--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা আৰম্ভ হ’ল  অমৰনাথ যাত্ৰা। আজিৰ দিনটোতে প্ৰথমটো দল কাশ্মীৰ উপত্যকাৰ পেহেলগাঁৱত উপস্থিত হয়। জম্মু-কাশ্মীৰৰ ভাগৱতী নগৰৰ বেছ কেম্পত তীৰ্থযাত্ৰীৰ দলটোক আদৰণি জনায় জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিঙে।  প্ৰতিকূল বতৰ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকিৰ  কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ যাত্ৰা  সুকলমে সম্পূৰ্ণ কৰাটোৱেই প্ৰশাসনৰ লক্ষ্য। অমৰনাথ যাত্ৰা  চলিতবৰ্ষত ৫২ দিন  ধৰি চলিব।

বিগত সময়ত  পাক সন্ত্ৰাসবাদীয়ে এই তীৰ্থযাত্ৰাত কেইবাবাৰো আক্ৰমণ চলাইছিল। পূৰ্বৰ ঘটনাৰ পৰা শিক্ষা লৈ জম্মু-কাশ্মীৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু সেনাই অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। নিৰাপত্তাত আধুনিক প্ৰযুক্তিও ব্যৱহাৰ কৰা হৈছে। এইবেলি  ড্ৰ’নে সমগ্ৰ যাত্ৰা নিৰীক্ষণ কৰিব। লগতে বিশেষভাৱে প্ৰশিক্ষিত বিশেষ বাহিনীও  নৰাপত্তাৰ কামত ব্যৱহাৰ কৰা হৈছে। তীৰ্থযাত্ৰীৰ প্ৰতিটো শিবিৰত চি চি কেমেৰা লগোৱা হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি কাশ্মীৰ প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। । ২০২২ চনত অমৰনাথ গুহাৰ আশে-পাশে থকা অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণ আৰু  হিমস্খলনৰ ফলত কেইবাজনো তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল।

চলিত বৰ্ষত ১৯ আগষ্টলৈকে চলি থাকিব অমৰনাথ যাত্ৰা। এইবেলি যাত্ৰীসকলে  ক্ৰমে অনন্তনাগৰ ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পেহেলগাঁও পথ আৰু গণ্ডাৰৱালৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ  বাল্টাল পথ ব্যৱহাৰ কৰিব পাৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু