--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উপ নিৰ্বাচনত ৰাজ্যৰ দুটাকৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৭৭ নং বিহালী বিধান সভা সমষ্টিত অনন্ত গগৈ আৰু ৮৮ নং চামগুৰি বিধান সভা সমষ্টিত নুৰুল আমিন চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২৫ আক্টোবৰত মনোনয়ন দাখিলৰ অন্তিম দিনটোত আম আদমী পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব।

বৃহস্পতিবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে সমষ্টি দুটাৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷

ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই কয় যে অসমত দুৰ্নীতিমুক্ত প্ৰশাসন, উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতিৰে আপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। দুয়োটা সমষ্টিতে দলীয় কৰ্মী-সমৰ্থক সকলৰ উপৰি সৰ্বস্তৰৰ ৰাইজৰ পৰা অকুণ্ঠ সমৰ্থন আৰু সহযোগিতা কামনা কৰিছে লেতাগৰাকীয়ে৷

সংবাদমেলত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে দলৰ প্ৰতিগৰাকী স্বেচ্ছাসেৱকক বিহালীত অনন্ত গগৈ আৰু চামগুৰিত নুৰুল আমিন চৌধুৰীক  জয়যুক্ত কৰিবৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰি যাবলৈ আহ্বান জনাইছে।

সভাপতিগৰাকীয়ে লগতে কয় এতিয়া উন্নয়ন এজেণ্ডা নহয়, অসমত এতিয়া অন্য ৰাজ্যৰ দৰে পৰিবেশ সৃষ্টি হৈছে। চামগুৰিত নিৰ্বাচনী হিংসাই পৰিৱেশ বেয়া কৰিছে বুলি মত প্ৰকাশ কৰিছে৷
 
সংবাদমেলত কংগ্ৰেছে বিৰোধী ঐক্যবদ্ধ হোৱাটো নিবিচাৰে, কংগ্ৰেছৰ নাটক অসমবাসী ৰাইজে বুজিছে বুলি মন্তব্য কৰিছে আপৰ নেতা গৰাকীয়ে৷ তেওঁলোকে লোকসভাত যি কৰিছিল এতিয়াও সেইয়া কৰিছে বুলি অভিযোগ উত্থাপন কৰি, আম আদমি পাৰ্টিয়ে কংগ্ৰেছক বাদ দি বাকী বিৰোধী দলৰ সৈতে একেখন মঞ্চত কাম কৰিবলৈ আগ্ৰহী বুলি মত প্ৰকাশ কৰিছে আপ নেতৃবৰ্গই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ