--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল অনুষ্ঠিত কৰি, ৰাজ্যৰ নিৰাপত্তা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ অবৈধ অনুপ্ৰৱেশকৰীৰ সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে৷বিগত দুটা মাহত অসমত ১৩৮ জন অনুপ্ৰৱেশকাৰী ধৰা পৰিছে বুলি সদৰি কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত বাংলাদেশৰ সীমা ভাৰতৰ গাতে লাগি থকাৰ বাবে অবৈধ অনুপ্ৰৱেশ ঘটিছে বুলি বক্তব্য প্ৰদান কৰিছে৷ লগতে কয় যে ভাৰত বাংলাদেশ সীমান্তত সীমা সুৰক্ষা বাহিনীৰ প্ৰচেষ্টাৰ পাছতো বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশ হৈ আছে৷ এই ক্ষেত্ৰত ৰাজ্যচৰকাৰে গুৰুত্ব পূৰ্ণ ভুমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে৷  

হিমন্ত বিশ্ব শৰ্মাই কয় যে, বি এছ এফৰ নিৰন্তৰ প্ৰচেষ্টা সত্ত্বেও বাংলাদেশৰ পৰা অবৈধভৱে প্ৰব্ৰজন হৈয়ে আছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। আৰু তেওঁ কয় যে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো একাংশ অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা হৈছে আৰু অসমতো বহু অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা হৈছে৷

অনুপ্ৰৱেশকাৰীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতলৈ অহা বাংলাদেশী অনুপ্ৰৱেশকাৰী বাংলাদেশী হিন্দু নহয় ৰোহিংগীয়া মুছলমান হোৱাত অতিশয় আচৰিত বুলি মন্তব্য কৰি কয় বাংলাদেশত সংখ্যালঘু হিন্দুয়ে যি পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে তাৰ প্ৰতি লক্ষ্যৰাখি বাংলাদেশী হিন্দু ভাৰতলৈ আহিব বুলি আশা কৰা হৈছিল যদিও ভাৰতলৈ কেৱল ৰোহিংগীয়া মুছলমানহে অনুপ্ৰৱেশ কৰিছে।

ৰোহিংগীয়া মুছলমান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰোহিংগীয়া মুছলমানসকল দেশৰ বিভিন্ন ৰাজ্যলৈ আহিবলৈ চেষ্টা চলাই আহিছে। সেয়ে প্ৰতিখন ৰাজ্য চৰকাৰে সজাগ হৈ থকাৰ লগতে সীমা সুৰক্ষা বাহিনীৰ সৈতে যৌথভৱে প্ৰচেষ্টা হাতত ল’ব লাগিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ