--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৩ অক্টোবৰত কলগাছিয়াত অনুষ্ঠিত হৈ যায় ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ দশম কলগাছিয়া লোকেল সন্মিলন৷ ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ৷ 

মুকলি সভাখনত ভাষণ প্ৰদান কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে শৃংখল চলিহাই উজনিত মিঞা থাকিব নোৱাৰে সকলো যাব লাগিব বুলি হুংকা দি মিঞাক খেদি দিলে তেতিয়া ইটা ভাটাৰ মালিক সকল এক লগ হৈ শৃংখল চলিহাক মাতি নিলে আৰু তেওঁলোকৰ পৰা শৃংখল চলিহাই দহ লাখ টকা লৈ কলে, যে আমি আৰু মিঞাক বাধা নিদিওঁ। এই ধৰণৰ জঘন্য ৰাজনীতি চলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহসত চলিছে এই ধৰণৰ ৰাজনীতি। 

বিধায়ক গৰাকীয়ে, মাৰোৱাৰীৰ ওপৰত আক্ৰমণ চলিলে। এই মাৰোৱাৰী সমাজে মুখ্যমন্ত্ৰীক ৬০ লাখ টকা দিলে; এই ষাঠি লাখ টকা লৈ মাৰোৱাৰীক ক’লে সেৱা ক'ৰ। সেৱা কৰোৱাই সেইটো চেপ্টাৰ ক্ল’জ বুলি বিস্ফোৰক মন্তব্য দাঙি ধৰে৷ আৰু বিজেপিয়ে মুকলি ভাবে দুৰ্নীতি কৰে, কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া ৫৫ কোটি টকাৰ গম অসমলৈ আহে কিন্তু এই গম সমূহ কতো বিতৰণ নকৰি মিল বিলাকত দি আটা বনায় আৰু আমাৰ খাদ্য মন্ত্ৰীয়ে প্ৰতি মাহে ৯০ লক্ষ কৰি টকা এই গমৰ পৰা পায় বুলি অভিযোগ উত্থাপন কৰাৰ লগতে কয়  মুখ্যমন্ত্ৰীয়ে থ্ৰি পাৰ্চেন্ট ঠিকাৰ পৰা পইচা লয়; লুণ্ঠনৰ টকাৰে নেতৃত্ব বহন কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ দৰে দুৰ্নীতিগ্ৰস্থ দ'ল মই দেখা নাই। বিজেপিয়ে মুকলি ভাৱে দুৰ্নীতি কৰে।

শৃংখল চলিহাই যে এই ধৰণৰ আন্দোলন কৰিছে কোনে পইচা দিছে? বিজেপি দলে দিছে। মুখ্যমন্ত্ৰী প্ৰত্যক্ষ ভাৱে জড়িত, পইচা দি মিঞাৰ বিৰুদ্ধে আন্দোলনত নমাই দিছে অভিযোগ উত্থাপন কৰিছে৷ 

বিধায়ক গৰাকীয়ে ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই পদত্যাগ দিম বুলি কৈছে কিন্তু পদত্যাগ পত্ৰ দিয়া নাই। সংঘাত এটা হৈছে, এইটো কংগ্ৰেছৰ ঝামেলা। বিহালী সমষ্টি টো এৰি দিব লাগে আৰু বাকী সমষ্টি সমূহত কংগ্ৰেছে খেলিব লাগে বুলি মত প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ