--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰত এন ডি এ চৰকাৰ গঠনৰ ক্ষেত্ৰত  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জেডিঅউৰ নেতা  নীতিশ কুমাৰে চল চাই কঠীয়া পাৰিলে।  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশে নৰেন্দ্ৰ মোদীৰ চৰকাৰক হেঁচা দিবলৈ এইবাৰ  বিহাৰক ‘বিশেষ ৰাজ্যৰ মৰ্যাদা’ প্ৰদানৰ দাবীৰে  প্ৰস্তাৱ গৃহীত কৰিলে । নৰেন্দ্ৰ মোদীৰ কেবিনেটত কেইবাটাও মন্ত্ৰালয় বিচাৰি ইয়াৰ পূৰ্বে জেডিইউয়ে  দাবী উত্থাপন কৰিছিল। শনিবাৰে দলৰ কাৰ্যনিৰ্বাহক সভাত বিহাৰক বিশেষ ৰাজ্যৰ  মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰা হয়। তদুপৰি এই বৈঠকতে জেডিইউ নেতা সঞ্জয় ঝনক দলৰ সভাপতি হিচাবে নিৰ্বাচিত  কৰাৰ সিদ্ধান্ত লোৱা হয়।

দিল্লীৰ কনষ্টিটিউচন ক্লাবত শনিবাৰে আয়োজন কৰা হয়  জেডিইউৰ এই বৈঠক। তাতেই মোদী চৰকাৰৰ পৰা বিহাৰৰ বাবে বিশেষ মৰ্যাদা বিচৰাৰ প্ৰস্তাৱটো গ্ৰহণ কৰা হয়।  বৈঠকৰ অন্তত জেডিইউৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে বিহাৰক বিশেষ শ্ৰেণীৰ মৰ্যাদা দিয়াৰ দাবী নতুন নহয়। বিহাৰৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে ৰাজ্যখনৰ  বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ বিশেষ ৰাজ্যৰ  মৰ্যাদা প্ৰদান কৰাটো  অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি বিহাৰত নতুন সংৰক্ষণ নীতি ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত এটা প্ৰস্তাৱ দাখিল কৰা হয়। শেহতীয়াকৈ বিহাৰত সংৰক্ষণৰ কোটা ৬৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই সংৰক্ষণ কোটা ৰূপায়ণৰ ক্ষেত্ৰত যাতে কোনো আইনী বাধা নাথাকে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কোটাৰ ব্যৱস্থা সংবিধানৰ নৱম অনুসূচীত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে জে ডি ইউয়ে।


মন কৰিব যে দেশৰ সংবিধানত বিশেষ ৰাজ্যৰ মৰ্যাদা সন্দৰ্ভত কেতিয়াও কোনো নিৰ্দেশনা নাছিল। গডগিল কমিটীয়ে প্ৰথমবাৰৰ বাবে ১৯৬৯ চনত এই অনুমোদন দিছিল। এইদৰে ১৯৬৯ চনত জম্মু-কাশ্মীৰ, নাগালেণ্ডক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হয়। পিছলৈ মণিপুৰ, তেলেংগানা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিকিম, মেঘালয় এই তালিকাত অন্তৰ্ভুক্ত হয় । নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰে বিশেষ মৰ্যাদা থকা ৰাজ্যসমূহক সৰ্বাধিক গুৰুত্ব দিব লাগে। কৰৰ ক্ষেত্ৰতো বিশেষ ৰেহাই দিয়া হয় । সাধাৰণতে এই মৰ্যাদাৰ বাবে যোগ্য ৰাজ্যসমূহ হ’ল ভৌগোলিকভাৱে দূৰৈত থকা, জনসংখ্যাৰ ঘনত্ব অতি কম থকা ৰাজ্য , আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা  দুখীয়া ৰাজ্য। এনে সমস্যা থকা ৰাজ্যসমূহেহে বিশেষ মৰ্যাদাৰ বাবে আবেদন  কৰিব পাৰে। বিহাৰে দীৰ্ঘদিন ধৰি এই অধিকাৰ দাবী কৰি আহিছে।

সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৪০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰত  চৰকাৰ গঠন কৰিবলৈ ২৭২ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। কেন্দ্ৰত চৰকাৰ তিষ্ঠি  থাকিবলৈ  বিজেপিক জেডিইউৰ  সমৰ্থনৰ প্ৰয়োজন হৈছিল। ৰাজনৈতিক মহলে দাবী কৰিছে যে এন ডি এ চৰকাৰত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰাৰ পিছত নীতিশে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত বিহাৰক বিশেষ শ্ৰেণীৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ গৃহীত কৰি মোদীৰ চৰকাৰক পৰোক্ষভাবে হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে।   

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement