--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশে দেশে বাঢ়িছে অস্থিৰতা। দেশে দেশে সৃষ্টি হৈছে অৰ্থনৈতিক সংকট। ভাৰতৰ চুবুৰীয়া পাকিস্তান, শ্ৰীলংকাৰ পৰা আৰম্ভ কৰি পেৰুলৈতে এনে সংকট এতিয়া বিয়পি পৰিছে। সাধাৰণ জনতাই এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে দেশে দেশে। দক্ষিণ আমেৰিকাৰ দেশখনত সৃষ্টি হোৱা সংকটৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰিবলগীয়া হৈছিল সান্ধ্য আইন। কিন্তু জনতাৰ প্ৰৱল প্ৰতিবাদৰ ওচৰত সেও মানি এতিয়া সান্ধ্য আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে দেশৰ শাসকীয় পক্ষই।

পেৰুৰ ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোৱে মঙলবাৰে ৰাজধানী লিমাত দেশখনৰ কংগ্ৰেছৰ সৈতে সংকট সম্পৰ্কীয় আলোচনাৰ পাছত কাৰ্ফিউ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ দেশখনৰ ৰাজধানীত জনগণৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে জাৰি কৰিছিল সান্ধ্য আইন। কিন্তু তাৰ পাছত জনগণৰ ক্ষোভৰ অধিক উদগীৰণ হ’বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত কাৰফিউ উঠাই লোৱাৰ কথা ঘোষণা কৰিবলগীয়া হয়। ‘আমি তাৎক্ষণিকভাৱে এই অচলতা (কাৰফিউ) আঁতৰ কৰিম। আমি পেৰুৰ লোকসকলক শান্ত হ'বলৈ আহ্বান জনাইছোঁ।’ দেশখনৰ বামপন্থী ৰাষ্ট্ৰপতিগৰাকীয়ে কংগ্ৰেছ সভাপতি মাৰিয়া ডেল কাৰমেন আলভাৰ সৈতে এই আহ্বান জনায়।

সোমবাৰে মাজনিশাৰ পৰা ৰাষ্ট্ৰপতিয়ে লিমা আৰু চুবুৰীয়া বন্দৰ চহৰ কাল্লাওত কাৰফিউ ঘোষণা কৰাৰ পাছত আৰক্ষী আৰু সৈন্য বাহিনীৰ লোকে ৰাজধানীৰ খালী ৰাস্তাবোৰত ব্যাপক হাৰত টহল দিয়া দেখিবলৈ পোৱা গৈছিল। চৰকাৰে বৰ্ধিত অৰ্থনৈতিক দুৰ্দশাৰ মাজত বৰ্ধিত ইন্ধন আৰু টোলৰ মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল যদিও এই দমনমূলক ব্যৱস্থাৰে প্ৰতিবাদ ৰোধ কৰাটো সম্ভৱপৰ হৈ নুঠিল।

শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে কাৰফিউৰ সমাপ্তিৰ কথা ঘোষণা কৰাৰ পাছতে কংগ্ৰেছৰ বাহিৰত আৰু ৰাজধানীৰ আন অংশত শ শ প্ৰতিবাদকাৰীয়ে উল্লাস প্ৰকাশ কৰা দেখিবলৈ পোৱা হৈছে। সংবাদ মাধ্যমত এই বিষয়ে প্ৰকাশ। শেহতীয়া দিনবোৰত আটাইতকৈ হিংসাত্মক প্ৰতিবাদ ৰাজধানীৰ পৰা বহু দূৰত সংঘটিত হোৱাৰ পাছতো লিমাত সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্তই বহুতকে আচৰিত কৰি তুলিছিল। বহুতৰ ওচৰত টেক্সী লোৱা বা তেওঁলোকৰ কামৰ স্থানলৈ খোজ কাঢ়ি যোৱাৰ বাহিৰে কোনো উপায় নাছিল। সাধাৰণ জীৱনযাত্ৰা ব্যাহত কৰি পেলাইছিল চৰকাৰৰ এই দমনমূলক সিদ্ধান্তৰ ফলত।

এই সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰা জনগণে আনকি ঘৰৰ ভিতৰত থাকিও কাহী বাকি বজাই প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল। এনে পৰিপ্ৰেক্ষিততে চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ বাধ্য হৈ পৰে। উল্লেখ্য যে, পেৰুত অৰ্থনৈতিক সংকটে এধিক জটিল ৰূপ ধাৰণ কৰিছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। যাৰ ফলত প্ৰতিবাদী গৈ উঠিছে জনগণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল