--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰত এন ডি এ চৰকাৰ গঠনৰ ক্ষেত্ৰত  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জেডিঅউৰ নেতা  নীতিশ কুমাৰে চল চাই কঠীয়া পাৰিলে।  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশে নৰেন্দ্ৰ মোদীৰ চৰকাৰক হেঁচা দিবলৈ এইবাৰ  বিহাৰক ‘বিশেষ ৰাজ্যৰ মৰ্যাদা’ প্ৰদানৰ দাবীৰে  প্ৰস্তাৱ গৃহীত কৰিলে । নৰেন্দ্ৰ মোদীৰ কেবিনেটত কেইবাটাও মন্ত্ৰালয় বিচাৰি ইয়াৰ পূৰ্বে জেডিইউয়ে  দাবী উত্থাপন কৰিছিল। শনিবাৰে দলৰ কাৰ্যনিৰ্বাহক সভাত বিহাৰক বিশেষ ৰাজ্যৰ  মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰা হয়। তদুপৰি এই বৈঠকতে জেডিইউ নেতা সঞ্জয় ঝনক দলৰ সভাপতি হিচাবে নিৰ্বাচিত  কৰাৰ সিদ্ধান্ত লোৱা হয়।

দিল্লীৰ কনষ্টিটিউচন ক্লাবত শনিবাৰে আয়োজন কৰা হয়  জেডিইউৰ এই বৈঠক। তাতেই মোদী চৰকাৰৰ পৰা বিহাৰৰ বাবে বিশেষ মৰ্যাদা বিচৰাৰ প্ৰস্তাৱটো গ্ৰহণ কৰা হয়।  বৈঠকৰ অন্তত জেডিইউৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে বিহাৰক বিশেষ শ্ৰেণীৰ মৰ্যাদা দিয়াৰ দাবী নতুন নহয়। বিহাৰৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে ৰাজ্যখনৰ  বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ বিশেষ ৰাজ্যৰ  মৰ্যাদা প্ৰদান কৰাটো  অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি বিহাৰত নতুন সংৰক্ষণ নীতি ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত এটা প্ৰস্তাৱ দাখিল কৰা হয়। শেহতীয়াকৈ বিহাৰত সংৰক্ষণৰ কোটা ৬৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই সংৰক্ষণ কোটা ৰূপায়ণৰ ক্ষেত্ৰত যাতে কোনো আইনী বাধা নাথাকে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কোটাৰ ব্যৱস্থা সংবিধানৰ নৱম অনুসূচীত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে জে ডি ইউয়ে।


মন কৰিব যে দেশৰ সংবিধানত বিশেষ ৰাজ্যৰ মৰ্যাদা সন্দৰ্ভত কেতিয়াও কোনো নিৰ্দেশনা নাছিল। গডগিল কমিটীয়ে প্ৰথমবাৰৰ বাবে ১৯৬৯ চনত এই অনুমোদন দিছিল। এইদৰে ১৯৬৯ চনত জম্মু-কাশ্মীৰ, নাগালেণ্ডক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হয়। পিছলৈ মণিপুৰ, তেলেংগানা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিকিম, মেঘালয় এই তালিকাত অন্তৰ্ভুক্ত হয় । নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰে বিশেষ মৰ্যাদা থকা ৰাজ্যসমূহক সৰ্বাধিক গুৰুত্ব দিব লাগে। কৰৰ ক্ষেত্ৰতো বিশেষ ৰেহাই দিয়া হয় । সাধাৰণতে এই মৰ্যাদাৰ বাবে যোগ্য ৰাজ্যসমূহ হ’ল ভৌগোলিকভাৱে দূৰৈত থকা, জনসংখ্যাৰ ঘনত্ব অতি কম থকা ৰাজ্য , আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা  দুখীয়া ৰাজ্য। এনে সমস্যা থকা ৰাজ্যসমূহেহে বিশেষ মৰ্যাদাৰ বাবে আবেদন  কৰিব পাৰে। বিহাৰে দীৰ্ঘদিন ধৰি এই অধিকাৰ দাবী কৰি আহিছে।

সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৪০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰত  চৰকাৰ গঠন কৰিবলৈ ২৭২ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। কেন্দ্ৰত চৰকাৰ তিষ্ঠি  থাকিবলৈ  বিজেপিক জেডিইউৰ  সমৰ্থনৰ প্ৰয়োজন হৈছিল। ৰাজনৈতিক মহলে দাবী কৰিছে যে এন ডি এ চৰকাৰত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰাৰ পিছত নীতিশে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত বিহাৰক বিশেষ শ্ৰেণীৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ গৃহীত কৰি মোদীৰ চৰকাৰক পৰোক্ষভাবে হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে।   

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন