--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপোনাৰ টেটুৰ প্ৰতি আসক্তি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে বিশেষ হব। কাৰণ টেটু বনাবলৈ আপোনাৰ মনত থকা চখটোৱে আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। বাৰাণসীৰ ১৪ জন লোকৰ ক্ষেত্ৰত ঘটিছে অঘটন। দৰাচলতে বাৰাণসীত সস্তীয়া টেটু বনাই ১৪ জন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। ইয়াৰ পিছতে কৰ্তৃপক্ষই সস্তীয়া টেটু পাৰ্লাৰলৈ যোৱাৰ সতৰ্কবাণী জাৰি কৰিবলগীয়া হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বাৰাণসীৰ পণ্ডিত দীনদয়াল উপাধ্যায় হাস্পতালৰ ডাঃ প্ৰীতি আগৰৱালাই কয় যে ৰোগী সকলক পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে। তেওঁলোকৰ দেহত পোৱা গৈছিল এইচআইভিৰ বীজাণু। তদন্তত ধৰা পৰিছে যে বহু এইচআইভি আক্ৰান্ত ৰোগীয়ে স্থানীয় সস্তীয়া টেটু পাৰ্লাৰৰ পৰা টেটু কৰাইছিল। টেটু কৰাৰ পিছত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। তেওঁ কয় যে এই সন্দৰ্ভত অধিক তদন্ত চলি আছে।

টেটু কৰি মানুহ অসুস্থ হৈ পৰাৰ খবৰটো বিয়পি পৰিল বৰগাঁৱৰ এগৰাকী ২০ বছৰীয়া যুৱক আৰু নাগমাৰ এগৰাকী ২৫ বছৰীয়া যুৱতী অসুস্থ হৈ পৰাত। সূত্ৰ অনুসৰি ভাইৰেল টাইফয়েড, মেলেৰিয়াকে ধৰি ৰোগীসকলৰ ওপৰত বহু পৰীক্ষা কৰা হৈছিল। সকলো চেষ্টা কৰিও যেতিয়া ৰোগীৰ জ্বৰ কমি নাহিল, তেতিয়া তেওঁলোকৰ এইচআইভি পৰীক্ষা কৰা হ’ল। এই পৰীক্ষাত সকলো ৰোগীৰ এইচআইভি পজিটিভ পোৱা গৈছিল।

পৰীক্ষা কৰিলে দেখা গ’ল যে এই এইচআইভি পজিটিভ ৰোগীসকলৰ কোনো এজনৰেই শাৰীৰিক সংস্পৰ্শৰ বাবে বা বেজী বা তেজৰ সংক্ৰমণৰ বাবে এই সংক্ৰমণ হোৱা নাছিল। পৰীক্ষাত ধৰা পৰে যে শেহতীয়াকৈ সকলো ৰোগীয়ে টেটু বনাইছিল। এই বিষয়টোৰ মূল কথাটোলৈ আহিবলৈ যেতিয়া অধিক তদন্ত কৰা হ’ল, তেতিয়া দেখা গ’ল যে তেওঁলোক সকলোৱে একেজন ব্যক্তিৰ পৰাই টেটুটো বনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ