুলিছে। মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি তলৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশসমূহৰ দহ শতাংশতকৈ কম স্কুলত ইণ্টাৰনেটৰ সুবিধা আছে। তালিকাখন এনেধৰণৰ— অন্ধ্ৰপ্ৰদেশ ৯.১০শতাংশ, অৰুণাচল প্ৰদেশ ৩.৪৪শতাংশ, অসম ৪.৩২শতাংশ, বিহাৰ ২.০৫শতাংশ, ছত্তিছগড় ৩.৩৫ শতাংশ, গোৱা ৮.৪৬শতাংশ, জম্মু-কাশ্মীৰ ৫.১৮ শতাংশ, কৰ্ণাটক ৭.৭৫ শতাংশ, লাডাখ ১.৮৬ শতাংশ, মধ্যপ্ৰদেশ ৩.৮১ শতাংশ, মণিপুৰ ২.৩৬ শতাংশ, মেঘালয় ১.২৭ শতাংশ, মিজোৰাম ২.৩৫ শতাংশ, নগালেণ্ড ৩.০৩ শতাংশ, ওড়িশা ২.৭২ শতাংশ, তেলেংগানা ৮.০৩ শতাংশ, ত্ৰিপুৰা ১.৬১ শতাংশ, উত্তৰ প্ৰদেশ ২.৯৪ চাৰি শতাংশ, উত্তৰাখণ্ড ৬.৪০ শতাংশ, পশ্চিম বংগ ৯.৬৫ শতাংশ। কেইখনমান ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ স্কুলহে ইণ্টাৰনেটৰ সুবিধাৰ দিশৰপৰা আগবঢ়া। দেশৰ ভিতৰতে শীৰ্ষত আছে চণ্ডীগড়। চণ্ডীগড়ৰ এশ শতাংশ স্কুলত আছে ইণ্টাৰনেটৰ সুবিধা। লাক্ষাদ্বীপৰ ৯৩.৩৩ শতাংশ স্কুলত, দিল্লীৰ ৮৮.১৮ শতাংশ স্কুলত আৰু কেৰালাৰ ৮৭.১৬ শতাংশ স্কুলত আছে ইণ্টাৰনেটৰ সুবিধা। আধুনিক শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূ্ৰ্ণ উপাদান বিদ্যালয়সমূহত আগবঢ়াবলৈ সক্ষম নোহোৱাটোৱে দেশৰ শিক্ষা ব্যৱস্থাৰ অনগ্ৰসৰ ৰূপটোকে প্ৰতীয়মান কৰি তুলিছে। অসমো এইক্ষেত্ৰত তেনেই পিছপৰা হোৱাটো চৰকাৰৰ বাবে নিশ্চয় ব্যৰ্থতাৰ পৰিচায়ক। মন কৰিবলগীয়া কথাটো হৈছে যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰছৰ শাসনৰ সময়ৰে পৰা দীৰ্ঘকাল শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁৰ কাৰ্যকালত অসমৰ শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি হয় যদিও অসমে এতিয়াও বিহাৰ ছত্তিছগড়ৰ ৰাজ্যৰ সৈতে শেষৰ ফালেই অৱস্থান কৰি আছে। তাৰ বিপৰীতে শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আলোড়ন সৃষ্টি কৰা কেৰালা, দিল্লীৰ দৰে ৰাজ্য বহুদূৰ আগুৱাই যাবলৈ সক্ষম হৈছে। এইবোৰ ৰাজ্যৰ সৈতে ফেৰ মাৰিবলৈ অসমে আৰু দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব যে সেয়া নিশ্চিত। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ