--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰত বিধানসভা নিৰ্বাচন কেতিয়া হ’ব? এয়া এতিয়া উপত্যকাটোৰ বহুতৰে মনত জাগি থকা এক প্ৰশ্ন। এই প্ৰশ্নৰ হয়তো সমিধান ওলাব শীঘ্ৰেই। অমৰনাথ যাত্ৰা শেষ হোৱাৰ পিছতে  কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ  সম্ভাৱনা আছে। এনে ইংগিত দিছে  বিজেপিৰ দলীয় সূত্ৰই ।  গৃহমন্ত্ৰী অমিত শ্বাহে দলটোৰ কাশ্মীৰৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। তাত তেওঁ ইংগিত দিয়ে  যে অমৰনাথ যাত্ৰাৰ পিছতে কাশ্মীৰৰ ভোটৰ দিন ঘোষণা কৰা হ’ব। একেদৰে শ্বাহে বিজেপি নেতাসকলক সাজু হ’বলৈও নিৰ্দেশ দিয়ে । উল্লেখ্য  অমৰনাথ যাত্ৰা ১৯ আগষ্টলৈকে চলিব।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  বিজেপিয়ে কোনো দলৰ  সৈতে মিত্ৰতা কৰিব নিবিচাৰে। লগতে  দলটোৱে জম্মু-কাশ্মীৰৰ নিৰ্বাচনত  কাকো মুখ্যমন্ত্ৰীৰ মুখ হিচাপে উপস্থাপন নকৰাৰো সম্ভাৱনা আছে। 

২০১৮ চনৰ নৱেম্বৰৰ পিছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত নহ’ল। ২০১৯ চনত কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰা হৈছিল। জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল – জম্মু-কাশ্মীৰ আৰু লাডাখ। যোৱা মে’ মাহত চৰকাৰে নিযুক্তি দিয়া এখন কমিটীয়ে প্রস্তুত কৰিছিল জম্মু-কাশ্মীৰ পুনৰ্গঠনৰ খচৰা৷ কেন্দ্ৰীয় চৰকাৰে সেই মাহৰ ২০ তাৰিখে অধিসূচনা জাৰি কৰি সেয়া  বলবৎ কৰিছিল। তেতিয়াৰে পৰাই এইবাৰ জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছিল।

তদুপৰি ৩৭০ অনুচ্ছেদ বাতিলৰ সৈতে জড়িত গোচৰত  ২৯ আগষ্টত উচ্চতম ন্যায়ালয়ে কৈছিল যে উপত্যকাটোত গণতন্ত্ৰৰ পুনৰুজ্জীৱিতকৰণ প্ৰয়োজনীয়। আদালতে কাশ্মীৰত  ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে বুলিও মন্তব্য কৰিছিল। । আদালতে লগতে কৈছিল যে কেতিয়া কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব   সেয়াও কেন্দ্ৰই স্পষ্ট কৰি দিব লাগে। সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ কোনো সময়সীমা এতিয়াও ঘোষণা কৰা নাই মোদী চৰকাৰে। অৱশ্যে আদালতে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি আশা কৰিছে বহুতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু