--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰকৃতিৰ ৰোষত পৰি অসহায় হৈ পৰিছে বিহাৰ। যোৱা মঙলবাৰে ধুমুহা আৰু বজ্ৰপাতে তাণ্ডৱৰ সৃষ্টি কৰে বিহাৰত। চৰকাৰী বিবৃতি অনুসৰি মঙলবাৰে সমগ্ৰ বিহাৰত বজ্ৰপাত আৰু বজ্ৰপাতত ১৬ জন লোকৰ মৃত্যু হয়।ৰাজ্যখনৰ পূব চম্পাৰণ জিলাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভোজপুৰ আৰু চৰণত তিনিজনকৈ লোক নিহত হয় বুলি বিবৃতিত উল্লেখ কৰা হৈছে।

আনহাতে বজ্ৰপাতৰ ফলত পশ্চিম চম্পাৰণ আৰু আৰাৰিয়াত দুজনকৈ লোক আৰু বাংকা আৰু মুজাফ্ফৰপুৰতো এজনকৈ লোক নিহত হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২১ জুনত পূৰ্ণিয়া, খাগৰীয়া আৰু চহৰচাত বজ্ৰপাতৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছিল। তদুপৰি ১৮ আৰু ১৯ জুনত ৰাজ্যখনত বজ্ৰপাতে ১৭ জন লোকৰ প্ৰাণ লৈছিল।

বজ্ৰপাতে ৰাজ্যখনত এনে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতে এইবাৰ আকৌ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুক্ৰবাৰে আৰু শনিবাৰে ৰাজ্যখনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ভৱিষ্যতবাণী কৰিছে।

বিভাগে অহা ৩৪ ঘণ্টাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে ৰাজ্যখনৰ বাকী অংশবোৰ সামৰি ল'ব বুলি ভৱিষ্যতবাণী কৰিছে।পাটনা বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে পশ্চিম চম্পাৰণ আৰু পূব চম্পাৰণত অত্যাধিক ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছিল।

আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জনাই প্ৰতিজন নিহত লোকৰ পৰিয়ালৰ বাবে ৪ লাখ টকাৰ অনুদান ঘোষণা কৰে।

তেওঁ লগতে জনসাধাৰণক প্ৰতিকূল বতৰৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰী কৰা নিৰ্দেশনা অনুসৰণ কৰিবলৈও আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ