--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্য আছিল  চাৰিশ খন আসন। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এৰ আসনৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পালে। বিজেপিয়ে অকলেই ৩০০ খন আসন পাব বুলি আশা কৰিছিল, কিন্ত পালে ২৪০ খন আসনহে। কিয় এই বিপৰ্যয়? ।এতিয়া আৰ এছ এছে নিৰ্বাচনত বিজেপিৰ বিপৰ্যয়ৰ কাৰণ বিশ্লেষণ কৰি চাইছে। । সংঘৰ তথ্য অনুসৰি নিবনুৱা সমস্যা আৰু পৰীক্ষাৰ ক্ষেত্ৰত পায়ে হোৱা দুৰ্নীতিৰ বাবে  যুৱক-যুৱতীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। ইয়ো  বিজেপিৰ আসন হ্ৰাস পোৱাৰ আঁৰৰ অন্যতম কাৰণ।


বিজেপিয়ে আটাইতকৈফলাফল প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত এখন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। শেহতীয়াকৈ আৰ এছ এছৰ বৈঠকত সেই দিশটোও আলোচনা কৰা হয়। যোগী ৰাজ্যৰ এই পৰিস্থিতিৰ বাবে দলিত আৰু পিছপৰা জাতিৰ ভোট বেংকক দোষাৰোপ কৰা হৈছে। সমাজবাদী পাৰ্টিয়ে সেই ভোট বেংক অধিগ্ৰহণ কৰি গেৰুৱা শিবিৰক বিপদত পেলোৱা  বুলি অনুমান কৰা হৈছে। 

এগজিট প’লত বহু সংস্থাই এন ডি এক ৪০০ৰো অধিক আসন দিছিল যদিও ফলাফলৰ পিছত প্ৰকৃত ছবিখন একেবাৰে বেলেগ হ’ল। বৰং বিৰোধীয়ে বিগত দুবাৰতকৈ অধিক আসন লাভ কৰিছিল।  আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে  বৰ্তমানৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি পৰীক্ষা কৰি চাইছে।  ২৬ জুনৰ পৰা লক্ষ্ণৌত চাৰিদিনীয়া বৈঠকত আৰ এছ এছৰ নেতাসকলে বৈঠকত মিলিত হয়। লক্ষ্য গোটেই ছবিখন বুজি উঠি বিজেপিৰ ভুলবোৰ বিচাৰি উলিওৱা কৰ্তন কৰা। সভাত আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবলো উপস্থিত থাকে।
সংঘৰ মতে, "উত্তৰ প্ৰদেশত সংঘ আৰু বিজেপিৰ ভোট বেংক সমাজবাদী পাৰ্টিৰ ফালে ঢাল খাইছিল।" এই পৰিস্থিতিত আৰ এছ এছে দলিত আৰু পিছপৰা শ্ৰেণীৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিছে। একে সময়তে নিবনুৱা সমস্যা দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলিও আৰএছএছে অনুভৱ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু