--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত স্নাতকোত্তৰ পৰ্যায়ৰ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা নীট পিজিৰ দিন ঘোষণা কৰিলে ব’ৰ্ডে। শুকুৰবাৰে চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে জনোৱা মতে অহা ১১ আগষ্টত এই  পৰীক্ষা অনুষ্ঠিত হ’ব। একে সময়তে জনোৱা হৈছে যে এই পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য ২৩ জুনত অনুষ্ঠিত হ’বলগীয়া আছিল NEET PG পৰীক্ষা। NEET UGৰ প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্কৰ বাবে  পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰই। এন টি এৰ অধীনত একাধিক পৰীক্ষাৰ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছতে   চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল।  

সতৰ্কতামূলক ব্যৱস্থা হিচাপে নীট পিজি পিছুৱাই দিয়া হৈছিল। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ২২ জুনৰ নিশা ১০ বজাৰ ভিতৰত এক অধিসূচনা প্ৰকাশ কৰিছিল আৰু তাত উল্লেখ কৰিছিল যে  সমগ্ৰ পৰীক্ষা ব্যৱস্থাৰ পুংখানুপুংখ পৰ্যালোচনাৰ অন্তত নতুন পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ’ব। কেৱল সেয়াই নহয় , শেহতীয়াকৈ কোৱা হৈছে যে পৰীক্ষাৰ মাত্ৰ ২ ঘণ্টাৰ আগতে প্ৰশ্নকাকত চূড়ান্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।  যাতে প্ৰশ্নকাকত ফাদিল হ’ব নোৱাৰে। আজি নীট পিজিৰ নতুন  তাৰিখ ঘোষণা কৰা হৈছে যদিও পৰীক্ষা আৰম্ভ হোৱাৰ দুঘণ্টা পূৰ্বে চূড়ান্ত প্ৰশ্নকাকত প্ৰস্তুত কৰা হ’ব নে নহয় সেই সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাটোৱে।

মন কৰিবলগীয়া যে নীট ইউ জি পৰীক্ষাত প্ৰশ্ন ফাদিল হোৱা বাবে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  । নীটৰ প্ৰশ্নকাকত ডাৰ্ক ৱেবত ফাদিল হোৱা বুলি খোদ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও স্বীকাৰ কৰিছে। এই প্ৰশ্ন ফাদিল প্ৰথমে বিহাৰতেই হৈছিল।   ইয়াৰ পিছত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাত দেখা গ’ল যে পৰীক্ষাত ৬৭ গৰাকীয়ে  শীৰ্ষ স্থান লাভ কৰে। কেৱল সেয়াই নহয়, একাংশ প্ৰাৰ্থীক অতিৰিক্ত নম্বৰো দিয়া হৈছে। বিতৰ্কই শিখৰত উপনীত হোৱাৰ লগে লগে চিবিআইয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে এই ঘটনাত বিহাৰৰ বাহিৰেও আন কেইবাখনো ৰাজ্যৰ পৰা বহুকেইজন লোকক  গ্ৰেপ্তাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু