--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত সংঘটিত হৈছে এক আজৱ ঘটনা৷এজন বৃদ্ধৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ ইন্দোৰৰ এখন কেফেত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷এজন বৃদ্ধই তাত ছোৱালীয়ে ধূমপান কৰাক লৈ খঙত এই কাৰ্য কৰে বুলি জানিব পৰা গৈছে৷

মঙলবাৰে নিশা ভিতৰত কোনো নথকাৰ সময়ত লাছুদিয়া থানাৰ অধীনস্থ কেফেখনক লক্ষ্য কৰি লয় ৭০ বছৰীয়া ব্যক্তিজনে।আৰক্ষীয়ে জনোৱা মতে, ঠাইখন সম্পূৰ্ণৰূপে জ্বলি যোৱাত কেফেৰ মালিকৰ প্ৰায় ৪ লাখ টকা লোকচান হয়।

আৰক্ষীয়ে চিচিটিভি ফুটেজৰ জৰিয়তে চিনাক্ত কৰাৰ পাছতে জ্যেষ্ঠ নাগৰিকজনক আটক কৰি জিম্মাত লয়।অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ৰাজেশ দণ্ডোতিয়াই কয় যে অভিযুক্তই দূৰসংযোগ বিভাগৰ পৰা ইতিমধ্যে অৱসৰ লৈছে।

প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্তই কয় যে তেওঁ এই কেফেত ছোৱালীয়ে ধূমপান কৰাটো ভাল নাপায়, সেয়েহে তেওঁ খঙতে জুই লগাই দিয়ে। কিন্তু আৰক্ষী বিষয়াই কয় যে অভিযুক্তই বাৰে বাৰে নিজৰ বক্তব্য সলনি কৰি আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে অগ্নিসংযোগৰ সঠিক কাৰণ নিৰ্ণয় কৰিব পৰা যাব বুলি তেওঁলোকে জানিবলৈ দিয়ে।অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৩৬ ধাৰাত (ঘৰ ধ্বংস কৰাৰ উদ্দেশ্যেৰে জুই বা বিস্ফোৰক পদাৰ্থৰে দুষ্টামি) গোচৰ ৰুজু কৰা হৈছে।

আন এজন আৰক্ষী বিষয়াই জনোৱা মতে, কেফেৰ মালিকে তদন্তকাৰীক জনোৱা মতে, অভিযুক্তই যোৱা কেইবাদিনো ধৰি প্ৰতিষ্ঠানটোত ঘূৰি ফুৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু