--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়ে আজি প্রধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব লগীয়া সকলো স্থানৰ দায়িত্ব গ্রহণ কৰি জলে-স্থলে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে।

ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ আৰু তিনিটা মাহ বাকী থকাৰ সময়তে দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব লগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব লগীয়া এটা প্ৰকল্পৰ আধাৰশিলা আৰু আন এটা প্রকল্প ৰাইজৰ বাবে উৎসৰ্গা কৰিব।


প্রায় ১৫,৬০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব লগীয়া প্ৰধানমন্ত্ৰীৰ এই ভ্রমণক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যিক বিজেপিও তৎপৰ হৈ পৰিছে। কিয়নো এই ভ্রমণ কালত প্রধানমন্ত্ৰীগৰাকীয়ে দলীয় কার্যসূচী হিচাপে গুৱাহাটীত এটা ৰ'ড শ্ব'টো অংশগ্রহণ কৰিব।


প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়ে আজি প্রধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব লগীয়া সকলো স্থানৰ দায়িত্ব গ্রহণ কৰি জলে-স্থলে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিটো স্থানলৈকে গৈ পৰিস্থিতি পর্যবেক্ষণ কৰি নিজেই সকলো তদাৰক কৰিছে।


উল্লেখযোগ্য যে আজি বিয়লি ২-৪০ বজাত প্ৰধানমন্ত্ৰীগৰাকী আহিব লগীয়া বিশেষ বিমানখন লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'বহি। ইয়াৰ পাছত তেওঁ বিয়লি তিনি বজাত বিমান বন্দৰৰ নৱনির্মিত টার্মিনেল ভৱনটো উদ্বোধন কৰি এখন জনসভা সম্বোধন কৰিব। চৰকাৰী কাৰ্যসূচী ইমানতে সামৰি প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ। দলৰ কাৰ্যালয়লৈ আহোঁতে তেওঁ এক ৰ'ড শ্ব'টো অংশগ্রহণ কৰিব। অনাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা এই ৰ'ড শ্ব' বিশেষ লক্ষ্যণীয় হৈ পৰিছে।


মুখ্যমন্ত্ৰীৰ মতে, এই ৰ'ড শ্ব'ত জালুকবাৰীৰ পৰা বশিষ্ঠলৈকে পথৰ দুয়ো কাষে প্রায় এক লাখ লোক সমবেত হ'ব। সন্ধিয়া দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মিলিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব। ইফালে, ২১ ডিচেম্বৰৰ পুৱা ৮-৪৫ বজাত মহানগৰীৰ ফাঁচি বজাৰৰ সমীপত থকা গেটৱে' অব্ গুৱাহাটীত উপস্থিত হ'ব প্রধানমন্ত্ৰীগৰাকী।


ইয়াত উপস্থিত হৈ তেওঁ ব্ৰহ্মপুত্ৰত চৰাইদেউ নামৰ এখন জাহাজত ৰাজ্যৰ ৩৫গৰাকী শিক্ষার্থীৰ সৈতে 'পৰীক্ষা পে চর্চা' অনুষ্ঠানত অংশগ্রহণ কৰিব। তাৰ পাছত প্রায় ৯-৪৫ বজাত প্রধানমন্ত্রীয়ে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্রলৈ গৈ শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পাছতে তেওঁ নামৰূপলৈ বুলি ৰাওনা হ'ব। নামৰূপলৈ গৈ অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন কৰাৰ লগতে প্রধানমন্ত্রীয়ে তাত এখন জনসভাতো ভাষণ দিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ