--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত স্নাতকোত্তৰ পৰ্যায়ৰ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা নীট পিজিৰ দিন ঘোষণা কৰিলে ব’ৰ্ডে। শুকুৰবাৰে চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে জনোৱা মতে অহা ১১ আগষ্টত এই  পৰীক্ষা অনুষ্ঠিত হ’ব। একে সময়তে জনোৱা হৈছে যে এই পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য ২৩ জুনত অনুষ্ঠিত হ’বলগীয়া আছিল NEET PG পৰীক্ষা। NEET UGৰ প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্কৰ বাবে  পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰই। এন টি এৰ অধীনত একাধিক পৰীক্ষাৰ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছতে   চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল।  

সতৰ্কতামূলক ব্যৱস্থা হিচাপে নীট পিজি পিছুৱাই দিয়া হৈছিল। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ২২ জুনৰ নিশা ১০ বজাৰ ভিতৰত এক অধিসূচনা প্ৰকাশ কৰিছিল আৰু তাত উল্লেখ কৰিছিল যে  সমগ্ৰ পৰীক্ষা ব্যৱস্থাৰ পুংখানুপুংখ পৰ্যালোচনাৰ অন্তত নতুন পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ’ব। কেৱল সেয়াই নহয় , শেহতীয়াকৈ কোৱা হৈছে যে পৰীক্ষাৰ মাত্ৰ ২ ঘণ্টাৰ আগতে প্ৰশ্নকাকত চূড়ান্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।  যাতে প্ৰশ্নকাকত ফাদিল হ’ব নোৱাৰে। আজি নীট পিজিৰ নতুন  তাৰিখ ঘোষণা কৰা হৈছে যদিও পৰীক্ষা আৰম্ভ হোৱাৰ দুঘণ্টা পূৰ্বে চূড়ান্ত প্ৰশ্নকাকত প্ৰস্তুত কৰা হ’ব নে নহয় সেই সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাটোৱে।

মন কৰিবলগীয়া যে নীট ইউ জি পৰীক্ষাত প্ৰশ্ন ফাদিল হোৱা বাবে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  । নীটৰ প্ৰশ্নকাকত ডাৰ্ক ৱেবত ফাদিল হোৱা বুলি খোদ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও স্বীকাৰ কৰিছে। এই প্ৰশ্ন ফাদিল প্ৰথমে বিহাৰতেই হৈছিল।   ইয়াৰ পিছত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাত দেখা গ’ল যে পৰীক্ষাত ৬৭ গৰাকীয়ে  শীৰ্ষ স্থান লাভ কৰে। কেৱল সেয়াই নহয়, একাংশ প্ৰাৰ্থীক অতিৰিক্ত নম্বৰো দিয়া হৈছে। বিতৰ্কই শিখৰত উপনীত হোৱাৰ লগে লগে চিবিআইয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে এই ঘটনাত বিহাৰৰ বাহিৰেও আন কেইবাখনো ৰাজ্যৰ পৰা বহুকেইজন লোকক  গ্ৰেপ্তাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ