--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ শিক্ষা ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ আন এখন ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে। দেশৰ শিক্ষা ব্যৱস্থা তথা বিদ্যালয়সমূহত আধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰাৰ দিশত এতিয়াও যে, দেশ পিছপৰি আছে সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে। শেহতীয়া এক তথ্য অনুসৰি দেশৰ ২০খন ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ ১০শতাংশতকৈয়ো কম বিদ্যালয়ত আছে ইণ্টাৰনেটৰ সুবিধা। অসমৰ অৱস্থাও এইক্ষেত্ৰত অতি শোচনীয়। এই দিশৰ পৰা অসমৰ স্থান বিহাৰ, ছত্তিছগড় আদিৰ দৰে ৰাজ্যৰ সৈতে একেবাৰে তলৰ ফালেহে। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে। লোকসভাত উত্থাপন হোৱা এটা প্ৰশ্নৰ লিখিত উত্তৰ দি এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সংসদৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে সোমবাৰে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছিল। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেচন ছিষ্টেমৰ ২০১৯-২০চনৰ তথ্যৰ আধাৰত এই কথা প্ৰকাশ কৰে। এই তথ্যই দেশৰ শিক্ষানুষ্ঠানসমূহত আধুনিক সা-সুবিধা প্ৰদানৰ শোচনীয় ৰূপটো প্ৰকট কৰি তুলিছে। মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি তলৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশসমূহৰ দহ শতাংশতকৈ কম স্কুলত ইণ্টাৰনেটৰ সুবিধা আছে। তালিকাখন এনেধৰণৰ— অন্ধ্ৰপ্ৰদেশ ৯.১০শতাংশ, অৰুণাচল প্ৰদেশ ৩.৪৪শতাংশ, অসম ৪.৩২শতাংশ, বিহাৰ ২.০৫শতাংশ, ছত্তিছগড় ৩.৩৫ শতাংশ, গোৱা ৮.৪৬শতাংশ, জম্মু-কাশ্মীৰ ৫.১৮ শতাংশ, কৰ্ণাটক ৭.৭৫ শতাংশ, লাডাখ ১.৮৬ শতাংশ, মধ্যপ্ৰদেশ ৩.৮১ শতাংশ, মণিপুৰ ২.৩৬ শতাংশ, মেঘালয় ১.২৭ শতাংশ, মিজোৰাম ২.৩৫ শতাংশ, নগালেণ্ড ৩.০৩ শতাংশ, ওড়িশা ২.৭২ শতাংশ, তেলেংগানা ৮.০৩ শতাংশ, ত্ৰিপুৰা ১.৬১ শতাংশ, উত্তৰ প্ৰদেশ ২.৯৪ চাৰি শতাংশ, উত্তৰাখণ্ড ৬.৪০ শতাংশ, পশ্চিম বংগ ৯.৬৫ শতাংশ। কেইখনমান ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ স্কুলহে ইণ্টাৰনেটৰ সুবিধাৰ দিশৰপৰা আগবঢ়া। দেশৰ ভিতৰতে শীৰ্ষত আছে চণ্ডীগড়। চণ্ডীগড়ৰ এশ শতাংশ স্কুলত আছে ইণ্টাৰনেটৰ সুবিধা। লাক্ষাদ্বীপৰ ৯৩.৩৩ শতাংশ স্কুলত, দিল্লীৰ ৮৮.১৮ শতাংশ স্কুলত আৰু কেৰালাৰ ৮৭.১৬ শতাংশ স্কুলত আছে ইণ্টাৰনেটৰ সুবিধা। আধুনিক শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূ্ৰ্ণ উপাদান বিদ্যালয়সমূহত আগবঢ়াবলৈ সক্ষম নোহোৱাটোৱে দেশৰ শিক্ষা ব্যৱস্থাৰ অনগ্ৰসৰ ৰূপটোকে প্ৰতীয়মান কৰি তুলিছে। অসমো এইক্ষেত্ৰত তেনেই পিছপৰা হোৱাটো চৰকাৰৰ বাবে নিশ্চয় ব্যৰ্থতাৰ পৰিচায়ক। মন কৰিবলগীয়া কথাটো হৈছে যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰছৰ শাসনৰ সময়ৰে পৰা দীৰ্ঘকাল শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁৰ কাৰ্যকালত অসমৰ শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি হয় যদিও অসমে এতিয়াও বিহাৰ ছত্তিছগড়ৰ ৰাজ্যৰ সৈতে শেষৰ ফালেই অৱস্থান কৰি আছে। তাৰ বিপৰীতে শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আলোড়ন সৃষ্টি কৰা কেৰালা, দিল্লীৰ দৰে ৰাজ্য বহুদূৰ আগুৱাই যাবলৈ সক্ষম হৈছে। এইবোৰ ৰাজ্যৰ সৈতে ফেৰ মাৰিবলৈ অসমে আৰু দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব যে সেয়া নিশ্চিত। bfc banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগৰ অন্ত! ভক্তৰ বাবে পুনৰ মুকলি মা কামাখ্যা ধামৰ দ্বাৰ
চাহৰ জনমূৰি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে 'মিছন ১ কে' অভিযান
Axiom-4 মুকলি কৰাৰ পিছতে সুভাংশু শুক্লাৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ বিশেষ বাৰ্তা
স্নায়ুজনিত ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...