--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰত বিধানসভা নিৰ্বাচন কেতিয়া হ’ব? এয়া এতিয়া উপত্যকাটোৰ বহুতৰে মনত জাগি থকা এক প্ৰশ্ন। এই প্ৰশ্নৰ হয়তো সমিধান ওলাব শীঘ্ৰেই। অমৰনাথ যাত্ৰা শেষ হোৱাৰ পিছতে  কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ  সম্ভাৱনা আছে। এনে ইংগিত দিছে  বিজেপিৰ দলীয় সূত্ৰই ।  গৃহমন্ত্ৰী অমিত শ্বাহে দলটোৰ কাশ্মীৰৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। তাত তেওঁ ইংগিত দিয়ে  যে অমৰনাথ যাত্ৰাৰ পিছতে কাশ্মীৰৰ ভোটৰ দিন ঘোষণা কৰা হ’ব। একেদৰে শ্বাহে বিজেপি নেতাসকলক সাজু হ’বলৈও নিৰ্দেশ দিয়ে । উল্লেখ্য  অমৰনাথ যাত্ৰা ১৯ আগষ্টলৈকে চলিব।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  বিজেপিয়ে কোনো দলৰ  সৈতে মিত্ৰতা কৰিব নিবিচাৰে। লগতে  দলটোৱে জম্মু-কাশ্মীৰৰ নিৰ্বাচনত  কাকো মুখ্যমন্ত্ৰীৰ মুখ হিচাপে উপস্থাপন নকৰাৰো সম্ভাৱনা আছে। 

২০১৮ চনৰ নৱেম্বৰৰ পিছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত নহ’ল। ২০১৯ চনত কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰা হৈছিল। জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল – জম্মু-কাশ্মীৰ আৰু লাডাখ। যোৱা মে’ মাহত চৰকাৰে নিযুক্তি দিয়া এখন কমিটীয়ে প্রস্তুত কৰিছিল জম্মু-কাশ্মীৰ পুনৰ্গঠনৰ খচৰা৷ কেন্দ্ৰীয় চৰকাৰে সেই মাহৰ ২০ তাৰিখে অধিসূচনা জাৰি কৰি সেয়া  বলবৎ কৰিছিল। তেতিয়াৰে পৰাই এইবাৰ জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছিল।

তদুপৰি ৩৭০ অনুচ্ছেদ বাতিলৰ সৈতে জড়িত গোচৰত  ২৯ আগষ্টত উচ্চতম ন্যায়ালয়ে কৈছিল যে উপত্যকাটোত গণতন্ত্ৰৰ পুনৰুজ্জীৱিতকৰণ প্ৰয়োজনীয়। আদালতে কাশ্মীৰত  ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে বুলিও মন্তব্য কৰিছিল। । আদালতে লগতে কৈছিল যে কেতিয়া কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব   সেয়াও কেন্দ্ৰই স্পষ্ট কৰি দিব লাগে। সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ কোনো সময়সীমা এতিয়াও ঘোষণা কৰা নাই মোদী চৰকাৰে। অৱশ্যে আদালতে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি আশা কৰিছে বহুতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
Advertisement