--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্ধিত পেট্ৰ’ল-ডিজেলৰ মূল্যই কোঙা কৰিছে জনসাধাৰণক৷ এই মূল্যবৃদ্ধিৰ প্ৰতিৰোধৰ অন্য উপায় হিচাপে ঘোঁৰা ব্যৱহাৰৰ বিকল্প গ্ৰহণ কৰিছে এজন ব্যক্তিয়ে৷ ব্যক্তিজন মহাৰাষ্ট্ৰৰ বুলি জানিবলৈ পোৱা গৈছে৷ মহাৰাষ্ট্ৰৰ ব্যক্তিজনে ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিৰোধ কৰাৰ এক অনন্য উপায় বিচাৰি পাইছিল - ঘোঁৰাত যাত্ৰা কৰি। তেওঁ হৈছে ঔৰঙ্গাবাদৰ শ্বেখ ইউছুফ৷ ইউছুফে সংবাদ সংস্থা এএনআইক কৈছিল যে, ‘ই হৈছে এটা সম্ভৱ বিকল্প।’ ইউছুফে কয় যে, ‘মই এখন মহাবিদ্যালয়ত পৰীক্ষাগাৰ সহায়ক হিচাপে কাম কৰোঁ, আৰু আজিও মই মোৰ ঘোঁৰাটো যাতায়াত কৰিবলৈ ব্যৱহাৰ কৰোঁ। ই মোক সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰাখে। লগতে, ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, পৰিবহণৰ মাধ্যম হিচাপে ঘোঁৰা এটা সম্ভৱ বিকল্প৷’ সংবাদ সংস্থাটোৱে টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত ইউছুফে তেওঁৰ দৈনিক কামলৈ যাত্ৰাৰ বাবে ঘোঁৰাটো ব্যৱহাৰ কৰা দেখা গৈছিল। ঘোঁৰাটোক ইউছুফে নাম দিছিল ‘জিগৰ’। ইউছুফে ইয়াক লকডাউনৰ সময়ত ৪০,০০০ টকাত ক্ৰয় কৰিছিল। এই কথা সদৰী কৰি তেওঁ কয় যে, ‘মই লকডাউনৰ সময়ত এইটো কিনিছিলো। মোৰ বাইকখন বেয়া হৈছিল, পেট্ৰ’লৰ মূল্যবৃদ্ধি হৈছিল আৰু ৰাজহুৱা পৰিবহণ চলি থকা নাছিল। এইসময়ত মই এই ঘোঁৰাটো যাতায়াতৰ বাবে ৪০,০০০ত কিনিছিলো৷’ অৱশ্যে, তেওঁৰ সিদ্ধান্তই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক যথেষ্ট আমোদ দিছিল। যদিও কিছুমান ব্যৱহাৰকাৰীয়ে কয় যে এইটো এটা ভাল বিকল্প, আন কিছুমানে তেওঁক উপহাস কৰিছিল। ঘোঁৰাৱালা ইউছুফ চুবুৰীয়া অঞ্চলত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। তেওঁক প্ৰায়ে গাড়ী আৰু মটৰ চাইকেলৰ কাষেৰে ঘোঁৰাৰে পাৰ হৈ যোৱা দেখা যায়। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান