--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপোনাৰ টেটুৰ প্ৰতি আসক্তি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে বিশেষ হব। কাৰণ টেটু বনাবলৈ আপোনাৰ মনত থকা চখটোৱে আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। বাৰাণসীৰ ১৪ জন লোকৰ ক্ষেত্ৰত ঘটিছে অঘটন। দৰাচলতে বাৰাণসীত সস্তীয়া টেটু বনাই ১৪ জন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। ইয়াৰ পিছতে কৰ্তৃপক্ষই সস্তীয়া টেটু পাৰ্লাৰলৈ যোৱাৰ সতৰ্কবাণী জাৰি কৰিবলগীয়া হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বাৰাণসীৰ পণ্ডিত দীনদয়াল উপাধ্যায় হাস্পতালৰ ডাঃ প্ৰীতি আগৰৱালাই কয় যে ৰোগী সকলক পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে। তেওঁলোকৰ দেহত পোৱা গৈছিল এইচআইভিৰ বীজাণু। তদন্তত ধৰা পৰিছে যে বহু এইচআইভি আক্ৰান্ত ৰোগীয়ে স্থানীয় সস্তীয়া টেটু পাৰ্লাৰৰ পৰা টেটু কৰাইছিল। টেটু কৰাৰ পিছত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। তেওঁ কয় যে এই সন্দৰ্ভত অধিক তদন্ত চলি আছে।

টেটু কৰি মানুহ অসুস্থ হৈ পৰাৰ খবৰটো বিয়পি পৰিল বৰগাঁৱৰ এগৰাকী ২০ বছৰীয়া যুৱক আৰু নাগমাৰ এগৰাকী ২৫ বছৰীয়া যুৱতী অসুস্থ হৈ পৰাত। সূত্ৰ অনুসৰি ভাইৰেল টাইফয়েড, মেলেৰিয়াকে ধৰি ৰোগীসকলৰ ওপৰত বহু পৰীক্ষা কৰা হৈছিল। সকলো চেষ্টা কৰিও যেতিয়া ৰোগীৰ জ্বৰ কমি নাহিল, তেতিয়া তেওঁলোকৰ এইচআইভি পৰীক্ষা কৰা হ’ল। এই পৰীক্ষাত সকলো ৰোগীৰ এইচআইভি পজিটিভ পোৱা গৈছিল।

পৰীক্ষা কৰিলে দেখা গ’ল যে এই এইচআইভি পজিটিভ ৰোগীসকলৰ কোনো এজনৰেই শাৰীৰিক সংস্পৰ্শৰ বাবে বা বেজী বা তেজৰ সংক্ৰমণৰ বাবে এই সংক্ৰমণ হোৱা নাছিল। পৰীক্ষাত ধৰা পৰে যে শেহতীয়াকৈ সকলো ৰোগীয়ে টেটু বনাইছিল। এই বিষয়টোৰ মূল কথাটোলৈ আহিবলৈ যেতিয়া অধিক তদন্ত কৰা হ’ল, তেতিয়া দেখা গ’ল যে তেওঁলোক সকলোৱে একেজন ব্যক্তিৰ পৰাই টেটুটো বনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ