--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতা আৰ জি কৰ হস্পিতালত সংঘটিত ধৰ্ষণ-হত্যাৰ গোচৰত পোহৰলৈ আহিছে এটা ৰহস্যজনক তথ্য । তেতিয়াৰ অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ এখন পত্ৰ পোহৰলৈ আহিছে, য’ত ঘোষে পিডব্লিউডিক সকলো বিভাগৰ চিকিৎসকৰ কোঠা মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিবলৈ কৈছিল।

সন্দীপ ঘোষৰ এই চিঠিখনত বহু কথা প্ৰকাশ পাইছে। যোৱা ৮-৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চেমিনাৰ হলত ​​মহিলা চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। পত্ৰখনৰ মতে, সন্দীপ ঘোষে এই পত্ৰখন পিডব্লিউডিলৈ লিখিছিল এই কাণ্ডৰ দুদিন পিছত অৰ্থাৎ ১০ আগষ্টত।


চিঠিখনত সন্দীপ ঘোষে পি ডব্লিউ ডিক আৰ জি কৰ চিকিৎসালয়খনৰ সকলো বিভাগতে কৰ্তব্যৰত চিকিৎসকৰ কোঠা মেৰামতিৰ লগতে সংস্কাৰ আৰু পুনৰ নিৰ্মাণ কৰিবলৈও কৈছিল। সমগ্ৰ দেশক জোকাৰি যোৱা এই ঘটনাৰ পিছত আৰ জি কৰ হস্পিতালৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল , য’ত চেমিনাৰ হলৰ ওচৰৰ এটা কোঠা পুনৰ নিৰ্মাণ কৰা হয়। কিন্তু পিছত এই হুলস্থুলৰ পিছত এই কাম বন্ধ হৈ পৰে। এই বিষয়ত চিকিৎসালয়খনৰ তদানীন্তন অধ্যক্ষ সন্দীপ ঘোষৰ ওপৰত প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে।

ঘটনাৰ পিছতে সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰাত তেওঁৰ মুখেৰে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত সঞ্জয় ৰায়ে কি কৰিলে এনেধৰণৰ বহু প্ৰশ্নৰ সৈতে দোধোৰ মাধোৰত পৰিছে আৰক্ষী । জেৰাৰ অন্তত পোহৰলৈ অহা তথ্য অনুসৰি ঘটনাৰ পিছতে সঞ্জয় ৰায় টোপনি গৈছিল। ১০ আগষ্টৰ ৰাতিপুৱা সাৰ পাই আকৌ মদ খাই পুনৰ শুই থাকে। আৰক্ষীক সন্দেহ মৰ্মে লগে লগে চিকিৎসালয়খনৰ চেমিনাৰ হলৰ আশে-পাশে থকা সকলো চিচিটিভি ফুটেজ নিৰীক্ষণ চলায়। সঞ্জয় ৰায়ৰ কাৰ্যকলাপৰ সমান্তৰালকৈ এই ফুটেজসমূহত আন লোককো চিনাক্ত কৰা হ’ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু