--°C
Loading...
Listen to Article
2 min read
80%
পাটনাঃ সাপে পৰিস্থিতিগত কাৰণত কেতিয়াবা  মানুহক কামোৰে। সময়ত চিকিৎসা নকৰালে বিষাক্ত সাপে কামোৰা লোক এজনৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। কিন্তু মানুহৰ কামোৰত সাপৰ মৃত্যু ঘটাৰ ঘটনা খুব কমেইহে ঘটে। শেহতীয়াকৈ সৰ্পই দংশন কৰা বিহাৰৰ এজন লোকে ওলোটাই দংশন কৰা সাপডালক ধৰি কামোৰ মৰাত সাপডালৰ মৃত্যু ঘটে। বিহাৰৰ  নভাদাৰ বাসিন্দা সন্তোষ লোহাৰ নামৰ এজন ব্যক্তিয়ে ৰে’লৱে লাইন স্থাপনৰ কামৰ অন্তত নিজৰ বেছ কেম্পত শুই থকা অৱস্থাত সাপে দংশন কৰে ।

সাপডালে লোকজনৰ হাতত দুবাৰকৈ দংশন কৰে।   ইয়াৰ পিছতে লোকজনে সাপডাল ধৰি কামোৰ বহুৱায়। ফলত সাপডালৰ  মৃত্যু  ঘটে। কেম্পত থকা আন লোকসকলে লোহাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।তেওঁ বৰ্তমান ৰজাউলী মহকুমা চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে। লোহাৰ দ্ৰুতগতিত সুস্থ হৈ উঠে  আৰু তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।  ইয়াৰ পূর্বে উত্তৰ প্রদেশৰ ফতেহপুৰৰ এজন লোকক প্রায় দুমাহত পাঁচবাৰকৈ  সাপে কামোৰাৰ ঘটনাই আনকি  চিকিৎসকসকলোকো আচৰিত কৰি তুলিছিল। 

সাপে কামোৰাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) দ্ৰুতভাৱে  চিকিৎসা কৰোৱাৰ পৰামৰ্শ দি আহিছে। সৰ্প দংশনত তাৎক্ষণিক চিকিৎসাই জটিলতা ৰোধ কৰে আৰু দীৰ্ঘদিনীয়া অক্ষমতা বা মৃত্যুৰ আশংকাও হ্ৰাস কৰে। চিকিৎসাৰ বাবে অপেক্ষা কৰি থাকোঁতে আক্ৰান্ত অংগটোক হৃদযন্ত্ৰৰ স্তৰৰ তলত ৰাখি  প্ৰথমিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে। ভুক্তভোগীক  খাবলৈ একো নিদিব আৰু বৰফ বা গৰম লগোৱাৰ পৰা বিৰত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ