--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতা আৰ জি কৰ হস্পিতালত সংঘটিত ধৰ্ষণ-হত্যাৰ গোচৰত পোহৰলৈ আহিছে এটা ৰহস্যজনক তথ্য । তেতিয়াৰ অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ এখন পত্ৰ পোহৰলৈ আহিছে, য’ত ঘোষে পিডব্লিউডিক সকলো বিভাগৰ চিকিৎসকৰ কোঠা মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিবলৈ কৈছিল।

সন্দীপ ঘোষৰ এই চিঠিখনত বহু কথা প্ৰকাশ পাইছে। যোৱা ৮-৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চেমিনাৰ হলত ​​মহিলা চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। পত্ৰখনৰ মতে, সন্দীপ ঘোষে এই পত্ৰখন পিডব্লিউডিলৈ লিখিছিল এই কাণ্ডৰ দুদিন পিছত অৰ্থাৎ ১০ আগষ্টত।


চিঠিখনত সন্দীপ ঘোষে পি ডব্লিউ ডিক আৰ জি কৰ চিকিৎসালয়খনৰ সকলো বিভাগতে কৰ্তব্যৰত চিকিৎসকৰ কোঠা মেৰামতিৰ লগতে সংস্কাৰ আৰু পুনৰ নিৰ্মাণ কৰিবলৈও কৈছিল। সমগ্ৰ দেশক জোকাৰি যোৱা এই ঘটনাৰ পিছত আৰ জি কৰ হস্পিতালৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল , য’ত চেমিনাৰ হলৰ ওচৰৰ এটা কোঠা পুনৰ নিৰ্মাণ কৰা হয়। কিন্তু পিছত এই হুলস্থুলৰ পিছত এই কাম বন্ধ হৈ পৰে। এই বিষয়ত চিকিৎসালয়খনৰ তদানীন্তন অধ্যক্ষ সন্দীপ ঘোষৰ ওপৰত প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে।

ঘটনাৰ পিছতে সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰাত তেওঁৰ মুখেৰে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত সঞ্জয় ৰায়ে কি কৰিলে এনেধৰণৰ বহু প্ৰশ্নৰ সৈতে দোধোৰ মাধোৰত পৰিছে আৰক্ষী । জেৰাৰ অন্তত পোহৰলৈ অহা তথ্য অনুসৰি ঘটনাৰ পিছতে সঞ্জয় ৰায় টোপনি গৈছিল। ১০ আগষ্টৰ ৰাতিপুৱা সাৰ পাই আকৌ মদ খাই পুনৰ শুই থাকে। আৰক্ষীক সন্দেহ মৰ্মে লগে লগে চিকিৎসালয়খনৰ চেমিনাৰ হলৰ আশে-পাশে থকা সকলো চিচিটিভি ফুটেজ নিৰীক্ষণ চলায়। সঞ্জয় ৰায়ৰ কাৰ্যকলাপৰ সমান্তৰালকৈ এই ফুটেজসমূহত আন লোককো চিনাক্ত কৰা হ’ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ