--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশে দেশে বাঢ়িছে অস্থিৰতা। দেশে দেশে সৃষ্টি হৈছে অৰ্থনৈতিক সংকট। ভাৰতৰ চুবুৰীয়া পাকিস্তান, শ্ৰীলংকাৰ পৰা আৰম্ভ কৰি পেৰুলৈতে এনে সংকট এতিয়া বিয়পি পৰিছে। সাধাৰণ জনতাই এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে দেশে দেশে। দক্ষিণ আমেৰিকাৰ দেশখনত সৃষ্টি হোৱা সংকটৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰিবলগীয়া হৈছিল সান্ধ্য আইন। কিন্তু জনতাৰ প্ৰৱল প্ৰতিবাদৰ ওচৰত সেও মানি এতিয়া সান্ধ্য আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে দেশৰ শাসকীয় পক্ষই।

পেৰুৰ ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোৱে মঙলবাৰে ৰাজধানী লিমাত দেশখনৰ কংগ্ৰেছৰ সৈতে সংকট সম্পৰ্কীয় আলোচনাৰ পাছত কাৰ্ফিউ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ দেশখনৰ ৰাজধানীত জনগণৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে জাৰি কৰিছিল সান্ধ্য আইন। কিন্তু তাৰ পাছত জনগণৰ ক্ষোভৰ অধিক উদগীৰণ হ’বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত কাৰফিউ উঠাই লোৱাৰ কথা ঘোষণা কৰিবলগীয়া হয়। ‘আমি তাৎক্ষণিকভাৱে এই অচলতা (কাৰফিউ) আঁতৰ কৰিম। আমি পেৰুৰ লোকসকলক শান্ত হ'বলৈ আহ্বান জনাইছোঁ।’ দেশখনৰ বামপন্থী ৰাষ্ট্ৰপতিগৰাকীয়ে কংগ্ৰেছ সভাপতি মাৰিয়া ডেল কাৰমেন আলভাৰ সৈতে এই আহ্বান জনায়।

সোমবাৰে মাজনিশাৰ পৰা ৰাষ্ট্ৰপতিয়ে লিমা আৰু চুবুৰীয়া বন্দৰ চহৰ কাল্লাওত কাৰফিউ ঘোষণা কৰাৰ পাছত আৰক্ষী আৰু সৈন্য বাহিনীৰ লোকে ৰাজধানীৰ খালী ৰাস্তাবোৰত ব্যাপক হাৰত টহল দিয়া দেখিবলৈ পোৱা গৈছিল। চৰকাৰে বৰ্ধিত অৰ্থনৈতিক দুৰ্দশাৰ মাজত বৰ্ধিত ইন্ধন আৰু টোলৰ মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল যদিও এই দমনমূলক ব্যৱস্থাৰে প্ৰতিবাদ ৰোধ কৰাটো সম্ভৱপৰ হৈ নুঠিল।

শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে কাৰফিউৰ সমাপ্তিৰ কথা ঘোষণা কৰাৰ পাছতে কংগ্ৰেছৰ বাহিৰত আৰু ৰাজধানীৰ আন অংশত শ শ প্ৰতিবাদকাৰীয়ে উল্লাস প্ৰকাশ কৰা দেখিবলৈ পোৱা হৈছে। সংবাদ মাধ্যমত এই বিষয়ে প্ৰকাশ। শেহতীয়া দিনবোৰত আটাইতকৈ হিংসাত্মক প্ৰতিবাদ ৰাজধানীৰ পৰা বহু দূৰত সংঘটিত হোৱাৰ পাছতো লিমাত সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্তই বহুতকে আচৰিত কৰি তুলিছিল। বহুতৰ ওচৰত টেক্সী লোৱা বা তেওঁলোকৰ কামৰ স্থানলৈ খোজ কাঢ়ি যোৱাৰ বাহিৰে কোনো উপায় নাছিল। সাধাৰণ জীৱনযাত্ৰা ব্যাহত কৰি পেলাইছিল চৰকাৰৰ এই দমনমূলক সিদ্ধান্তৰ ফলত।

এই সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰা জনগণে আনকি ঘৰৰ ভিতৰত থাকিও কাহী বাকি বজাই প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল। এনে পৰিপ্ৰেক্ষিততে চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ বাধ্য হৈ পৰে। উল্লেখ্য যে, পেৰুত অৰ্থনৈতিক সংকটে এধিক জটিল ৰূপ ধাৰণ কৰিছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। যাৰ ফলত প্ৰতিবাদী গৈ উঠিছে জনগণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ