--°C
Loading...
Listen to Article
2 min read
80%
পাটনাঃ সাপে পৰিস্থিতিগত কাৰণত কেতিয়াবা  মানুহক কামোৰে। সময়ত চিকিৎসা নকৰালে বিষাক্ত সাপে কামোৰা লোক এজনৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। কিন্তু মানুহৰ কামোৰত সাপৰ মৃত্যু ঘটাৰ ঘটনা খুব কমেইহে ঘটে। শেহতীয়াকৈ সৰ্পই দংশন কৰা বিহাৰৰ এজন লোকে ওলোটাই দংশন কৰা সাপডালক ধৰি কামোৰ মৰাত সাপডালৰ মৃত্যু ঘটে। বিহাৰৰ  নভাদাৰ বাসিন্দা সন্তোষ লোহাৰ নামৰ এজন ব্যক্তিয়ে ৰে’লৱে লাইন স্থাপনৰ কামৰ অন্তত নিজৰ বেছ কেম্পত শুই থকা অৱস্থাত সাপে দংশন কৰে ।

সাপডালে লোকজনৰ হাতত দুবাৰকৈ দংশন কৰে।   ইয়াৰ পিছতে লোকজনে সাপডাল ধৰি কামোৰ বহুৱায়। ফলত সাপডালৰ  মৃত্যু  ঘটে। কেম্পত থকা আন লোকসকলে লোহাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।তেওঁ বৰ্তমান ৰজাউলী মহকুমা চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে। লোহাৰ দ্ৰুতগতিত সুস্থ হৈ উঠে  আৰু তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।  ইয়াৰ পূর্বে উত্তৰ প্রদেশৰ ফতেহপুৰৰ এজন লোকক প্রায় দুমাহত পাঁচবাৰকৈ  সাপে কামোৰাৰ ঘটনাই আনকি  চিকিৎসকসকলোকো আচৰিত কৰি তুলিছিল। 

সাপে কামোৰাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) দ্ৰুতভাৱে  চিকিৎসা কৰোৱাৰ পৰামৰ্শ দি আহিছে। সৰ্প দংশনত তাৎক্ষণিক চিকিৎসাই জটিলতা ৰোধ কৰে আৰু দীৰ্ঘদিনীয়া অক্ষমতা বা মৃত্যুৰ আশংকাও হ্ৰাস কৰে। চিকিৎসাৰ বাবে অপেক্ষা কৰি থাকোঁতে আক্ৰান্ত অংগটোক হৃদযন্ত্ৰৰ স্তৰৰ তলত ৰাখি  প্ৰথমিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে। ভুক্তভোগীক  খাবলৈ একো নিদিব আৰু বৰফ বা গৰম লগোৱাৰ পৰা বিৰত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু