--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্য আছিল  চাৰিশ খন আসন। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এৰ আসনৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পালে। বিজেপিয়ে অকলেই ৩০০ খন আসন পাব বুলি আশা কৰিছিল, কিন্ত পালে ২৪০ খন আসনহে। কিয় এই বিপৰ্যয়? ।এতিয়া আৰ এছ এছে নিৰ্বাচনত বিজেপিৰ বিপৰ্যয়ৰ কাৰণ বিশ্লেষণ কৰি চাইছে। । সংঘৰ তথ্য অনুসৰি নিবনুৱা সমস্যা আৰু পৰীক্ষাৰ ক্ষেত্ৰত পায়ে হোৱা দুৰ্নীতিৰ বাবে  যুৱক-যুৱতীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। ইয়ো  বিজেপিৰ আসন হ্ৰাস পোৱাৰ আঁৰৰ অন্যতম কাৰণ।


বিজেপিয়ে আটাইতকৈফলাফল প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত এখন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। শেহতীয়াকৈ আৰ এছ এছৰ বৈঠকত সেই দিশটোও আলোচনা কৰা হয়। যোগী ৰাজ্যৰ এই পৰিস্থিতিৰ বাবে দলিত আৰু পিছপৰা জাতিৰ ভোট বেংকক দোষাৰোপ কৰা হৈছে। সমাজবাদী পাৰ্টিয়ে সেই ভোট বেংক অধিগ্ৰহণ কৰি গেৰুৱা শিবিৰক বিপদত পেলোৱা  বুলি অনুমান কৰা হৈছে। 

এগজিট প’লত বহু সংস্থাই এন ডি এক ৪০০ৰো অধিক আসন দিছিল যদিও ফলাফলৰ পিছত প্ৰকৃত ছবিখন একেবাৰে বেলেগ হ’ল। বৰং বিৰোধীয়ে বিগত দুবাৰতকৈ অধিক আসন লাভ কৰিছিল।  আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে  বৰ্তমানৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি পৰীক্ষা কৰি চাইছে।  ২৬ জুনৰ পৰা লক্ষ্ণৌত চাৰিদিনীয়া বৈঠকত আৰ এছ এছৰ নেতাসকলে বৈঠকত মিলিত হয়। লক্ষ্য গোটেই ছবিখন বুজি উঠি বিজেপিৰ ভুলবোৰ বিচাৰি উলিওৱা কৰ্তন কৰা। সভাত আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবলো উপস্থিত থাকে।
সংঘৰ মতে, "উত্তৰ প্ৰদেশত সংঘ আৰু বিজেপিৰ ভোট বেংক সমাজবাদী পাৰ্টিৰ ফালে ঢাল খাইছিল।" এই পৰিস্থিতিত আৰ এছ এছে দলিত আৰু পিছপৰা শ্ৰেণীৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিছে। একে সময়তে নিবনুৱা সমস্যা দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলিও আৰএছএছে অনুভৱ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement