--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰথমখন তালিকা য’ত সাবিত্ৰী জিন্দলৰ নাম নাছিল। ইয়াৰ পিছতে সাবিত্ৰী জিন্দলে ল’লে এটা ডাঙৰ সিদ্ধান্ত। সাবিত্ৰী জিন্দলে সিদ্ধান্ত লৈছে যে এতিয়া তেওঁ হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। আচলতে সাবিত্ৰী জিন্দলে বিজেপিৰ টিকটত হিছাৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল কিন্তু বিজেপিয়ে তেওঁক টিকট নিদিলে। ইয়াৰ পিছত তেওঁ নিৰ্দলীয় হিচাপে নিৰ্বাচনত নমাৰ হোৱাৰ সিদ্ধান্ত লৈছে। 

বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা টিকট নোপোৱাৰ সন্দৰ্ভত সাবিত্ৰী জিন্দালে কয়, ‘মই বিজেপিৰ সদস্য নহয়। হিছাৰবাসীয়ে যি কয় মই কৰিম। মই নিশ্চিতভাৱে হিছাৰ সেৱা কৰিবলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। মই লোকসভা নিৰ্বাচনলৈ গৈছিলোঁ কেৱল মোৰ পুত্ৰৰ প্ৰচাৰৰ বাবে। মই কেতিয়াও বিজেপি দলত যোগদান কৰা নাছিলো।’

হাৰিয়ানাত টিকট বিতৰণৰ পিছতেই বিজেপিৰ বহু বৃহৎ নেতাই পদত্যাগ কৰিছে। বিজেপিৰ প্ৰথমখন তালিকা ওলোৱাৰ পাছত ৰতিয়া আসনৰ পৰা বিজেপিৰ বিধায়ক লক্ষ্মণ নপাই বিজেপিক বিদায় দিয়ে। ৰতিয়া আসনৰ পৰা টিকট নোপোৱাৰ বাবে দলৰ ওপৰত ক্ষুব্ধ হৈ বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। এই আসনৰ বাবে বিজেপিৰ প্ৰাক্তন সাংসদ সুনীতা দুগ্গলক টিকট দিয়া হৈছে। একে সময়তে হিছাৰ জিলা বিজেপিৰ সম্পাদক মহামণ্ডলেশ্বৰ দৰ্শন গিৰি মহাৰাজেও নিজৰ পদ আৰু দলৰ প্ৰাথমিক সদস্যপদ আৰু অন্যান্য সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে।


কেবিনেট মন্ত্ৰী ৰঞ্জিত সিং চৌটালাইও পদৰ পৰা বিদায় লয়। ৰনিয়াত টিকটৰ পৰা বঞ্চিত হোৱা বাবে পাৰ্টিৰ ওপৰত খং উঠিল তেওঁৰ। পদত্যাগ কৰাৰ পিছত ৰঞ্জিত সিং চৌটালাই কয় যে ‘যিকোনো মূল্যৰ বিনিময়ত ৰণিয়া বিধানসভাৰ পৰা নিৰ্বাচনত নামিম। বিজেপিয়ে মোক ডাবৱালীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ দিছিল, কিন্তু মই নাকচ কৰিলোঁ।’

তেওঁ ক’লে যে ‘মই এটা ৰোড শ্ব’ দেখুৱাই মোৰ শক্তি প্ৰদৰ্শন কৰিম। মই আন কোনো দলৰ পৰা বা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুঁজিলেও নিশ্চিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ