--°C
Loading...
Listen to Article
2 min read
80%
পৌৰ নিৰ্বাচনৰ লক্ষ্যণীয় দিশ-

ৰাজ্যৰ সংসদীয় ৰাজনীতিত আনুষ্ঠানিক প্ৰৱেশ অসম জাতীয় পৰিষদৰ

অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীৰ অসমৰ ৰাজনীতিত উপস্থিতি ঘোষণা

bfc2 ডিজিটেল ডেস্ক: বিগত বৰ্ষত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনৰ পাছত এইবেলিৰ পৌৰ নিৰ্বাচনৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈ আছিল অসমবাসীৰ৷ ৰাজ্যৰ পৌৰসভা দখল কৰিবলৈ পৌৰ নিৰ্বাচনত জঁপিয়াই পৰিছিল শাসকীয় বিজেপি, বিৰোধী অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আম আদমী পাৰ্টি, কংগ্ৰেছ আৰু এআইইউডিএফ৷ আৰু আজি ঘোষিত ফলাফলত বিৰোধীৰ সকলো জল্পনা-কল্পনাক নস্যাৎ কৰি ৰাজ্যৰ মুঠ ৯৭৭টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ মিত্ৰজোঁটে লাভ কৰে ৮০৭টা ৱাৰ্ড৷ কংগ্ৰেছ দলে লাভ কৰে ৭১টা ৱাৰ্ড৷ অসম জাতীয় পৰিষদে লাভ কৰে সাতটা ৱাৰ্ড৷ ৰাইজৰ দলে লাভ কৰে ছয়টা ৱাৰ্ড৷ আৰু আম আদমী পাৰ্টীৰ দুটা ৱাৰ্ডকে ধৰি অন্যান্য বিৰোধীয়ে দখল কৰে ৯৯টা ৱাৰ্ড৷ লক্ষ্যণীয়ভাৱে, এইবেলিৰ পৌৰ নিৰ্বাচনৰ জৰিয়তেই ৰাজ্যৰ সংসদীয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিলে অসম জাতীয় পৰিষদে৷ অসম বিধানসভাত এজনো বিধায়ক নথকা দলটোৱে লাভ কৰিলে সাতটা ৱাৰ্ড৷ একেদৰে দুটা ৱাৰ্ড দখলেৰে ৰাজ্যৰ ৰাজনীতিত উপস্থিতি ঘোষণা কৰিলে আম আদমী পাৰ্টীয়েও৷ কিন্তু, আজি ফলাফল ঘোষণাৰ দিনটোত চৰ্চালৈ আহিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এটা বিশেষ ফেচবুক পোষ্ট৷ আজি বিজেপিৰ বৃহৎ জয়ৰ দুদিন পূৰ্বেই হুবহু অনুমান কৰিছিল অখিল গগৈয়ে৷ অখিল গগৈয়ে বিশ্লেষণ কৰি দেখুৱাইছিল বিজেপিৰ ষ্ট্ৰেটেজী আৰু বিৰোধীৰ দোষ-দুৰ্বলতাক৷
কি লিখিছিল অখিল গগৈয়ে ?
৭ ফেব্ৰুৱাৰী, সোমবাৰ ৷ বিয়লি চাৰে চাৰি বজাত সেই বিশেষ আপডেট তেওঁৰ অফিচিয়েল ফেচবুক পেজত পোষ্ট কৰিছিল অখিল গগৈয়ে৷ ‘পৌৰসভা নিৰ্বাচনৰ অভিজ্ঞতা’ শীৰ্ষক এক বৰ্ণনাত্মক পোষ্টত বিধায়ক অখিল গগৈয়ে লিখিছিল এনেদৰে--
‘যোৱা কেইবাদিনো পৌৰসভা নিৰ্বাচনৰ বাবে ব্যস্ত আছিলোঁ।যথেষ্ট অভিজ্ঞতা হ’ল। বিধানসভাৰ নিৰ্বাচনত শিৱসাগৰ নগৰত আমি পাঁচটা ৱাৰ্ডত জয়ী হৈছিলোঁ, বিজেপি জিকিছিল ৯টাত। গতিকে পৰাজয়ৰ অভিজ্ঞতাৰে যুঁজত নামিছিলোঁ৷ চাৰিওফালৰ পৰা বিজেপিৰে সুবিধা আছিল অনেক। নিৰ্বাচনী অভিজ্ঞতাইহে শিকালে যে বিজেপিৰ বাবে শিৱসাগৰ নগৰৰ জনগাঁথনি সুচল। সাম্প্ৰদায়িক আৰু বৰ্ণবাদী ৰাজনীতি বিজেপিৰ মূল নিৰ্বাচনী ৰণনীতি বুলি বুজি উঠিলোঁ। লগতে ভ্ৰান্তভাৱে হ’লেও উন্নয়নক নিৰ্বাচনী কৌশল হিচাপে ব্যৱহাৰ কৰে। নগৰখনৰ বেছিভাগ ৱাৰ্ডৰ জনসংখ্যা বাঙালীভাষী, হিন্দীভাষী আৰু উচ্চ বৰ্ণ হিন্দু ভাষিক অসমীয়াৰে গঠিত।নিৰ্বাচনী অভিজ্ঞতাই শিকালে, নগৰসমূহ বিজেপিৰ ৰাজনীতিৰ বাবে সুচল। ওপৰত উল্লেখ কৰা জনসংখ্যামণ্ডলী বিজেপিৰ পৰম্পৰাগত ভোটাৰ বুলি এইবাৰহে বুজিলোঁ। (কিন্তু দৃঢ়তাৰে কওঁ, তাতো ব্যতিক্ৰম আছে। সেই পৰম্পৰাগত ভোটাৰৰ মাজত আমাৰো দৃঢ় স্থিতি গঢ়ি উঠিছে।) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমে তৈয়াৰ কৰি দিয়া ইমেজেও প্ৰভাৱ পেলায়৷ বিজেপিৰ সাংগঠনিক শক্তিও চমৎকাৰ। বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ শক্তি দুটা আছিল: শাসক দল হিচাপে থকা সুবিধাসমূহ আৰু বিস্তৰ ধন। বিজেপিয়ে টকাৰ ঢল বোৱাই দিছিল। শাসক দল হিচাপে নিৰ্বাচন আয়োগক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিছিল। ৰাইজৰ দলৰ পোষ্টাৰ-বেনাৰসমূহ ফালি যায়, বিজেপিৰবোৰ অক্ষত থাকে। মুকলিকৈ বিজেপিয়ে ধন বিতৰণ কৰে, মদ বিলায়, মাংস বিলায়, ভোজ ভাত খুৱায়। ভাবুকি আৰু প্ৰলোভন আছিল বিজেপিৰ বাবে তেনেই সাধাৰণ কথা। ৰেচন কাৰ্ড কাটি দিয়া, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কাটি দিয়া, অৰুণোদয়ৰ পৰা নাম কৰ্তন তেনেই সাধাৰণ ভাবুকি। বিৰোধীৰ দ্বাৰা নিৰ্বাচনী বিষয়াসকলক কোনো কথা কৈ বিশেষ ফল পোৱা নাযায়৷ মই দুটা বিষয়ত বিজেপিক প্ৰশংসা কৰো: ১) তেওঁলোকৰ শক্তিশালী সংগঠন৷ ২) তেওঁলোকৰ ছিৰিয়াচনেচ। শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰত বহি লোৱা নেতাসকলৰ তালিকাখন চালেই তেওঁলোকৰ ছিৰিয়াচনেচ ধৰিব পাৰি। কোন যোৱা নাছিল প্ৰচাৰলৈ? পীযুষ হাজৰিকা, ৰণোজ পেগু, বিমল বৰা, যোগেন মহন, কেশৱ মহন্ত ,সভাপতি ভৱেশ কলিতা, তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা ইত্যাদি। তাৰ বিপৰীতে ৰাইজৰ দলৰ ভাষণ দিয়া মানুহ আছিলোঁ দুজন: মই আৰু জ্ঞানশ্ৰী। বিৰোধীৰ নিৰ্বাচনৰ প্ৰতি ছিৰিয়াচনেচৰ অভাৱ জলজল পটপট। সংবাদ মাধ্যমো বিজেপিৰ লগত! যুঁজখন আছিল ডেভিড আৰু গুলিয়াথৰ মাজত। আমি নেতিবাচক প্ৰচাৰৰ পৰা আঁতৰত আছিলোঁ। কেৱল আমাৰ কৰ্মসূচীৰ কথাহে কৈছিলোঁ। আধুনিক নগৰ এখন তৈয়াৰ কৰাৰ সপোনৰ কথা কৈছিলোঁ।লগত আছিল বিধায়ক হিচাপে মোৰ কাম-কাজৰ খতিয়ান। ধনৰ অভাৱত ডাঙৰ সমাৱেশ আৰু ৰেলী বৰ্জন কৰিছিলোঁ। সময়ৰ অভাৱত সকলোকে সাক্ষাতো কৰিব পৰা নাছিলোঁ৷ আমাৰ আটাইতকৈ ডাঙৰ শক্তি আছিল নিস্বাৰ্থৱান কৰ্মীসকল। কৰ্মীসকলৰ হাতত সময়ত চাহ-ভাত খাবলৈ দুটকা তুলি দিব নোৱৰাটো আছিল গভীৰ বেদনা; কিন্তু কৰ্মীসকল আৰু নেতাসকল বিচলিত হোৱা নাছিল। আমাৰ সকলোবোৰ দুৰ্বলতা আৰু সীমাৱদ্ধতাৰ পাছতো গৌৰৱেৰে কওঁ - আমি ভালকৈ এঘড়ী যুঁজিছোঁ৷ ফলাফল ইভিএমত বন্দী। বৃহৎ সংখ্যক নাগৰিকৰ মৰম আৰু অকৃত্ৰিম সাদৰে আমাক অধিক দায়ৱদ্ধ কৰিলে। আমাৰ প্ৰতি সকলো ধৰ্ম, বৰ্ণ,ভাষাৰ জনতাৰ সদিচ্ছা আৰু আস্হা দেখি মন ডাঠ হৈছে। পাৰিম বুলি প্ৰত্যয় গৈছোঁ। আপোনালোক সকলোৰে পৰা সৰু দল এটাৰ বাবে নিৰ্বাচনী পৰামৰ্শ বিচাৰিলোঁ। জয় আই অসম।’ এয়া আছিল নিৰ্বাচনী ফলাফলৰ দুদিন পূৰ্বে কৰা অখিল গগৈৰ ভৱিষ্যদ্বাণী৷ একপ্ৰকাৰ অখিল গগৈয়ে পূৰ্বতেই নিশ্চিত আছিল এই ফলাফলৰ বাবে৷ যিহেতু ৰাজ্যত চৰকাৰ চলি থকাৰ সময়ত এনেকুৱা নিৰ্বাচনবোৰৰ জনাদেশ সাধাৰণতে শাসক দলৰ পক্ষতে হোৱা দেখা যায়৷ তৎস্বত্ত্বেও ৰাইজৰ দল , অসম জাতীয় পৰিষদৰ দৰে দুটা নতুন আঞ্চলিক দলে সমুখৰ পৰা বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামি পৰাতোৱেই ৰাজ্যৰ ভৱিষ্যতৰ ৰাজনীতিলৈ এক বাৰ্তা কঢ়িওৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক’ব খোজে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
শ্রেণীকোঠাত সংযোজন কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড, প্ৰযুক্তিৰ দিশত দেশৰ ভিতৰতে নতুন খোজ কানৈ মহাবিদ্যালয়ৰ
৪ মাহত দেশত ৯৪০০ হোৱাটছ এপ একাউন্ট নিষিদ্ধ, 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰে জড়িত
আজি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ৫৯৪ কিঃমিঃ দৈৰ্ঘৰ গংগা এক্সপ্ৰেছৱে'
সোণ-ৰূপ নহয়, কইনাৰ ওচৰত 'মাটিৰ চৌকা'ৰ দাবী! উত্তৰ প্ৰদেশৰ বিয়াত দৰাৰ অনন্য চৰ্ত
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ