--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত সংঘটিত হৈছে এক আজৱ ঘটনা৷এজন বৃদ্ধৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ ইন্দোৰৰ এখন কেফেত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷এজন বৃদ্ধই তাত ছোৱালীয়ে ধূমপান কৰাক লৈ খঙত এই কাৰ্য কৰে বুলি জানিব পৰা গৈছে৷

মঙলবাৰে নিশা ভিতৰত কোনো নথকাৰ সময়ত লাছুদিয়া থানাৰ অধীনস্থ কেফেখনক লক্ষ্য কৰি লয় ৭০ বছৰীয়া ব্যক্তিজনে।আৰক্ষীয়ে জনোৱা মতে, ঠাইখন সম্পূৰ্ণৰূপে জ্বলি যোৱাত কেফেৰ মালিকৰ প্ৰায় ৪ লাখ টকা লোকচান হয়।

আৰক্ষীয়ে চিচিটিভি ফুটেজৰ জৰিয়তে চিনাক্ত কৰাৰ পাছতে জ্যেষ্ঠ নাগৰিকজনক আটক কৰি জিম্মাত লয়।অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ৰাজেশ দণ্ডোতিয়াই কয় যে অভিযুক্তই দূৰসংযোগ বিভাগৰ পৰা ইতিমধ্যে অৱসৰ লৈছে।

প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্তই কয় যে তেওঁ এই কেফেত ছোৱালীয়ে ধূমপান কৰাটো ভাল নাপায়, সেয়েহে তেওঁ খঙতে জুই লগাই দিয়ে। কিন্তু আৰক্ষী বিষয়াই কয় যে অভিযুক্তই বাৰে বাৰে নিজৰ বক্তব্য সলনি কৰি আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে অগ্নিসংযোগৰ সঠিক কাৰণ নিৰ্ণয় কৰিব পৰা যাব বুলি তেওঁলোকে জানিবলৈ দিয়ে।অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৩৬ ধাৰাত (ঘৰ ধ্বংস কৰাৰ উদ্দেশ্যেৰে জুই বা বিস্ফোৰক পদাৰ্থৰে দুষ্টামি) গোচৰ ৰুজু কৰা হৈছে।

আন এজন আৰক্ষী বিষয়াই জনোৱা মতে, কেফেৰ মালিকে তদন্তকাৰীক জনোৱা মতে, অভিযুক্তই যোৱা কেইবাদিনো ধৰি প্ৰতিষ্ঠানটোত ঘূৰি ফুৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ