--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিযুক্তি পত্র প্ৰদানৰ সময়ত মুখ্যমন্ত্রী নীতিশে নৱনিযুক্ত মুছলমান আয়ুস চিকিৎসকগৰাকীৰ নিকাব আতৰাই দিয়াৰ সময়ত উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীক বিব্রত অৱস্থাত ভিডিঅ'টোত দেখা গৈছিল।

ডিজিটেল ডেস্ক : বিহাৰত এটা নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত এগৰাকী মুছলমান আয়ুষ চিকিৎসকৰ নিকাব (ওৰণি) মুখ্যমন্ত্রী নীতিশ কুমাৰে আতৰাই দিয়াৰ পাছত সোমবাৰে এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হয়। নিযুক্তি পত্র প্ৰদানৰ সময়ত মুখ্যমন্ত্রী নীতিশে নৱনিযুক্ত মুছলমান আয়ুস চিকিৎসকগৰাকীৰ নিকাব আতৰাই দিয়াৰ সময়ত উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীক বিব্রত অৱস্থাত ভিডিঅ'টোত দেখা গৈছিল।


ইয়াৰ পাছতে ৰাজ্যখনৰ বিৰোধী দল আৰ জে ডি আৰু কংগ্রেছে মুখ্যমন্ত্রী নীতিশক তীব্র সমালোচনা কৰে। বিৰোধী দলবোৰে নীতিশক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে মুখ্যমন্ত্রীজন মানসিকভাৱে অসুস্থ হৈ পৰিছে। আৰ এছ এছ-বিজেপিৰ আদৰ্শৰে পৰিচালিত হ'বলৈ গৈ মুখ্যমন্ত্রীজনে যিকোনো কাম কৰিবলৈ ধৰিছে। সংবাদ মাধ্যমে এই ভিডিঅ' লাভ কৰা নাই যদিও ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি) আৰু বিহাৰ কংগ্ৰেছে 'এক্স' হেণ্ডলত এই ভিডিঅ' প্রকাশ কৰিছে।


আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰীৰ এই 'নিকাব' ঘটনাৰ বিষয়ত সৰৱ হৈ উঠিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলা। মুখ্যমন্ত্রী আব্দুলাই নীতিশ কুমাৰক সমালোচনা কৰি কয় যে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে লাহে লাহে তেওঁৰ প্ৰকৃত পৰিচয় উদঙাই দিছে। এসময়ত এজন 'ধৰ্মনিৰপেক্ষ' নেতা হিচাপে গণ্য কৰা নেতাজনে এতিয়া নিজৰ চৰিত্ৰৰ প্ৰকৃত ৰং উদঙাবলৈ ধৰিছে বুলি ওমৰ আব্দুলাই মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ