--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা আৰম্ভ হ’ল  অমৰনাথ যাত্ৰা। আজিৰ দিনটোতে প্ৰথমটো দল কাশ্মীৰ উপত্যকাৰ পেহেলগাঁৱত উপস্থিত হয়। জম্মু-কাশ্মীৰৰ ভাগৱতী নগৰৰ বেছ কেম্পত তীৰ্থযাত্ৰীৰ দলটোক আদৰণি জনায় জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিঙে।  প্ৰতিকূল বতৰ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকিৰ  কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ যাত্ৰা  সুকলমে সম্পূৰ্ণ কৰাটোৱেই প্ৰশাসনৰ লক্ষ্য। অমৰনাথ যাত্ৰা  চলিতবৰ্ষত ৫২ দিন  ধৰি চলিব।

বিগত সময়ত  পাক সন্ত্ৰাসবাদীয়ে এই তীৰ্থযাত্ৰাত কেইবাবাৰো আক্ৰমণ চলাইছিল। পূৰ্বৰ ঘটনাৰ পৰা শিক্ষা লৈ জম্মু-কাশ্মীৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু সেনাই অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। নিৰাপত্তাত আধুনিক প্ৰযুক্তিও ব্যৱহাৰ কৰা হৈছে। এইবেলি  ড্ৰ’নে সমগ্ৰ যাত্ৰা নিৰীক্ষণ কৰিব। লগতে বিশেষভাৱে প্ৰশিক্ষিত বিশেষ বাহিনীও  নৰাপত্তাৰ কামত ব্যৱহাৰ কৰা হৈছে। তীৰ্থযাত্ৰীৰ প্ৰতিটো শিবিৰত চি চি কেমেৰা লগোৱা হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি কাশ্মীৰ প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। । ২০২২ চনত অমৰনাথ গুহাৰ আশে-পাশে থকা অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণ আৰু  হিমস্খলনৰ ফলত কেইবাজনো তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল।

চলিত বৰ্ষত ১৯ আগষ্টলৈকে চলি থাকিব অমৰনাথ যাত্ৰা। এইবেলি যাত্ৰীসকলে  ক্ৰমে অনন্তনাগৰ ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পেহেলগাঁও পথ আৰু গণ্ডাৰৱালৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ  বাল্টাল পথ ব্যৱহাৰ কৰিব পাৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ