--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ পাছৰে পৰা ইউক্ৰেইনৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ফেচবুক৷ যুদ্ধৰ পাছৰে পৰা বহু ফেচবুক ব্যৱহাৰকাৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মৃত্যু কামনা কৰি পোষ্ট কৰিছিল৷ ইয়াৰ পাছতে, মেটাৰ মালিকানাধীন ফেচবুকে জনাইছে যে তেওঁলোকে এতিয়া এনে পোষ্ট নিষিদ্ধ কৰিব। কোম্পানীটোৱে ঘোষণা কৰা অনুসৰি, ইউক্ৰেইনৰ ব্যৱহাৰকাৰীসকলে এতিয়াৰ পৰা আৰু পুটিনৰ মৃত্যু কামনা কৰিব নোৱাৰিব, কিয়নো কোম্পানীটোৱে এনে পোষ্ট এতিয়া নিষিদ্ধ কৰিব। ৰাছিয়াই ইনষ্টাগ্ৰাম নিষিদ্ধ কৰাৰ এদিন পাছতে নতুন আপডেটটো ঘোষণা কৰা হৈছিল যাৰ বাবে দেশখনৰ ৮০ নিযুত লোকে ফটো শ্বেয়াৰিং এপটো ব্যৱহাৰ কৰাৰ অধিকাৰ হেৰুৱাইছিল। মেতাই পূৰ্বে নতুন নিৰ্দেশনা ঘোষণা কৰিছিল যাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক ইনষ্টাগ্ৰামৰ লগতে ফেচবুকত পুটিনৰ মৃত্যু কামনা কৰাৰ অনুমতি দিছিল। অৱশ্যে, ফেচবুকে এতিয়া ইয়াৰ প্লেটফৰ্মত এনে পোষ্টৰ অনুমতি দিয়াৰ সিদ্ধান্ত সলনি কৰা দেখা গৈছে। ফেচবুক আৰু ইনষ্টাগ্ৰাম দুয়োটা এপেই ৰাছিয়াত নিষিদ্ধ কৰাৰ পাছত এই ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। গ্ল'ৱেল এফেয়াৰ্ছৰ সভাপতি নিক ক্লেগে এক নতুন বিবৃতিত কয় যে, ৰাষ্ট্ৰপতি পুটিনৰ মৃত্যু কামনা কৰা পোষ্টসমূহ নিষিদ্ধ কৰা হৈছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, ‘মেতা’ই ইয়াৰ কৰ্মচাৰীসকললৈ এক আভ্যন্তৰীণ ইমেইলত কৈছিল যে নতুন মডাৰেচন নিয়মটোক 'সাধাৰণতে ৰাছিয়াৰ বিৰুদ্ধে হোৱা হিংসাক ক্ষমা কৰা বুলি কেতিয়াও ব্যাখ্যা কৰিব নালাগে'। অৱশ্যে, তেওঁ লগতে কয় যে, মেতাই এজন ৰাষ্ট্ৰপ্ৰধানক হত্যা কৰিবলৈ আহ্বান জনোৱাৰ অনুমতি নিদিয়ে। ' যোৱা সপ্তাহত, মেতাই ৰাছিয়া, ইউক্ৰেইন, জৰ্জিয়া আৰু পোলেণ্ড, পূৱ ইউৰোপৰ ব্যৱহাৰকাৰীসকলক পুটিনৰ মৃত্যু বিচাৰি পোষ্ট কৰাৰ অনুমতি দিছিল। bfc banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ