--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মুম্বাই কংগ্ৰেছৰ সভানেত্রী বর্ষাই বি এম চিত কংগ্ৰেছৰ পতাকা উত্তোলনৰ দিশত কাম কৰিবলৈ অহ্বান জনায়। তেওঁ কয় যে বি এম চিৰ ২২৭খন আসনতেই প্রতিদ্বন্দ্বিতা কৰিবলৈ দলীয় কর্মীসকল প্রস্তুত হ'ব লাগে।

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত বিৰোধী মিত্ৰজোঁট মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনাই দেখা দিছে। কংগ্রেছে বৃহানমুম্বাই পৌৰ নিগমৰ (বি এম চি) নির্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ ইংগিত দিছে। শনিবাৰে কংগ্ৰেছৰ নেত্রী বর্ষা গাইকোৱাডে কয় যে দলটোৱে বি এম চিৰ নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ দিশত প্রস্তুতি চলাই আছে।


দলীয় কর্মীসকলৰ এখন সভাত মুম্বাই কংগ্ৰেছৰ সভানেত্রী বর্ষাই বি এম চিত কংগ্ৰেছৰ পতাকা উত্তোলনৰ দিশত কাম কৰিবলৈ অহ্বান জনায়। তেওঁ কয় যে বি এম চিৰ ২২৭খন আসনতেই প্রতিদ্বন্দ্বিতা কৰিবলৈ দলীয় কর্মীসকল প্রস্তুত হ'ব লাগে। উল্লেখযোগ্য যে ২০২৬ চনৰ জানুৱাৰীত বি এম চিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।


মুম্বাই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰোঁতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ লগতে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেশ চেন্নিথালা আৰু মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি হর্ষবর্ধন সাপকালো উপস্থিত আছিল। প্রণিধানযোগ্য যে শিৱ সেনা (উদ্ধৱ)ৰ মুৰব্বী উদ্ধৱ থাকৰে আৰু তেওঁৰ ভাতৃ, মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (এম এন এছ) ৰাজ থাকৰেই বি এম চিৰ নিৰ্বাচনত একেলগে অৱতীৰ্ণ হোৱাৰ সংকল্প লৈছে। আনহাতে, কংগ্ৰেছৰ এটা ফৈদ ৰাজ থাকৰেৰ এম এন এছ-বিৰোধী।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ