--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্ধিত পেট্ৰ’ল-ডিজেলৰ মূল্যই কোঙা কৰিছে জনসাধাৰণক৷ এই মূল্যবৃদ্ধিৰ প্ৰতিৰোধৰ অন্য উপায় হিচাপে ঘোঁৰা ব্যৱহাৰৰ বিকল্প গ্ৰহণ কৰিছে এজন ব্যক্তিয়ে৷ ব্যক্তিজন মহাৰাষ্ট্ৰৰ বুলি জানিবলৈ পোৱা গৈছে৷ মহাৰাষ্ট্ৰৰ ব্যক্তিজনে ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিৰোধ কৰাৰ এক অনন্য উপায় বিচাৰি পাইছিল - ঘোঁৰাত যাত্ৰা কৰি। তেওঁ হৈছে ঔৰঙ্গাবাদৰ শ্বেখ ইউছুফ৷ ইউছুফে সংবাদ সংস্থা এএনআইক কৈছিল যে, ‘ই হৈছে এটা সম্ভৱ বিকল্প।’ ইউছুফে কয় যে, ‘মই এখন মহাবিদ্যালয়ত পৰীক্ষাগাৰ সহায়ক হিচাপে কাম কৰোঁ, আৰু আজিও মই মোৰ ঘোঁৰাটো যাতায়াত কৰিবলৈ ব্যৱহাৰ কৰোঁ। ই মোক সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰাখে। লগতে, ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, পৰিবহণৰ মাধ্যম হিচাপে ঘোঁৰা এটা সম্ভৱ বিকল্প৷’ সংবাদ সংস্থাটোৱে টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত ইউছুফে তেওঁৰ দৈনিক কামলৈ যাত্ৰাৰ বাবে ঘোঁৰাটো ব্যৱহাৰ কৰা দেখা গৈছিল। ঘোঁৰাটোক ইউছুফে নাম দিছিল ‘জিগৰ’। ইউছুফে ইয়াক লকডাউনৰ সময়ত ৪০,০০০ টকাত ক্ৰয় কৰিছিল। এই কথা সদৰী কৰি তেওঁ কয় যে, ‘মই লকডাউনৰ সময়ত এইটো কিনিছিলো। মোৰ বাইকখন বেয়া হৈছিল, পেট্ৰ’লৰ মূল্যবৃদ্ধি হৈছিল আৰু ৰাজহুৱা পৰিবহণ চলি থকা নাছিল। এইসময়ত মই এই ঘোঁৰাটো যাতায়াতৰ বাবে ৪০,০০০ত কিনিছিলো৷’ অৱশ্যে, তেওঁৰ সিদ্ধান্তই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক যথেষ্ট আমোদ দিছিল। যদিও কিছুমান ব্যৱহাৰকাৰীয়ে কয় যে এইটো এটা ভাল বিকল্প, আন কিছুমানে তেওঁক উপহাস কৰিছিল। ঘোঁৰাৱালা ইউছুফ চুবুৰীয়া অঞ্চলত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। তেওঁক প্ৰায়ে গাড়ী আৰু মটৰ চাইকেলৰ কাষেৰে ঘোঁৰাৰে পাৰ হৈ যোৱা দেখা যায়। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন