--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ পাছতে পুৰণি অৰ্থাৎ তাহানিৰ পৰা বসবাস কৰি থকা জনজাতিসকলৰ মাজত সাংবিধানিক অধিকাৰ খৰ্ব হ'ব বুলি শংকা জন্মিছে।

ডিজিটেল ডেস্কঃ ৰাজ্য সভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে চলিত কেন্দ্ৰৰ সংসদৰ অধিৱেশনত ষষ্ঠ অনুসূচী, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্রশ্ন কৰাৰ লগতে গুৰুত্বপূৰ্ণ দাবীও উত্থাপন কৰে।


উল্লেখযোগ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধানৰ লগতে পৰ্যটন, শ্রমিক, উদ্যোগ-বাণিজ্য তথা জীৱিকা, স্বাস্থ্য খণ্ডৰ অধিক উন্নয়ন আৰু সেইবোৰত থকা বিভিন্ন সমস্যাৰ সমাধানত কেইবাটাও প্রশ্ন উত্থাপন কৰি উন্নয়নৰ বাবে জোৰদাৰ দাবী উত্থাপন কৰে।


সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে সাংবাদিকক দিয়া তথ্য অনুসৰি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাৰ ক্ষেত্ৰত সংসদত সাংসদ নাৰ্জাৰীয়ে ভাষণত উল্লেখ কৰে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসমৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিলৰ পাছত সাম্প্ৰতিক অৱস্থাত অসমত নতুনকৈ জনজাতি বিচৰা আৰু পুৰণি জনজাতিসকলৰ মাজত যি ধৰণৰ সংঘাতপূর্ণ পৰিৱেশৰ সৃষ্টি হৈছে, সেয়া কেন্দ্ৰীয় চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব লাগে।


অসমৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ পাছতে পুৰণি অৰ্থাৎ তাহানিৰ পৰা বসবাস কৰি থকা জনজাতিসকলৰ মাজত সাংবিধানিক অধিকাৰ খৰ্ব হ'ব বুলি শংকা জন্মিছে। তাৰ পৰিণতিত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ জনজাতীয় শিক্ষার্থীয়ে তেওঁলোকৰ সাংবিধানিক অধিকাৰ খৰ্ব হ'ব পাৰে বুলি ভৱিষ্যতৰ শংকা অনুভৱ কৰি, তেওঁলোকৰ যাতে সাংবিধানিক অধিকাৰ খৰ্ব নহয় তাৰবাবে নিজৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিছে বুলি অনুভৱ হৈছে। মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন অনুসৰি এটা পক্ষই অর্থাৎ নতুনকৈ জনজাতিৰূপে অন্তর্ভুক্ত হ'বলগীয়া পক্ষই উৎসাহিত হৈছে আৰু আন এটা পক্ষই অর্থাৎ অসমত বসবাস কৰা পুৰণি জনজাতিসকলে ক্ষুব্ধ হোৱা পৰিলক্ষিত হৈছে।


কেন্দ্ৰীয় চৰকাৰে অভিভাৱকৰ দায়িত্ব লৈ জনজাতিকৰণক লৈ হোৱা ক্ষুব্ধ তথা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তথা নতুনকৈ জনজাতিৰূপে অন্তর্ভুক্ত কৰিব বিচৰা ছয় জনগোষ্ঠী আৰু পুৰণি জনজাতিক উভয় পক্ষকেই মাতি আলোচনা অনুষ্ঠিত কৰি সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিব লাগে।


আনহাতে, সাংসদ নাৰ্জাৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি এলেকাত পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰতো সংসদত গুৰুত্বপূৰ্ণ প্রশ্ন উত্থাপন কৰি পৰ্যটনৰ অধিক উন্নয়নৰ জোৰদাৰ দাবী উত্থাপন কৰে। সাংসদ নাৰ্জাৰীয়ে সংসদত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰ্যালয়ৰ ওচৰত প্ৰশ্ন কৰি ভাৰতবৰ্ষৰ ঋণগ্রস্ত শ্রমিক কিমান আছে তাৰ ৰাজ্যভিত্তিত চিনাক্তকৰণেৰে সমস্যাটোৰ নির্মূলকৰণৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণৰো দাবী উত্থাপন কৰে।


সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে সংসদত অসমৰ ভাৰত-ভূটান সীমান্ত এলেকাত বাণিজ্যিক সা-সুবিধা তথা বাণিজ্যৰ জৰিয়তে মানুহৰ জীৱন-জীৱিকাৰ সুবিধাৰ ক্ষেত্ৰত পদক্ষেপৰ সন্দৰ্ভতো বিশেষ প্রশ্ন উত্থাপনেৰে বিষয়টোৰ উন্নয়নৰ ওপৰতো দাবী উত্থাপন কৰে।


তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ষষ্ঠ অনুসূচীবোৰৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে আৰু বিশেষ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা সুকীয়া ব্যৱস্থাৰ ওপৰতো প্রশ্ন উত্থাপন কৰি বিশেষ পদক্ষেপ গ্রহণৰো সংসসদত দাবী উত্থাপন কৰে সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ ষষ্ঠ অনুসূচী এলেকা তথা জনজাতীয় এলেকাত জনসাধাৰণৰ মাজত হোৱা এনিমিয়া, মেলেৰিয়া, ছিকেল চেল, মেলনিউট্রিয়েশ্যন আদি কেতবোৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰ ৰূপায়ণৰ ওপৰত প্রশ্ন উত্থাপন কৰি সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ষষ্ঠ অনুসূচী এলেকা তথা জনজাতীয় এলেকাত হোৱা বিশেষ ৰোগবোৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জৰিয়তে আৰু অধিক উন্নয়নমূলক স্বাস্থ্য সেৱা আঁচনি প্ৰৱৰ্তনৰো দাবী উত্থাপন কৰে।


উল্লেখযোগ্য যে সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে চলিত সংসদত তেওঁ উত্থাপন কৰা প্ৰশ্নবোৰৰ কেন্দ্ৰীয় চৰকাৰে বিভাগীয়ভাৱে উত্তৰ প্ৰদান কৰাৰ লগতে উত্থাপিত দাবীসমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা এটা সপ্তাহত সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে সংসদত বিষয়বোৰ সঠিক ৰূপত উত্থাপন কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ